নীলবাগান ২৮ ডিচেম্বৰ : হোজাই জিলাৰ ডবকা থানাৰ অন্তৰ্গত আব্দুল লতিফ নামৰ লোকজনৰ ঘৰত আজি দিনৰ ভাগত চাৰিজনীয়া এটি যুৱকৰ দলে সোণৰ আ অলংকাৰ চাফা কাৰৰ কথা কৈ প্ৰৱেশ কৰে আৰু পিছত সোন লৈ পলায়ন কৰেে৷ স্থানীয় ৰাইজে পিছত খেদি খেদি আটক কৰে চাৰিওকে৷ চাৰি প্ৰৱঞ্চকক সোধাপোচা কৰাত বিহাৰৰ পৰা অহা বুলি কোৱাত লগে লগে ৰাইজে ডবকা থানাত খবৰ দিয়ে৷ কাৰণ পুৰ্বেও সোণ চাফা কৰাৰ কথা কৈ প্ৰকৃত সোণ চুৰ কৰি নকল সোণ দি গৈছিল চক্ৰটোৱে৷ সেই লালসা এৰিব নোৱাৰি পুনৰ সোণৰ আ-অলংকাৰ বনাবলৈ গাঁৱত আজি প্ৰবেশ কৰিছিল চাৰি প্ৰবঞ্চকে৷ বিহাৰৰ পৰা আহি অসমত প্ৰৱেশ কৰি হোজাই জিলাত প্ৰবঞ্চকৰ জাল মেলিছিল প্ৰৱঞ্চক কেইটাক৷ আটক চাৰি প্ৰৱঞ্চক ক্ৰমে – বিহাৰৰ শিৱানী বজাৰৰ উমেশ শ্বাহ , ৰাজ মণ্ডলৰ সিৱজী সাহ, পদুমকীয়া গাঁৱৰ সুনিল কুমাৰ চনি আৰু শ্বিচানি বজাৰৰ যোগেন্দ্ৰ সাহ৷ অভিযোগ মতে, দীৰ্ঘ দিনৰ পৰা হোজাই জিলাৰ বিভিন্ন প্ৰান্তত এই প্ৰৱঞ্চক কেইটাই জাল পেলাই মহিলাৰ সোণৰ অলংকাৰ লুট কৰি নিছিল৷ বিগত দিনতো সোণৰ আ-অলংকাৰ চাফা কৰাৰ চলনাৰে ঘৰত প্ৰৱেশ কৰি প্ৰকৃত সোণ লৈ তামাৰে নিৰ্মাণ কৰি দি প্ৰকৃত সোণ লৈ পলায়ণ কৰিছিল প্ৰবঞ্চকৰ দলটোৱে। সম্প্ৰতি ডবকা থানাত আৰক্ষীয়ে বিহাৰৰ চাৰি সোণ চোৰৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে ৷ প্ৰশ্ন হয়- বিহাৰৰ পৰা আহি অসমত প্ৰৱঞ্চনাৰ জাল পেলোৱা এই চক্ৰটোৰ লগত এটা বৃহৎ চক্ৰ জড়িত হৈ থকাৰ সন্দেহ হৈছে৷ আৰক্ষীয়ে উপযুক্ত তদন্ত কৰিলে নিশ্চয় ওলাই পৰিব বুলি একাংশই মন্তব্য কৰিছে৷ ঘটনা সন্দৰ্ভত ডবকা থানাৰ আৰক্ষী বিষয়া অমৃত সিঙে তদন্ত আৰম্ভ কৰিছে৷