Home Main Stories মুছলপুৰত চাৰি জিলাৰ উপায়ুক্তৰে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা বিটিচিৰ মুখ্য কাৰ্যবাহীৰ

মুছলপুৰত চাৰি জিলাৰ উপায়ুক্তৰে ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা বিটিচিৰ মুখ্য কাৰ্যবাহীৰ

36
0

দীপাংকৰ বৰুৱা , মুছলপুৰ,২৬ মে’: বিটিআৰ অঞ্চলৰ ৰাইজৰ প্ৰতি দায়বদ্ধ নহয় বিপিএফ দলৰ পাৰিষদ সকল। ৰাইজৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰিবলৈ সদনত আলোচনা কৰিব লাগে যদিও বিপিএফৰ নিৰ্বাচিত প্ৰতিনিধি সকলে সদনত উপস্থিত নাথাকি ৰাইজৰ সমস্যাৰ পৰা আঁতৰি ফুৰিছে। এই মন্তব্য বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ। আজি বাক্সা জিলাৰ সদৰ মুছলপুৰত ক’ভিড পৰিস্থিত সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যে উপস্থিত হৈ বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয় ৷ তেওঁ লগতে কয় যে বিটিআৰৰ ৪০ টা সমষ্টিৰ ৩৫ লক্ষ জনসাধাৰণৰ বাবে সমানে কাম কৰি যাব বৰ্তমানৰ পৰিষদে ৷ ৰাইজৰ লগত জন প্ৰতিনিধি গৰাকীহে ৰাইজৰ প্ৰকৃত সেৱক ৷ ৰাজনীতি কৰিব লাগে সমাজৰ স্বাৰ্থত ৷ ব্যক্তিগত লাভালাভৰ বাবে হ’ব নালাগে বুলি কৈ বিপিএফৰ পাৰিষদ থকা সমষ্টিতো সমানেই উন্নয়ণ হ’ব বুলি কয় মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ বিপিএফ দলে ৰাইজৰ ভোট লৈ জিকি সদনলৈ নাহি সমষ্টিৰ জনসাধাৰণক প্ৰতাৰণা কৰিছে ৷ ই গনতন্ত্ৰৰ বাবে এক অশুভ ইংগিত ৷ একেৰাহে যদি চাৰি বাৰৰ বাবে বিৰোধী দল বিপিএফে সদনত অনুপস্থিত থাকিলে ৰাজ্যপাললৈ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাব বুলি কয় প্ৰমোদ বড়োৱে ৷ ইপিনে আজি বাক্সা জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ ভিডিঅ’ কনফাৰেন্স যোগে বিটিআৰৰ অন্তৰ্গত চাৰিখন জিলাৰ উপায়ুক্ত, স্বাস্থ্য যুটীয়া সঞ্চালকৰ লগতে স্বাস্থ্য বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ লগতো ক’ভিড পৰিস্থিতি সম্পৰ্কে মত-বিনিময় কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷ বিটিআৰৰ চাৰিখন জিলাৰ ভিতৰত ওডালগুৰিত পজিটিভিটীৰ হাৰ কিছু উদ্বেগজনক যদিও কোকৰাঝাৰ, চিৰাং আৰু বাক্সা জিলাৰ পজিটিভিটীৰ হাৰ কিছু পৰিমাণে কম বুলি মন্তব্য কৰি সকলো পক্ষকে ক’ভিড প্ৰটকল মানি চলিবলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷ আনহাতে বিটিআৰত পুনৰ সঘনাই অস্ত্ৰ উদ্ধাৰ সন্দৰ্ভত বড়োৱে কয় এয়া আমাৰ কাৰণে শুভ লক্ষণ নহয় ৷ আমি এক অস্ত্ৰমুক্ত সমাজ বিচাৰো ৷ এই ক্ষেত্ৰত সকলো অভিভাৱককো সন্তানৰ ক্ষেত্ৰত সচেতন হ’বলৈ আহ্বান জনায় বড়োৱে ৷ লগতে শীঘ্ৰে আলফা আৰু চৰকাৰৰ মাজত আলোচনাৰো পোষকতা কৰে প্ৰমোদ বড়োৱে ৷ ইয়াৰ পিচত মুখ্য কাৰ্যবাহী গৰাকীয়ে মুছলপুৰস্থিত ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ নিৰ্মাণৰত ১৭ খন বিচনাযুক্ত আই চি ইউ কক্ষ পৰিদৰ্শন কৰে ৷ চিকিৎসকৰ উপস্থিতি সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত প্ৰমোদ বড়োৱে চিকিৎসালয়ত কোনো চিকিৎসক ১০০ শতাংশ লোক উপস্থিত নাথাকিলেও ৬০ শতাংশ হ’লেও উপস্থিত থকাটো ভাল বুলি উল্লেখ কৰে ৷ পৰিদৰ্শন কালত মুখ্য কাৰ্যবাহী গৰাকীৰ লগত জিলা উপায়ুক্ত আয়ুস গাৰ্গ, আৰক্ষী অধীক্ষক ৰাজেন সিং, জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ডাঃ মবিদুৰ ৰহমান, ডিপিএম কৰুণা ব্ৰহ্ম, চিকিৎসালয়ৰ অধীক্ষক ডাঃ সুভাষ শৰ্মা, বিটিচিৰ কাৰ্যবাহী সদস্যদ্বয় ৰাকেশ ব্ৰহ্ম আৰু ঘনশ্যাম দাসো উপস্থিত থাকে ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here