Home অসম উচ্চ হাৰত ধান ক্ৰয়ৰ সিদ্ধান্ত চৰকাৰৰ : হোজাইত ২৮ হাজাৰ পাঁচশ মেট্ৰিকটন...

উচ্চ হাৰত ধান ক্ৰয়ৰ সিদ্ধান্ত চৰকাৰৰ : হোজাইত ২৮ হাজাৰ পাঁচশ মেট্ৰিকটন ধান ক্ৰয় কৰিব চৰকাৰে

81
0

গনবাৰ্তা ডবকা, ২৫ নৱেম্বৰ : অসম চৰকাৰে কৃষকৰ ঘামৰ মূল্য দিবলৈ অতি উচ্চ হাৰত কৃষকৰ পৰা ধান ক্ৰয়ৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে। অসম চাৰকাৰে এইবাৰ প্ৰতি কুইন্টলত ১৯৪০ টকাকৈ ধান ক্ৰয় কৰাৰ  সিদ্ধান্ত গ্ৰহণ কৰিছে। পহিলা ডিচেম্বৰৰ  পৰা আৰাম্ভ কৰিব ধন ক্ৰয় কৰা পক্ৰিয়া, যোৱা ২১ অক্টোবৰত No FSB. 78/2021/pt/35 নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে।সেই অনুসৰি হোজাই  জিলাত শালিধান ক্ৰয় কৰা কেন্দ্ৰ (FCI)ই ক্ৰমে হোজাইত  ২৮,৫০০ মেট্ৰিকটন ধান ক্ৰয় কৰিব, হাওৰাঘাট ৮০০০, লংকাত ১০,০০০, কৰৈগুৰি ১০৫০০, সৰুপথাৰ ২২০০০, নীলবাগান ১০০০, ডবকা ১০০০, শংকৰদেৱ নগৰ ১০০০,পূব ধনীৰাম পথাৰ ১০০০, মিলিক বস্তি ১০০০, শিলিগুৰি বস্তি ১০০০,দক্ষিণ বিদ্যা সাগৰ ১০০০, AFCSCLৰ কেন্দ্ৰ ভালুক মাৰীত ৮০০০, গোলাঘাটীয়া বস্তিত ৪০০০, NAFED ৰ কেন্দ্ৰ ঘোলাগাটীয়া বস্তি ৪০০০, শংকৰদেৱ নগৰ ২৫০০,পূব ধনীৰাম পথাৰ ৩০০০, ধানুৱাৰ বস্তি ৫০০ মেট্টিকটন, মিলিকবস্তি ২০০০, কাকী ১৫০০, NACAOFৰ কেন্দ্ৰ সৰুপথাৰ ১৫০০, শিলিগুৰি বস্তি ১০০০, যমুনামুখ ১০০০, NCCFৰ কেন্দ্ৰ ইটাখলাত ২৫০০, যমুনামুখ ২০০০, আকাশীগংগাত ৫০০, চামৰ আলিত ২০০০ মেট্ৰিকটন ধান ক্ৰয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here