Home Main Stories আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় চিকিৎসা সংস্থাই ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ বৃহৎ...

আমেৰিকা যুক্তৰাষ্ট্ৰত ভাৰতীয় চিকিৎসা সংস্থাই ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ বৃহৎ পৰিমাণৰ ক’ভিড চিকিৎসা সামগ্ৰী প্ৰদান

112
0

এনএইছএম বিষয়াৰ হাতত চিকিৎসা সাহায্য সামগ্ৰীসমূহ আনুষ্ঠানিকভাৱে অৰ্পণ কৰে আবচাৰ হাজৰিকাই

ষ্টাফ  ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ জুন : আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰতিষ্ঠিত ভাৰতীয় মূলৰ চিকিৎসকৰ সংগঠন ভাৰতীয় চিকিৎসক সংস্থা, টেক্সাছ, হাউষ্টনে ৰাজ্যৰ স্বাস্থ্য বিভাগলৈ ভাৰতীয় ৰেডক্ৰছ ছ’চাইটী, গুৱাহাটী শাখাৰ জৰিয়তে ক’ভিড আক্ৰান্ত লোকৰ বাবে প্ৰয়োজনীয় চিকিৎসা সাহায্য সামগ্ৰী আগবঢ়াইছে। বিশ্বৰ আটাইতকৈ পুৰণি দাতব্য সংস্থা ভাৰতীয় ৰেডক্ৰছ ছ’চাইটী, গুৱাহাটী জিলা শাখাৰ জৰিয়তে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ অসম চৰকাৰৰ সহায় হোৱাকৈ ভাৰতীয় চিকিৎসক সংস্থাই আগবঢ়োৱা এই বৃহৎ পেকেজটোত চাৰিটা ভেণ্টিলেটৰ, ৬,০০০ কে এন ৯৫ মাস্ক, হেডকেপকে ধৰি অন্যান্য প্ৰয়োজনীয় সামগ্ৰী আছে। এই সামগ্ৰীসমূহ আজি ভাৰতীয় ৰেডক্ৰছ ছ’চাইটী, গুৱাহাটী  শাখাৰ জৰিয়তে আনুষ্ঠানিকভাৱে স্বাস্থ্য বিভাগলৈ আগবঢ়োৱা হয়। মহানগৰীৰ ৰেডক্ৰছ হাস্পতালত আয়োজিত এখন গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ভাৰতীয় ৰেডক্ৰছ ছ’চাইটী, গুৱাহাটী জিলা শাখাৰ অধ্যক্ষ তথা ভাৰতীয় প্ৰশাসনিক সেৱাৰ প্ৰাক্তন বিষয়া এ কে আবচাৰ হাজৰিকাই উক্ত সামগ্ৰীসমূহ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ কনছালটেণ্ট ডাঃ কে জামানৰ হাতত আনুষ্ঠানিকভাৱে অৰ্পণ কৰে। আদৰণী ভাষণত এই সাহায্য সামগ্ৰী প্ৰদান কৰাৰ বাবে আবচাৰ হাজৰিকাই ভাৰতীয় চিকিৎসক সংস্থাক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰে। বিশেষকৈ এই সংস্থাৰ ডাঃ জিগ্নেশ শ্বাহ আৰু ডাঃ সংগীতা শইকীয়াক কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কনছালটেণ্ট ডাঃ জামানেও এই সংস্থাটোক ইয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে দুৰ্যোগৰ সময়ত নিৰন্তৰভাৱে কাম কৰি যোৱা ৰেডক্ৰছৰ গুৱাহাটী জিলা শাখাৰো শলাগ লয়। তেওঁ কয়- ক’ভিড মহামাৰী নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰে সকলো ধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। দেশৰ আন ৰাজ্যৰ তুলনাত ৰাজ্যৰ ক’ভিড পৰিস্থিতি উন্নত বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰ কোৰোনাৰ তৃতীয়টো লহৰৰ বাবেও সম্পূৰ্ণৰূপে সাজু হৈছে। এই  অনুষ্ঠানৰ আঁত ধৰি ভাৰতীয় ৰেডক্ৰছ ছ’চাইটী, গুৱাহাটী জিলা শাখাৰ অধ্যক্ষ এ কে হাজৰিকাই কয় যে ৰেডক্ৰছ ছ’চাইটীয়ে সদায় নিস্বাৰ্থভাৱে মানৱ জাতিৰ সংকটৰ সময়ত সেৱা আগবঢ়াই আহিছে। মানৱ সেৱাৰ ক্ষেত্ৰত ৰেডক্ৰছ ছ’চাইটীয়ে নিস্বাৰ্থভাৱে সদায় কাম কৰি যাব। জনসাধাৰণৰ বিপদৰ সময়ত তেওঁলোকৰ ওচৰত থিয় হোৱাটো আমাৰ কৰ্তব্য। এনে সময়ত আমি সকলোৱে একগোট হৈ থাকিব লাগিব। ইয়াৰ উপৰি আগন্তুক সময়ত ক’ভিড মহামাৰীৰ বিৰুদ্ধে এই যুঁজত স্বাস্থ্য বিভাগত যথাসম্ভৱ সকলো সহায়-সহযোগিতা কৰি যাব বুলিও উল্লেখ কৰে। আজি ভাৰতীয় ৰেডক্ৰছ ছ’চাইটী, গুৱাহাটী জিলা শাখাই প্ৰকাশ কৰিছে যে তেওঁলোকৰ চলি থকা নাৰ্ছিং ¦³¨লখন কলেজলৈ ৰূপান্তৰ কৰা হ’ব। ভাৰতীয় চিকিৎসক সংস্থাটোৱে যোৰহাট আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈও প্ৰয়োজনীয় চিকিৎসা সামগ্ৰী আগবঢ়াইছে বুলি উল্লেখ কৰিছে। আজিৰ এই অনুষ্ঠানত এইসকলৰ উপৰি ৰেডক্ৰছ হাস্পতাল মেনেজমেণ্ট কমিটীৰ কনভেনৰ ডাঃ বিষ্ণুপ্ৰসাদ অধিকাৰীও উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here