Home ক্ৰীড়া ২৫ মে’ত জাম্বিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেল খেলিব ভাৰতীয় পুৰুষ ফুটবল দলে

২৫ মে’ত জাম্বিয়াৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেল খেলিব ভাৰতীয় পুৰুষ ফুটবল দলে

42
0

নতুন দিল্লী, ১৩ মে’: ভাৰতীয় পুৰুষ ফুটবল দলে ২৫ মে’ত তেওঁলোকতকৈ উচ্চ স্থানত থকা দল জাম্বিয়াৰ বিৰুদ্ধে দোহাত এখন আন্তঃৰাষ্ট্ৰীয় বন্ধুত্বপূৰ্ণ খেল খেলিব। অল ইণ্ডিয়া ফুটবল ফেডাৰেশ্যনে (এআইএফএফ) শুকুৰবাৰে এই কথা প্ৰকাশ কৰে। খেলখন আগন্তুক এএফচি এছিয়ান কাপ কোৱালিফায়াৰৰ অন্তিম ৰাউণ্ডৰ বাবে ভাৰতৰ প্ৰস্তুতিৰ অংশ। কোৱালিফায়াৰৰ অন্তিম ৰাউণ্ডৰ খেলসমূহ ৮ জুনৰ পৰা কলকাতাত অনুষ্ঠিত হ’ব। ভাৰতীয় দলটোৱে ফিফা ৰেংকিঙত ১০৬ তম স্থানত আছে। আনহাতে জাম্বিয়া ইয়াৰ পৰা ১৯ স্থান ওপৰত ৮৭ তম স্থানত আছে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচনে নিশ্চিত কৰিছে যে ভাৰতীয় দলটোৱে ২৫ মে’ত দোহাত জাম্বিয়াৰ বিৰুদ্ধে এখন বন্ধুত্বপূৰ্ণ খেল খেলিব।  ভাৰতে ইয়াৰ আগতে মাৰ্চত আয়োজক বাহৰেইন আৰু বেলাৰুছৰ বিৰুদ্ধে বন্ধুত্বপূৰ্ণ খেল খেলিছিল। ভাৰতীয় দলটোৱে ২৩ এপ্ৰিলৰ আগতে বেল্লাৰীত অনুশীলন শিবিৰত আৰু এতিয়া কলকাতাত অংশগ্ৰহণ কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here