Home স্থানীয় অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ চিংল পথাৰৰ হাবিত ভয়ংকৰ অগ্নিকাণ্ড: বন বিভাগৰ ব্যৰ্থতাৰ বাবে...

অভয়পুৰ সংৰক্ষিত বনাঞ্চলৰ চিংল পথাৰৰ হাবিত ভয়ংকৰ অগ্নিকাণ্ড: বন বিভাগৰ ব্যৰ্থতাৰ বাবে চাৰিদিন ধৰি নিৰ্বাপিত হোৱা নাই জুই

397
0

গণ বাৰ্তা, অভয়পুৰ, ১১ মাৰ্চ: চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তত অৱস্থিত অভয়পুৰ সংৰক্ষিত বনাঞ্চলত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই চাৰিদিন অতিক্ৰম কৰিলে যদিও আজিলৈকে অগ্নি নিৰ্বাপিত হোৱা নাই। চিংল’পথাৰৰ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি চিংল’পথাৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা স্থলীত সিপাৰে নগালেণ্ডৰ লোকে বাস কৰে। ইয়াৰ পৰিপ্ৰেক্ষিতত নগালেণ্ডৰ পাহাৰত জুম খেতি কৰিবলৈ পাহাৰৰ হাবি কাটি জ্বলাই দিয়াৰ ফলত নগালেণ্ডৰ গাতে লাগি থকা অভয়পুৰ সংৰক্ষিত বনাঞ্চললৈ জুই বিয়পি পৰাৰ সন্দেহ কৰা হৈছে। প্ৰথম অৱস্থাত সোমবাৰে দিনৰ ভাগত হাবিৰ মাজত ধোঁৱা দেখা গৈছিল যদিও নিশালৈ জুই পোহৰ পৰিলক্ষিত হোৱাত স্থানীয় লোকে বন বিভাগক খবৰ দিয়ে আৰু পৰৱৰ্তী সময়ত বনকৰ্মী আহি উপস্থিত হয় ঘটনা স্থলীত। কিন্ত, বনাঞ্চলৰ বিস্তৃৰ্ণ এলেকাত ইতিমধ্যে জুই বিয়পি পৰাত জুই নিৰ্বাপনৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে বন বিভাগৰ তৰফৰপৰা৷ ইফালে বনাঞ্চলখনত জুই জ্বলি থকাৰ ফলত  সীমান্তৱৰ্তী  চিংল পথাৰৰ ৰাইজ  আতংকিত হৈ পৰিছে। আনহাতে, সংৰক্ষিত বনাঞ্চলখনত  নগা দুষ্কৃতিকাৰীয় জুই লগাই দিয়াৰ খবৰ পোৱাৰ পাছত বিগত দুটা দিনত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ছিংল’ পথাৰ গাওঁত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বন বিভাগক জুই নুমোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে যদিও আজিলৈকে জুই নুমোৱাবলৈ সক্ষম নহ’ল। যাৰ ফলত আজি পুনৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলা উপায়ুক্ত পল বৰুৱা, চৰাইদেউ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ লগতে এপিজিচিএলৰ সঞ্চালক অনুপ সিং ৰাজপুৰুহিত ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ পৰ্যবেক্ষণ কৰে। ইফালে, অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহন ঘটনাস্থলীলৈ আহে যদি অগ্নিকাণ্ড সংঘটিত হোৱা স্থানলৈ যাব পৰা ব্যৱস্থা নথকাত আধাবাটতে ৰৈ থাকিব লগীয়া হয়। আনহাতে সোণাৰিৰ মাইবেলাস্থিত আৰ্মি কেম্প, সোণাৰি আৰক্ষী তথা বন বিভাগৰ লোকসকল উপস্থিত হৈ জুই নুমোৱাবলৈ চেষ্টা চলাই যদিও পাহাৰীয়া এলেকাত হাবিৰ মাজত থকা দ’ গাঁত তথা বাঁহ গছত অগ্নি সংযোগ হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়াও জুই নুমোৱাবলৈ সক্ষম হোৱা নাই। মন কৰিবলগীয়া যে অভয়পুৰ সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা চাৰিদিন অতিক্ৰম কৰিলে যদিও কি কাৰণত এই কাণ্ড সংঘটিত হ’ল এই কথা  আজিলৈকে সদৰি কৰিব নোৱাৰিলে জিলা বন বিষয়াগৰাকীয়ে। তাৰ বিপৰীতে বন বিভাগে জুই নুমোৱাবলৈ সক্ষম হোৱা বুলি দায়সৰা মন্তব্য দিয়াহে পৰিলক্ষিত হয়। ইফালে, অভয়পুৰ সংৰক্ষিত বনাঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱা পাছতো বন বিভাগে বিষয়টো গুৰুত্ব সহকাৰে নোলোৱাটোৱে বন বিভাগৰ ব্যৰ্থতাকে সূচাইছে বুলি মন্তব্য কৰিছে বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।


LEAVE A REPLY

Please enter your comment!
Please enter your name here