Home Main Stories কামপুৰ, কচুৱাৰ বান পৰিস্থিতি জটিল, ভলভলীয়া গাঁৱৰ মথাউৰিৰে নিগৰিছে পানী, প্ৰশাসনৰ সতৰ্কবাণী...

কামপুৰ, কচুৱাৰ বান পৰিস্থিতি জটিল, ভলভলীয়া গাঁৱৰ মথাউৰিৰে নিগৰিছে পানী, প্ৰশাসনৰ সতৰ্কবাণী : বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

276
0


ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ১৬ মে’: নগাঁও জিলাৰ কামপুৰ আৰু কচুৱাৰ পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপধাৰণ কৰিছে৷ তৃতীয় দিনাও বানে জটিল ৰূপধাৰণ কৰাত নৈপৰীয়া ৰাইেজ শংকাত সময় অতিবাহিত কৰিব লগা হৈছে৷ কপিলী নদীৰ বাঢ়নী পানীয়ে বৰ্তমানলৈকে প্ৰায় ৩০খনকৈ গাঁও বুৰাই পেলোৱাৰ লগতে পশুধনৰ ব্যাপক ক্ষতিসাধন কৰিছে৷ কালি দুটাকৈ মথাউৰি ভাগি বিস্তীৰ্ণ অঞ্চল প্লাৱিত কৰাৰ পিছত যোৱানিশাৰ পৰা ভলভলীয়া গাঁৱৰ মথাউৰিৰে পানী নিগৰাত এই মথাউৰিটো যিকোনো মুহূৰ্ততে ভাগি যোৱাৰ শংকাত গঞা ৰাইজে ত্ৰাহিমধুসূদন সুঁৱৰিছে৷ আজি স্থানীয় প্ৰশাসনে মথাউৰিয়েদি সকলোধৰণৰ আহ-যাহ বন্ধ কৰাৰ লগতে নৈপৰীয়া ৰাইজক সতৰ্ক হৈ থাকিবলৈ মাইকযোগে আহ৩ান জনায়৷ আজি অসমৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু বিভাগীয় বিষয়াসকলক লগত লৈ বানবিধ্বস্ত অঞ্চলসমূহ পৰিভ্ৰমণ কৰি কামপুৰ আৰু কচুৱাৰ বান পৰিস্থিতি জটিল বুলি মন্তব্য কৰে৷ মন্ত্ৰীগৰাকীয়ে ভলভলীয়া গাঁৱৰ মথাউৰিটো নিৰ্মাণৰ বাবে ২০ কোটি টকা অনুমোদন কৰা হৈছে বুলি উল্লেখ কৰি বাৰিষাৰ পিছতে মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে অন্য ভগ্ন মথাউৰিসমূহো পুনৰ নিৰ্মাণৰ আশ্বাস প্ৰদান কৰে বানবিধবস্ত ৰাইজক৷ মন্ত্ৰীগৰাকীয়ে অঞ্চলকেইটাৰ বান পৰিস্থিতিৰ বুজ লোৱাৰ সময়ত বানবিধবস্ত ৰাইজক শীঘ্ৰে বান-সাহায্য প্ৰদান হ’ব বুলি বানাক্ৰান্ত ৰাইজক আশ্বাস প্ৰদান কৰে৷ উল্লেখ্য যে এইবাৰ কপিলী নদীৰ বাঢ়নী পানীৰ ফলত প্ৰায় ৩০খনকৈ গাঁৱৰ গাঁওবাসী জলবন্দী হোৱাৰ উপৰি পশুধনৰ ব্যাপক ক্ষতি হোৱাৰ লগতে দুখীয়া কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা হাজাৰ হাজাৰ বিঘা বৰো ধানৰ খেতি নষ্ট হোৱাত দুখীয়া কৃষক ৰাইজে মূৰে-কপালে হাত দিব লগা হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here