Home অসম সংবাদ জগতৰ বাটকটীয়া প্ৰতাপ বৰদলৈ আৰু নাই

সংবাদ জগতৰ বাটকটীয়া প্ৰতাপ বৰদলৈ আৰু নাই

234
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ফেব্ৰুৱাৰী ঃ অসমৰ সংবাদ জগতৰ সৈতে ওতপ্ৰোতভাৱে জড়িত থকা প্ৰতাপ বৰদলৈ আৰু নাই৷ ৰেডিঅ’ আৰু দূৰদৰ্শনৰ বাতৰি পৰিৱেশক হিচাপে বিশেষভাৱে জনপ্ৰিয় আছিল প্ৰতাপ বৰদলৈ৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ তেওঁ প্ৰাক্তন উপ-সঞ্চালক আছিল৷ বহুসময় ধৰি অসুস্থ হৈ আছিল প্ৰতাপ বৰদলৈ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ৷ অসমত দূৰদৰ্শন সেৱা আৰম্ভ হোৱাৰ পাছত গুৱাহাটী দূৰদৰ্শনৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল৷ দূৰদৰ্শনত প্ৰথম অসমীয়া বাতৰি পঢেঁ.াতা আছিল প্ৰতাপ বৰদলৈ৷ ৰাজ্যৰ কে’বাটাও ব্যক্তিগত খণ্ডৰ সংবাদ প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল এইগৰাকী বিশিষ্ট সাংবাদিক৷ ৰুচিসন্মত বাতৰি পৰিৱেশনৰ ক্ষেত্ৰত তেওঁ অসমৰ সংবাদজগতৰ বাটকটীয়া আছিল৷ অসমত ছেটেলাইট টেলিভিছন চেনেলসমূহ অহাৰ পূৰ্বেই গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ সন্ধিয়া জ্জ বজাৰ অসমীয়া বাতৰিৰ এক বিশেষ আকৰ্ষণ আছিল৷ সেই সময়ত দূৰদৰ্শনৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ লগে লগে প্ৰায়ে দৰ্শকৰ সন্মুখলৈ আহিছিল এখন চিনাকি মুখ, এটা চিনাকি কণ্ঠ৷ সেই চিনাকি মুখ আৰু চিনাকি কণ্ঠৰ বাতৰি পঢেঁ.াতাগৰাকীয়েই আছিল প্ৰতাপ বৰদলৈ৷ সেই চিনাকি মুখ, চিনাকি কণ্ঠ আজি নোহোৱা হৈ পৰিল৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ তেওঁ প্ৰাক্তন উপ-সঞ্চালক আছিল৷ গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছত অসমৰে এটা নিউজ চেনেলৰ তেওঁ মুখ্য সম্পাদক আছিল৷ জ্যেষ্ঠ সাংবাদিক, অসমত টেলিভিছন সাংবাদিকতাৰ অন্যতম বাটকটীয়া তথা গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ বাতৰি বিভাগৰ প্ৰাক্তন উপ-সঞ্চালক প্ৰতাপ বৰদলৈৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ শোকবাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে অনন্য আৰু শক্তিশালী কণ্ঠৰে আকাশবাণী আৰু দূৰদৰ্শনৰ শ্ৰোতা-দৰ্শকৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা প্ৰতাপ বৰদলৈৰ বিয়োগ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ ৰাজ্যৰ সংবাদ জগতলৈ তেখেতে আগবঢ়াই যোৱা অৱদানৰাজি স্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ মুখ্যমন্ত্ৰীয়ে তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তিৰ কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, পুত্ৰ আৰু দুগৰাকী কন্যাসহ ভালেসংখ্যক আত্মীয়-স্বজনক এৰি গৈছে৷ সাংবাদিকগৰাকীৰ মৃত্যুত ৰাজ্যৰ সংবাদজগতত শোকৰ ছাঁ পৰিছে৷ আজি এক শোকাকুল পৰিৱেশত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় বৰদলৈৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here