Home Main Stories জল পৰিবহন ব্যৱস্থাক অধিক শক্তিশালী- নিৰাপদৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে:মাজুলী- গুৱাহাটীৰ...

জল পৰিবহন ব্যৱস্থাক অধিক শক্তিশালী- নিৰাপদৰ বাবে চৰকাৰে প্ৰয়াস অব্যাহত ৰাখিছে:মাজুলী- গুৱাহাটীৰ বাবে চাৰিখন ষ্টীল কেটামাৰান জাহাজৰ সেৱা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

191
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ নৱেম্বৰ: ৰাজ্যৰ আভ্যন্তৰীণ জলপৰিবহন ব্যৱস্থা উন্নত তথা সূচলতৰ কৰাৰ অংশ হিচাপে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ পাণ্ডু ঘাটত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ উপস্থিতিত চাৰিখন ষ্টীল কেটামাৰান জাহাজ সেৱাৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে৷ উল্লেখ্য যে বিশ্ব বেংকৰ সাহায্যৰে ৰাজ্যখনৰ জলপৰিবহণ ব্যৱস্থা উন্নত কৰাৰ বাবে এই চাৰিখন যাত্ৰীবাহী আৰু বাহনবাহী ফেৰী সেৱাৰ শুভাৰম্ভ কৰা হৈছে৷ এই চাৰিখন ফেৰীৰ ভিতৰত দুখন মাজুলীত, গুৱাহাটী-উত্তৰ গুৱাহাটী তথা উজান বজাৰ আৰু উমানন্দৰ ফেৰী ঘাটৰ মাজত একোখনকৈ ফেৰী সেৱা চলোৱা হ’ব৷ নতুনকৈ আৰম্ভ কৰা এই ফেৰী একোখনে ১০০গৰাকী যাত্ৰী আৰু ৫০ খন দুচকীয়া বাহন কঢ়িয়াই নিব৷ এই ফেৰীকেইখন ১৮০ অশ্বশক্তিৰ দ্বৈত ইঞ্জিনযুক্ত৷ এই ফেৰীকেইখন নিয়ন্ত্ৰণ আৰু নিৰীক্ষণ, যোগাযোগ আৰু নেভিগেচন, জিপিএছ, ইকোছাউণ্ডাৰ, উইণ্ড মিজাৰমেণ্ট, অগ্নিনিৰ্বাপন, লাইফ ছেভিং ইত্যাদি সা-সঁজুলিৰে সমৃদ্ধ৷ আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই উমানন্দ ফেৰী সেৱাৰ বাবে ই-টিকেটিং ব্যৱস্থাৰো শুভাৰম্ভ কৰে৷ এই ই-টিকেটিং ব্যৱস্থাই পৰ্যটকসকলক এই ফেৰী সেৱাৰ আগতীয়া বুকিং কৰাৰ দিশত বিশেষভাৱে সহায় কৰিব৷ এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে অসমৰ সভ্যতা-সংস্কৃতি ব্ৰহ্মপুত্ৰ-বৰাক আৰু ইয়াৰ উপনৈসমূহৰ সৈতে সংপৃক্ত৷ অৱশ্যে এই নদীসমূহে ইয়াৰ দুয়োপাৰৰ জনসাধাৰণৰ যোগাযোগৰ দিশত এক বৃহৎ প্ৰত্যাহ৩ান হিচাপে থিয় হৈ আছে৷ সেয়েহে চৰকাৰে নদী পৰিবহণ তথা জল পৰিবহণ ব্যৱস্থাটো আৰু অধিক উন্নত কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলিও তেওঁ কয়৷ আভ্যন্তৰীণ জলপৰিবহণ বিভাগে জলপৰিবহণ ব্যৱস্থাটো সুচলতৰ কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰয়াসক বাস্তৱায়িত কৰাৰ বাবে বিশ্ব বেংকৰ সৈতে ৭১০ কোটি টকাৰ এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই পুঁজিৰ ৮০ শতাংশ ভাৰত চৰকাৰে বহন কৰিব আৰু ইয়াৰে বাকী থকা ২০ শতাংশ ৰাজ্য চৰকাৰে বহন কৰিব৷ প্ৰত্যাহ৩ানে সুযোগৰো সৃষ্টি কৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পিছত ৰাজ্য চৰকাৰে নদী পৰিবহণ তথা জলপৰিবহণ ব্যৱস্থা সুচলতৰ আৰু নিৰাপদ কৰাৰ বাবে শক্তিশালী তথা সক্ৰিয় পদক্ষেপ গ্ৰহণ কৰিছে৷ এই পদক্ষেপৰ অংশ হিচাপে ৰাজ্যখনৰ ৮৫৩ খন একক ইঞ্জিনযুক্ত নাৱত মেৰিন ইঞ্জিন স্থাপনৰ প্ৰক্ৰিয়াই অগ্ৰগতি লাভ কৰিছে৷ নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পৰৱৰ্তী পৰ্যায়ত চৰকাৰে এই ফেৰী সেৱা অধিক সুচলতৰ আৰু নিৰাপদ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে৷ আগন্তুক ৰাস উৎসৱৰ সময়তো মাজুলী আৰু যোৰহাটৰ মাজৰ ফেৰী সেৱা সংহত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰি আছে বুলিও তেওঁ কয়৷ প্ৰযুক্তিৰ জৰিয়তে জল পৰিবহণ ব্যৱস্থা সুচলতৰ কৰাৰ ওপৰত ৰাজ্য চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে এই পদক্ষেপৰ অধীনতে যোৰহাট আৰু মাজুলীৰ ফেৰী সেৱাৰ ই-টিকেটিং ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল আৰু আজি উজান বজাৰ আৰু উমানন্দ ফেৰী ঘাটৰ বাবে অনুৰূপ ই-টিকেটিং ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে বুলিও তেওঁ কয়৷ যোৰহাট আৰু মাজুলীৰ ফেৰী ঘাটৰ মাজত ই-টিকেটিং ব্যৱস্থা প্ৰৱৰ্তনে জল পৰিবহণ ব্যৱস্থাক অধিক স্বচ্ছ কৰিছে বুলি উল্লেখ কৰি যোৱা ২৭ ছেপ্টেম্বৰত এই সেৱা আৰম্ভ কৰাৰে পৰা চৰকাৰে এতিয়ালৈকে চ্ছ লাখ টকাৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলিও তেওঁ কয়৷ গুৱাহাটী-উত্তৰ গুৱাহাটীৰ ফেৰী সেৱাৰ ক্ষেত্ৰতো অচিৰেই ই-টিকেটিং ব্যৱস্থা প্ৰৱৰ্তন কৰা হ’ব বুলিও তেওঁ কয়৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ সকলোৰবোৰ ফেৰী ঘাটতে এই সেৱা আৰম্ভ কৰাৰ পদক্ষেপ ল’বলৈ জল পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে৷ অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জলপৰিবহণ ব্যৱস্থাটো আৰু অধিক শক্তিশালী তথা নিৰাপদ কৰাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে৷ তেওঁ কয় যে নিমাতীঘাটৰ নাও দুৰ্ঘটনাৰ পূৰ্বে মাজুলী আৰু যোৰহাটৰ মাজত ১৬ খন নাও চলাচল কৰিছিল৷ এই সংখ্যা ২০খনলৈ বৃদ্ধি কৰাৰ বাবে চৰকাৰে পদক্ষেপ লৈ আছে বুলিও তেওঁ কয়৷ বৰ্তমান যোৰহাট আৰু মাজুলীৰ মাজত ৬খন চৰকাৰী ফেৰী আৰু ২খন ব্যক্তিগত ফেৰী সেৱা চলি আছে বুলি উল্লেখ কৰি চৰকাৰৰ দ্বাৰা প্তখন নাৱত মেৰিন ইঞ্জিন সংযুক্ত কৰাৰ কাম চলি আছে বুলি তেওঁ কয়৷ ইয়াৰ উপৰি আৰু প্তখন ব্যক্তিগত নাৱত মেৰিন ইঞ্জিন স্থাপন কৰি এই সেৱা আৰু অধিক সুচলতৰ কৰা হ’ব বুলিও তেওঁ কয়৷ বিভাগে প্তখন ৰ’পে’ জাহাজ, ১০ খন কেটামাৰান জাহাজ আগন্তুক বৰ্ষত ক্ৰয় কৰিব বুলিও তেওঁ জনায়৷ পৰিবহণ বিভাগৰ প্ৰধান সচিব ডাঃ কে কে দ্বিৱেদীয়ে আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত পৰিবহণ আয়ুক্ত আদিল খান, এমট্ৰ’নৰ পৰিচালন সঞ্চালক এম কে যাদৱ, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক গৌতম দাসকে ধৰি জল পৰিবহণ বিভাগৰ উচ্ছপদস্থ বিষয়া তথা গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here