Home বিনোদন বিগ বছ-১৩’ ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন

বিগ বছ-১৩’ ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন

163
0

নিউজ ডেস্ক, গণবাৰ্তা , ৩ ছেপ্তেম্বৰ: পঞ্চভূতত বিলীন বিগ বছ-১৩’ ৰ বিজেতা, অভিনেতা সিদ্ধাৰ্থ শুক্লা। যোৱা বৃহস্পতিবাৰে মৃত্যু হোৱা সুদৰ্শন অভিনেতা সিদ্ধাৰ্থ শুক্লাৰ শেষকৃত্য সম্পন্ন।পুৱা ১১ বজাত পৰিয়ালৰ লোকক চমজাই দিয়া হয় সিদ্ধাৰ্থৰ নশ্বৰ দেহ। উল্লেখ্য যে, হৃদ জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সিদ্ধাৰ্থ শুক্লাৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০ বছৰ। সিদ্ধাৰ্থৰ মৃত্যুত বলিউদত শোকৰ লহৰ।টেলিভিছনৰ অন্যতম জনপ্ৰিয় অভিনেতা আছিল শুক্লা। ‘বালিকা বধু’ত কৰা অভিনয়ৰ বাবে দৰ্শকৰ মাজত অতি জনপ্ৰিয় হৈ পৰিছিল শুক্লা। বিগ বছ’ ৰ ১৩ সংখ্যক সংস্কৰণৰ বিজেতা আছিল অভিনেতাগৰাকী। মৃত্যুৰ সময়ত তেওঁ মাতৃ আৰু দুগৰাকী ভগ্নীক এৰি থৈ গৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here