মৌলানা মুস্তাক আনফৰ, ১২ জুন : বিজেপি দলৰ ৰাষ্ট্ৰীয় দুগৰাকী মুখপাত্ৰ ক্ৰমে নূপুৰ শৰ্মা আৰু নবীন কুমাৰ জিন্দালে বিশ্ব নবী হজৰত মুহাম্মদ [ছঃ]ৰ বিষয়ে যি এক ঘৃণনীয় মন্তব্য কৰিছে তাক অসম ৰাজ্যিক জমিয়ত উলামাই লিখিত প্ৰেছ বিবৃতিৰে গৰিহণা আৰু নিন্দা জনাইছে৷ সংবাদ মাধ্যমৰ দ্বাৰা পৰিৱেশিত বাতৰি অনুসৰি, নবী [ছঃ] সম্পৰ্কে কৰা উক্ত মন্তব্যৰ পিছত বিজেপিয়ে তেওঁলোকক শাস্তিমূলক ভাৱে দলৰ পৰা বহিষ্কাৰ কৰিছে৷ চৰকাৰে উক্ত দুগৰাকী ব্যক্তিৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈয়ো ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা বিবৃতিযোগে দাবী জনোৱা হৈছে৷ শান্তি, শৃংখলা আৰু সম্প্ৰীতি বিনষ্ট হ’ব পৰা কোনো কাম বা আচৰণ যাতে কোনেও কৰিব নোৱাৰে, চৰকাৰক তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখিবলৈ বিবৃতিযোগে দাবী জনোৱা হৈছে৷ বিবৃতিটোত উল্লেখ কৰি কোৱা হয় যে আমাৰ দেশ তথা ৰাজ্যৰ সাতামপুৰুষীয়া শান্তি, সম্প্ৰীতি, ভাতৃত্ববোধ তথা আইন, শৃংখলা কোনো কাৰণতেই যাতে বিঘ্নিত নহয় তাৰ প্ৰতি চৰকাৰ, প্ৰশাসন আৰু সৰ্বসাধাৰণ ৰাইজে চোকা নজৰ ৰখা দৰকাৰ৷ কোনো দুষ্ট লোকৰ অসহিষ্ণু আচৰণ আৰু কথা-বতৰাই যাতে আমাৰ মাজত কোনোধৰণৰ বিভেদ সৃষ্টি কৰি শান্তি ভংগ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ সৰ্বসাধাৰণ ৰাইজলৈ অসম ৰাজ্যিক জমিয়ত উলামাৰ তৰফৰ পৰা জাৰি কৰা বিবৃতিযোগে আহ৩ান জনোৱা হয়৷ বিবৃতিত উল্লেখ কৰি কোৱা হয় যে পৱিত্ৰ কোৰআন শ্বৰীফত উল্লেখ আছে ‘যিকোনো ধৰ্মৰ ধৰ্মীয় উপাসকক গালি দিয়া নিষেধ’৷ অনুৰূপভাৱে বিজ্ঞ আৰু পণ্ডিতসকলৰ পৰা জানিব পৰা মতে সনাতন ধৰ্ময়ো আন ধৰ্ম বা ধৰ্মীয় ভাবধাৰাক অপমান কৰাৰ অনুমতি কাকো দিয়া নাই৷ সেয়েহে ধৰ্মীয় বিষয়বস্তুক লৈ কোনেও কাৰো ধৰ্মীয় অনুভূতিত আঘাত দিয়াকৈ মন্তব্য দিয়াটো কেৱল অনুচিতেই নহয়, বৰং ই একপ্ৰকাৰ অক্ষমনীয় অপৰাধ৷ ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি মৌলানা মুস্তাক আনফৰে বিবৃতিত উল্লেখ কৰি কয় যে আমাৰ অসমতো তেনে কিছুমান লোক আছে, যিসকলে সদায় আনৰ ধৰ্মীয় অনুভূতিত আঘাত হানি মন্তব্য দি আছে, এইসকল সম্পৰ্কে মুখ্যমন্ত্ৰী ডাঙৰীয়া নি(য় জ্ঞাত৷ তেনে বিভেদকামীসকলক লেকাম লগাবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ৩ান জনালো৷