গণ বাৰ্তা, তিনিচুকীয়া, ৩ ছেপ্টেম্বৰ: বান আৰু গৰাখহনীয়া অসমৰ কোনো নতুন সমস্যা নহয়। প্ৰতি বছৰে বানে বিস্তৰ ক্ষতি কৰি আহিছে অসমৰ জনসাধাৰণক। আজিও অসমৰ বিভিন্ন প্ৰান্তত বানৰ কবলত আছে। ৰাজ্য চৰকাৰে বানাক্ৰান্তৰ বাবে আশ্ৰয় শিবিৰৰ ব্যৱস্থা কৰাৰ লগতে খাদ্য- সামগ্ৰীৰ যোগান ধৰি আহিছে। তাৰ লগে লগে বানাক্ৰান্তসকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সংশ্লিষ্ট কতৃÇপক্ষই। কিন্তু আজিও অন্ন-বস্ত্ৰ আৰু বাসস্থানৰ অভাৱত জীয়াতু ভুগিছে লাইকা-দধিয়াবাসী ৰাইজে। উল্লেখ্য যে চলিত বৰ্ষৰ পঞ্চমটো বানে লাইকা-দধিয়াবাসীক জুৰুলা কৰাৰ পিছতে এতিয়া বিভিন্ন ধৰণৰ সমস্যাত ভুগিছে বানাক্ৰান্তসকল। জানিব পৰা মতে লাইকা-দধিয়াৰ প্ৰায় ১৬টাতকৈ অধিক বাসগৃহ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। যাৰ ফলত গৃহহীন হৈ পৰিছে বানে উটুৱাই নিয়া পৰিয়ালসমূহ। সম্প্ৰতি উপায়ান্তৰ হৈ নাৱতে আশ্ৰয় ল’বলগীয়া হৈছে গৃহহীন পৰিয়ালকেইটাই। উল্লেখ্য যে ১৯৯৯ চনতেই ডিব্ৰু-ছৈখোৱা উদ্যানে ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি লাভ কৰাৰ পিছতে লাইকা-দধিয়াবাসী ৰাইজে পুনৰ্সংস্থাপনৰ বাবে বিভিন্ন সময়ত কৰি আহিছে প্ৰতিবাদ। চৰকাৰে বিভিন্ন সময়ত প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও আজিলৈকে সংস্থাপন লাভ নকৰিলে লাইকা-দধিয়াবাসী ৰাইজে। লাইকা-দধিয়াবাসী ৰাইজৰ অৱস্থা দেখিলে আপুনি ভাবিবলৈ বাধ্য হ’ব যে এইখন দেশত চৰকাৰ বুলিবলৈ কিবা আছেনে? বহু কষ্টৰ মাজেৰে এক দুৰ্ভিক্ষ জীৱন অতিবাহিত কৰিছে লাইকা-দধিয়াবাসী ৰাইজে। চিকিৎসা সেৱাৰ বাবে নাই কোনো স্বাস্থ্য কেন্দ্ৰ, নাই পঢ়াৰ বাবে কোনো উপযোগী পৰিৱেশ, নাই কোনো যাতায়াতৰ ব্যৱস্থা। আনকি উপযুক্ত চিকিৎসাৰ অভাৱত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। এই সকল লোকৰ ক্ষেত্ৰত চৰকাৰে আজিলৈকে ব্যৱস্থা নকৰিলে।