Home Uncategorized শিক্ষানুষ্ঠান প্ৰধানে আয়ৰ প্ৰমাণ পত্ৰ প্ৰদান নকৰি হাৰাশাস্তি ছাত্ৰ-ছাত্ৰীক : চক্ৰ বিষয়াৰ...

শিক্ষানুষ্ঠান প্ৰধানে আয়ৰ প্ৰমাণ পত্ৰ প্ৰদান নকৰি হাৰাশাস্তি ছাত্ৰ-ছাত্ৰীক : চক্ৰ বিষয়াৰ কাৰ্যালয়ত অযথা ভিৰ

187
0


বৰপেটা, ২১ নৱেম্বৰঃ একাংশ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলে কোনো ধৰণৰ জাননী নোপোৱাৰ অজুহাত দেখুৱাই  আয়ৰ প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক নানা হাৰাশাস্তি কৰি থকা পৰিলক্ষিত হৈছে। উল্লেখ যে শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ বাবে চক্ৰ বিষয়াই প্ৰদান কৰা উপাৰ্জনৰ প্ৰমাণপত্ৰৰ বিকল্প হিচাবে যিখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষাৰ্থীগৰাকী উত্তীৰ্ণ হৈছে, তাৰ প্ৰধান শিক্ষক বা অধ্যক্ষই আয়ৰ প্ৰমাণপত্ৰ দিব পাৰে। শিক্ষাৰ্থীগৰাকীৰ পৰিয়ালৰ বছৰেকীয়া আয় ২ লাখৰ তলত বুলি নামভৰ্তি কৰিবলগীয়া শিক্ষানুষ্ঠানখনৰ মুৰব্বীগৰাকী যদি পতিয়ন যায়, তেওঁ তেনে ছাত্ৰ-ছাত্ৰীক এই আঁচনিৰ অধীনত নামভৰ্তি কৰাব পাৰিব। মাচুল ৰেহাই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰী বা তেওঁলোকৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ বাৰ্ষিক আয় সন্দৰ্ভত এখন শপতনামাও দাখিল কৰিব পাৰে। এনেদৰে দাখিল কৰা আয়ৰ প্ৰমাণপত্ৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এবছৰৰ ভিতৰত পৰীক্ষা কৰিব লাগিব। কিন্তু একাংশ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলে কোনো ধৰণৰ জাননী নোপোৱাৰ অজুহাত দেখুৱাই ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলক আয়ৰ প্ৰমাণ পত্ৰ প্ৰদান নকৰাৰ ফল স্বৰূপে চক্ৰ বিষয়াৰ কাৰ্যালয়ত বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰৰ ক্ষেত্ৰত অযথা ভীৰ হোৱা পৰিলক্ষিত হৈছে।ইয়াৰোপৰি চৰকাৰে আয়ৰ প্ৰমাণ ক্ষেত্ৰত ৰাইজক সকাহ দিব বিচাৰিছে যদিও কিছুমান বিদ্যালয় প্ৰধানৰ অজুহাত দেখুওৱাৰ ফলত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলে যাতনা ভুগিবলগীয়া হৈছে। এই ক্ষেত্ৰত শিক্ষা মন্ত্ৰীৰ লগতে বিভাগীয় কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অভিভাৱক ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here