Home Main Stories মাইকী গৰু-ম’হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল’ব চৰকাৰে

মাইকী গৰু-ম’হৰ পোৱালি জন্মৰ বাবে ব্যৱস্থা ল’ব চৰকাৰে

50
0

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ জুলাই : ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে বিধানসভাত দাখিল কৰা ২০২১-২২ বৰ্ষৰ বাজেটত বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। ইয়াৰে এটা ঘোষণাই নিঃসন্দেহে উপকৃত কৰিব ৰাজ্যৰ গো-পালকসকলক। গো-পালকৰ লগতে পশুধনৰ ব্যৱসায়েৰে স্বাৱলম্বী হোৱা থলুৱা ব্যৱসায়ীসকলকো চৰকাৰৰ এই নতুন সিদ্ধান্তই উপকৃত কৰিব। যি সময়ত ৰাজ্য চৰকাৰখনে বিধানসভাৰ চলিত বাজেট অধিৱেশনতে গো-সুৰক্ষা বিধেয়ক ইতিমধ্যে উত্থাপন কৰিছে, তেনে সময়তে আজিৰ বাজেটত গো-ধনক লৈ বিত্তমন্ত্ৰীয়ে কৰা নতুন ঘোষণা তাৎপৰ্যপূৰ্ণ। বাজেটত ঘোষণা কৰা অনুসৰি এতিয়াৰে পৰা কৃত্ৰিম প্ৰজনন ব্যৱস্থাৰে গৰু আৰু ম’হৰ ৮০ৰ পৰা ৯০ শতাংশ মাইকী পোৱালি জন্ম দিয়াবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব পশুপালন বিভাগে। ইয়াৰ ফলত ৰাজ্যত গাখীৰৰ উৎপাদন বৃদ্ধি পোৱাৰ লগতে আৰু গো-পালকসকলো উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে। ইয়াৰ বাবে চৰকাৰে ১.২৫ লাখ কৃত্ৰিম শুক্ৰাণুৰ ব্যৱস্থা কৰিব। আনহাতে বাজেটত কুকুৰা পালকসকলকো সকাহ দিয়াৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। সেই অনুসৰি ‘টেবুল এগ’ উৎপাদনৰ ব্যৱস্থা কৰা হ’ব বুলি আজি বাজেটত ঘোষণা কৰা হয় । ছিপাঝাৰৰ বেদখলমুক্ত মাটিত গৰুখুটি স্থাপনৰ বাবে ৯.০৬ কোটি টকা বাজেটত ধাৰ্য কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here