Home অসম ডি-ভোটাৰৰ নামত কোচ-ৰাজবংশীক অত্যাচাৰ নকৰিবলৈ সকিয়নি আক্ৰাছুৰ ডি-ভোটাৰৰ নামত কোচ-ৰাজবংশীক

ডি-ভোটাৰৰ নামত কোচ-ৰাজবংশীক অত্যাচাৰ নকৰিবলৈ সকিয়নি আক্ৰাছুৰ ডি-ভোটাৰৰ নামত কোচ-ৰাজবংশীক

195
0

গণ বাৰ্তা, ৰৌতা চাৰিআলি,৮ নৱেম্বৰ : সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ এখন সংবাদমেল কালি ওদালগুৰি জিলাৰ ৰৌতা চাৰিআলিত থকা কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হৈ যায়৷ অসমৰ কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ বাবে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰখনৰো যে সদিচ্ছা নাই সেই কথা আজি আখৰে আখৰে প্ৰমাণিত হৈ আহিছে৷ কাৰণ, চৰকাৰে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰি বিজেপি চৰকাৰৰ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই অসমত আহি ৰাজহুৱা সভাত কৈছিল কোচক জনজাতিকৰণৰ কাৰণে অধ্যয়ন কৰি থকা হৈছে৷ ইয়াৰ পৰাই বুজা যায় জনজাতিকৰণ প্ৰক্ৰিয়া লেহেমীয়া গতিত আছে আৰু কিছু চৰকাৰে মাজে- সময়ে বান্দৰক নাৰিকল খাব দিয়াৰ দৰে জনজাতিৰ কাম মাত্ৰ দহ শতাংশহে বাকী আছে বুলি কৈ থাকে৷ এইবোৰ কথাৰ পৰাই বুজা যায় যে বিজেপি চৰকাৰখনে কোচক প্ৰৱঞ্চনা কৰি হেতালিহে খেলাৰ আৰম্ভ কৰিছে৷ চৰকাৰৰ এনে ভূমিকাক কোচ-ৰাজবংশী ছাত্ৰ সন্থাই তীব্ৰ ভাষাৰে গৰিহণা দি কয় যে ২০১৪ চনৰ পৰা প্ৰতিটো লোকসভা আৰু বিধানসভাত এই বিজেপি চৰকাৰখনে তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত বিজেপি চৰকাৰ গঠন হ’লে ছমাহৰ ভিতৰত কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু দুৰ্ভাগ্যৰ কথা, প্ৰথম কাৰ্যকাল শেষ হৈ দ্বিতীয় কাৰ্যকাল কৰা বহুদিন অতিক্ৰম কৰাৰ পিছতো কিন্তু চৰকাৰৰ প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতিয়েই হৈ থাকিল৷ কোচ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ সকলো বৈশিষ্ট থকাৰ পিছতো জনজাতিকৰণ নকৰি বৰঞ্চ অসমৰ কোচ-ৰাজবংশীসকলক বিভিন্ন ধৰণে হাৰাশাস্তি কৰাৰহে আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷ উদাহৰণ স্বৰূপে যি সময়ত ‘কা’ৰ জৰিয়তে হিন্দু লোকক সুৰক্ষাৰ কথা কোৱা হৈছে বিদেশৰ নাগৰিকক ভাৰতত স্থান দিয়াৰ কথা কোৱা হৈছে, সেই একে সময়তে অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া জনগোষ্ঠী কোচ- ৰাজবংশীসকলৰ উপযুক্ত প্ৰমাণ-পত্ৰ আৰু বৰ্তমানা ভোট দি খকা ভোটাৰকো ডি-ভোটাৰ সজাই বিদেশী ন্যায়াধিকৰণ আদালতৰ পৰা জাননী জাৰি কৰি হাৰাশাস্তি কৰি আহিছে৷ অসমৰ বিভিন্ন জিলাৰ বহু কোচ-ৰাজবংশী লোকক এতিয়াও ডিটেনচন শিবিৰত আবদ্ধ কৰি ৰাখি আছে৷ কাচ-ৰাজবংশীসকলৰ ওপৰত চলা এই অত্যাচাৰ এক লজ্জাজনক৷ এই সন্দৰ্ভত বিভাগীয় বিষয়াসকলৰ লগত আলোচনা কৰাত তেখেতসকলে এনেধৰণৰ অত্যাচাৰ পুনৰাই নহয় বুলি প্ৰতিশ্ৰুতিও দিছিল৷ কিন্তু পুনৰ এনেধৰণৰ অত্যাচাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে এনেধৰণৰ কাৰ্য শীঘ্ৰে বন্ধ কৰিবলৈ সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে৷ তদুপৰি অসম আৰু কেন্দ্ৰীয় চৰকাৰে কোচ-ৰাজবংশীসকলক ভাগ ভাগ কৰাৰ যি চক্ৰান্ত ৰচিছে তাকো বন্ধ কবিবলৈ আক্ৰাছুৱে সকীয়াই দিছে৷ কিয়নো একেখন ৰাজ্যৰ সকলো কোচ-ৰাজবংশী লোকে নিজৰ প্ৰাপ্য আদায়ৰ বাবে দীৰ্ঘদিন ধৰি গণতান্ত্ৰিক আন্দোলন কৰি আহিছে৷ কিন্তু অসম চৰকাৰে উজনি অসম, মধ্য অসমৰ কোচ-ৰাজবংশীসকলক বঞ্চিত কৰি কেৱল মাত্ৰ অসমৰ পশ্চিম অংশক গুৰুত্ব প্ৰদান কৰা দেখা যায়৷ উদাহৰণ স্বৰূপে কেএচি ঘোষণা, এছটিপি হিচাপে ঘোষণা, ভূমি সংৰক্ষণৰ ব্যৱস্থা ইত্যাদি৷ আজিৰ দিনতসমূহ অসমৰ লগতে বিটিআৰ স্বায়ত্তশাষিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাষিত পৰিষদ, ৰাভা হাছং স্বায়ত্তশাষিত পৰিষদৰ অন্তৰ্গত কোচ-ৰাজবংশীসকল সকলো দিশতে বঞ্চিত হৈ আছে৷ আজি বিটিআৰত কোচ-ৰাজবংশীসকলৰ ভূমিৰ অধিকাৰ সংৰক্ষিত নাই কাৰণে মাটিৰ পট্টা পোৱা নাযায়৷ শিক্ষাৰ ক্ষেত্ৰত সংৰক্ষণৰ ব্যৱস্থা নাই, চাকৰিৰ সংৰক্ষণৰ ব্যৱস্থা নাই, ৰাজনৈতিক দিশত সংবক্ষণৰ ব্যৱস্থা নাই৷ গতিকে খিলঞ্জীয়া ভূমিপুত্ৰৰ বাবে এয়া অতিকৈ লজ্জাজনক বিষয়৷ সেয়ে স্বায়ত্ত পৰিষদসমূহত ভূমিৰ অধিকাৰ, ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ বাবে আহ৩ান জনালোঁ৷ অসম চৰকাৰে মাজে মাজে আঁচনি ঘোষণাৰে কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ বিপুল দাবীত কোচ-ৰাজবংশী উন্নয়ন পৰিষদ গঠন কৰিছে যদিও সেয়া কোনো কোচ-ৰাজবংশী জাতীয় দল-সংগঠনৰ লগত আলোচনা-বিলোচনা নকৰাকৈ কেৱল দলীয় কৰ্মী হোৱা বাবে প্ৰণৱ নাৰায়ণক অধ্যক্ষ হিচাপে লৈ এখন উন্নয়ন পৰিষদ গঠন কৰে৷ এই সমিতিত কোন কোন কোচ-ৰাজবংশী তথা জাতীয় সংগঠনৰ সদস্য অন্তভুৰ্ক্ত হ’ল সেয়া আজিলৈ ৰাজহুৱা নহ’ল৷ এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ৩ান জনাওঁ যে সমগ্ৰ অসমৰ কোচ-ৰাজবংশীসকললাভৱান্বিত হোৱাকৈ উন্নয়ন পৰিষদ গঠন কৰক, অন্যথা এই ভেঁকো-ভাওনা বন্ধ কৰক৷ তদুপৰি এইটোও জনাওঁ যে বিজেপি চৰকাৰখনে অসমৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিল চৰকাৰ হ’লে–‘অচ্ছে দিন আয়েগা৷’– ক’ত গ’ল আজি সেয়া কথা, সেই প্ৰতিশ্ৰুতি৷ অসমৰ জনসাধাৰণে বহু আশাৰে চৰকাৰ গঠন কৰাত সহায় কৰিলে৷ যাৰ পৰিণাম আজি সকলোৱে ভুগি আছে৷ আজি বস্তুৰ মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণক কোঙা কৰি পেলাইছে৷ দুখীয়া জনসাধাৰণে আজি এসাঁজ ভাত ভালকৈ খাবলৈ এশবাৰ চিন্তা কৰিবলগীয়া হৈছে৷ চৰকাৰৰ আঁচনি হৈয়েই আছে৷ সফল ৰূপায়ণ হোৱা দেখা পোৱা নাই৷ উদাহৰণ স্বৰূপে ঃ অন্ন সুৰক্ষা যোজনাৰ জৰিয়তে দুখীয়া পৰিয়ালৰ চাউলসমূহ বিনামূলীয়া কৰি দিলে যদিও একেখিনি সুলভ মূল্যৰ কেৰাচিন প্ৰতি লিটাৰত ২৫ টকাৰ পৰা ৫০ টকা কৰি দিলে৷ অৰুণোদয় আঁচনি ঘোষণা কৰিলে, কিন্তু এই আঁচনিত সকলো প্ৰাপ্য হিতাধিকাৰী অন্তৰ্ভুক্ত নহ’ল৷ এনেধৰণৰ উদাহৰণ আৰু বহুতো আছে বুলি কয় সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ সভাপতি অতুল বৰ্মনে৷ এই সংবাদেমলত কোচ-ৰাজবংশী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভূপেন ৰায়, ওদালগুৰি জিলা সমিতিৰ সভাপতি শ্ৰীবাস সিংহ, ওদালগুৰি জিলা সন্মিলনীৰ সভাপতি ভাস্কৰ সিংহ, সম্পাদক অখিল ৰাজবংশীৰ লগতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ বহুতো বিষয়ববীয়া উপস্থিত থকা সভাখনত সভাৰ শেষত মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তুলি চৰকাৰৰ বিৰুদ্ধে বিভিন্নধৰণৰ শ্ল’গান দি অঞ্চলটোৰ পৰিৱেশ উত্তাল কৰি তোলে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here