Home ক্ৰীড়া টি-২০ বিশ্বকাপৰ চেম্পিয়ন দলক আইচিচিয়ে আগবঢ়াব ১২ কোটি, বিজেতাক ৬ কোটি টকা

টি-২০ বিশ্বকাপৰ চেম্পিয়ন দলক আইচিচিয়ে আগবঢ়াব ১২ কোটি, বিজেতাক ৬ কোটি টকা

60
0

নতুন দিল্লী, ১০ অক্টোবৰ ঃ আইপিএল অন্ত পৰাৰ পিছতেই আৰম্ভ হ’ব টি-২০ বিশ্বকাপ। ইউ এ ই আৰু উমানত বিচিচিআয়ে আয়োজন কৰিব এইবাৰৰ টি-২০ বিশ্বকাপ। এই বিশ্বকাপ আয়োজন হ’বলৈ মাজত মাথোঁ আৰু কেইটামান দিন বাকী। ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপক লৈ আজি আইচিচিয়ে প্ৰাইজমানী ঘোষণা কৰিছে। এইবাৰৰ বিশ্বকাপ বিজেতা দলৰ আইচিচিৰ তৰফৰ পৰা আগবঢ়াব ১২ কোটি টকা। যি দলে এইবাৰৰ বিশ্বিকাপৰ চেম্পিয়ন খিতাপ দখল কৰিব সেই দলৰ ওপৰত পৰিব ধনৰ বৰষুণ। আইচিচিয়ে প্ৰকাশ কৰিছে যে উপ-বিজেতা দলক ৬ কোটি টকা প্ৰদান কৰা হ’ব। আনহাতে, ছেমিফাইনেলত প্ৰৱেশ কৰা দলকেইটাক তিনি কোটি টকাকৈ আগবঢ়োৱা হ’ব। ইয়াৰ উপৰি ছুপাৰ ১২ ষ্টেজত প্ৰৱেশ কৰা দলসমূহক বোনাচ ধনৰাশি দিয়া হ’ব। উল্লেখ্য যে ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰথমখন মেচ উমান আৰু পাপুৱা নিউগিনীৰ মাজত অনুষ্ঠিত হ’ব। বিশ্বকাপৰ ফাইনেল মেচখন ১৪ নৱেম্বৰত ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। ভাৰতে এই বিশ্বকাপত ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। ইয়াৰ পিছত ভাৰতে ৩১ অক্টোবৰত নিউজীলেণ্ড আৰু ৩ নৱেম্বৰত আফগানিস্তানৰ বিৰুদ্ধে খেলিব। এইবাৰৰ বিশ্বকাপত ১৬টা দলে অংশ লৈছে। ভাৰত গ্ৰুপ-২ত আছে। চাৰিটা গ্ৰুপত দলসমূহক ভাগ কৰা হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here