ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ৩ আগষ্ট: ‘মহিলা সবলীকৰণৰ উদ্দেশ্যে তেওঁলোকক আৰ্থিক দিশত সকাহ দিয়াৰ বাবে আমাৰ চৰকাৰে ২০২০ চনতে অৰুণোদয় নামৰ আভিলাষী আঁচনিখন হাতত লৈছে৷ এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ২০ লাখ মহিলা ইতিমধ্যে উপকৃত হৈছে৷ বিশেষকৈ মহিলাসকলৰ স্বাস্থ্য, শিক্ষা আদি দিশত উত্তৰণৰ ক্ষেত্ৰত অৰুণোদয় আঁচনিৰ ধনে নিশ্চিতভাৱে সহায় কৰিছে৷’– এই মন্তব্য ৰাজ্যৰ বিত্ত, সমাজ কল্যাণ আদি বিভাগৰ মন্ত্ৰী অজন্তা নেওগৰ৷ আজি নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় আঁচনিৰ পৰীক্ষণ দলৰ সদস্য আৰু পৰ্যবেক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰি দিয়া ভাষণত এইদৰে বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলৰ হাতত দেশৰ ভৱিষ্যৎ সুৰক্ষিত৷ যাৰবাবে ছাত্ৰ-ছাত্ৰীসকলক অৰুণোদয় আঁচনিখন স্বচ্ছ আৰু নিকা কৰাৰ গুৰুদায়িত্ব তেওঁলোকৰ ওপৰত অৰ্পণ কৰা হৈছে৷ পুনৰীক্ষণৰ দায়িত্ব দিয়া ছাত্ৰ-ছাত্ৰীসকলক সকলো যোগ্য লোকৰ প্ৰতি সম দৃষ্টিৰে চাবৰ বাবে আহ৩ান জনাই মন্ত্ৰীগৰাকীয়ে কয় যে যিহেতু পৰৱৰ্তী সময়ত এই আঁচনিৰ লগত অন্যান্য চৰকাৰী আঁচনি সংলগ্ন কৰা হ’ব, সেয়ে যোগ্যজনক অন্তৰ্ভুক্ত আৰু অযোগ্যজনক এই আঁচনিৰ পৰা নাম কৰ্তন কৰাত ছাত্ৰ-ছাত্ৰীসকলে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব৷ ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত অতিৰিক্ত ৬ লাখ হিতাধিকাৰী সৃষ্টি কৰা হ’ব বুলি মন্তব্য কৰে বিত্তমন্ত্ৰী নেওগে৷ জিলা উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে আদৰণী ভাষণ দিয়া এই সভাখনত নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে অৰুণোদয় আঁচনিখনৰ তাৎপৰ্য আৰু গুৰুত্ব সন্দৰ্ভত বক্তব্য আগবঢ়ায়৷ আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৃষি বিষয়া ক্ৰমে হিৰণ্য কুমাৰ নাথ, উৎপল ডেকা আৰু বেদাংগ মল্ল বুজৰবৰুৱা৷ সভাখনত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অৰূ¸প কুমাৰ শৰ্মা, জিলা উন্নয়ন আয়ুক্ত উদয়াদিত্য গগৈ, অতিৰিক্ত উপায়ুক্ত দেৱাহুতি বৰা আদিকে বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে৷ উল্লেখ্য যে জিলাখনৰ আঠটা বিধানসভা সমষ্টিৰ মুঠ ৰ,১৯,৬৮২ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে৷ এই হিতাধিকাৰীসকলৰ অস্তিত্ব পৰীক্ষা কৰিবলৈ অহা ২০ আগষ্টৰ পৰা ২০ অক্টোবৰলৈ এমাহজুৰি ৩৯৩টা পৰীক্ষণ দল গঠন কৰাৰ লগতে মুঠ ৭৮৬গৰাকী পৰীক্ষক আৰু ১৭৩গৰাকী পৰ্যবেক্ষক নিয়োগ কৰা হ’ব বুলি উদ্যোক্তাসকলে জনাইছে৷
Home Main Stories নৱ প্ৰজন্মৰ হাতত দেশৰ ভৱিষ্যৎ সুনিশ্চিত: নগাঁৱত অৰুনোদয় আঁচনিৰ পৰীক্ষণ সদস্য-পৰ্যবেক্ষকৰ প্ৰশিক্ষণ...