Home Popular মৰিগাঁৱত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত অশ্লীলতাৰ প্ৰয়োভৰ! বিকৃত ৰূপত উপস্থাপন মহাপুৰুষ শংকৰদেৱৰ অমৰ...

মৰিগাঁৱত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত অশ্লীলতাৰ প্ৰয়োভৰ! বিকৃত ৰূপত উপস্থাপন মহাপুৰুষ শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট-ভাওনাক

254
0

মৰিগাঁও,২৩ নবেম্বৰ: ৰাজ্যজুৰি শৰৎকালত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক কাৰ্যসূচীৰে অনুষ্ঠিত হোৱাৰ লগতে মৰিগাঁৱটো শতাধিক স্থানত শ্ৰীকৃষ্ণৰ ৰাসলীলা উলহ মালহেৰে আয়োজিত হৈছে। যোৱা ২১ নবেম্বৰত মৰিগাঁৱৰ সমীপৱৰ্তী বৰঙ্গাবাৰীত স্থানীয় যুৱক সংঘৰ উদ্যোগত অনুষ্ঠিত হোৱা শ্ৰীকৃষ্ণৰ ৰাসোৎসৱত কেইজনমান যুৱকে বিকৃত সাঁজপাৰ পৰিধান কৰি অশ্লীল নৃত্য প্ৰদৰ্শন কৰাৰ দৃশ্য ভাইৰেল হোৱাত সমগ্ৰ মৰিগাঁও জিলা খনৰ লগতে ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ নামত একাংশ অসচেতন যুৱকে অপসংস্কৃতি বিয়পাই প্ৰবিত্ৰ শৰৎকালীন উদযাপন কৰা শ্ৰীকৃষ্ণ ৰাসলীলাক বিকৃত কৰা ষড়যন্ত্ৰকাৰীৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাত আজি পূৱ বৰঙ্গাবাৰীৰ যুৱক সংঘই ৰাজ্যবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰি উল্লেখ কৰে যে- যোৱা ২১ নবেম্বৰত যুৱক সংঘৰ উদ্যোগত আয়োজন কৰা শ্ৰীকৃষ্ণ ৰাসলীলাত কেইজনমান যুৱকে অশ্লীল নৃত্য প্ৰদৰ্শন কৰাটো অতিকৈ লজ্জাজনক। শ্ৰীকৃষ্ণ ৰাসলীলাত ভবিষ্যতে এনে অপসংস্কৃতি পুনৰাবৃত্তি নহয়, তাৰ প্ৰতি সদায় সতৰ্ক হৈ থাকিব বুলি পূৱ বৰঙ্গাবাৰী যুৱক সংঘই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়াৰ লগতে অসমবাসীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা বিচাৰে। ইপিনে, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি “কেলি গোলাপ” ৰাস-ভাওনা অনুষ্ঠিত কৰাৰ নামত একাংশ যুৱকে ৰাস-ভাওনা খনত বিকৃত সাঁজপাৰ পৰিধান কৰি উদামনৃত্য প্ৰদৰ্শন কৰি অসমীয়া সংস্কৃতিক বিকৃত ৰূপত উপস্থাপন কৰাক কেন্দ্ৰ কৰি সমগ্ৰ মৰিগাঁও জিলাতেই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।এই সমগ্ৰ বিষয়টোক লৈ আজি দুদিন ধৰি সমগ্ৰ জিলা খনৰ বিভিন্ন মহলে এই বিষয়টোক ধিক্কাৰ দিয়াৰ লগতে এই ঘটনাই সমগ্ৰ মৰিগাঁও বাসীক লজ্জাজনত কৰিছে বুলি বিভিন্ন মহলে মতপ্ৰকাশ কৰাৰ লগতে আয়োজক সমিতিৰ এনে কাণ্ডক এক মুখে ধিক্কাৰ দিছে। লগতে ভবিষ্যতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ প্ৰতিও মৰিগাঁৱৰ সচেতন মহলে সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here