Home স্থানীয় লালুকত নদী বান্ধৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

লালুকত নদী বান্ধৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ

260
0

গণ বাৰ্তা, লালুক,১ ছেপ্তেম্বৰঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মঙ্গলবাৰে লখিমপুৰ জিলাৰ লালুকত উপস্থিত হয় প্ৰাক্তন ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতা বিদ্যুৎ শইকীয়া । বিদ্যুৎ শইকীয়াৰ লগত আহে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ মুকুট ডেকা,ৰাজুৰাজ বৰপাত্ৰ গোহাঁইকে ধৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ এটি দ’ল । লালুকত উপস্থিত হৈ দলটোৱে লখিমপুৰ জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মী সকলৰ লগত লালুকত অৱস্থিত জিলা কাৰ্যালয়ত কেইবাঘণ্টা ধৰি আলোচনাত মিলিত হয় । দলটোৰ নেতৃত্বত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়াই আলোচনাৰ অন্তত সাংবাদিকৰ আগত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে মন্তব্য আগবঢ়ায় । তেওঁ কয় যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে বিভিন্ন দ’ল-সংগঠনৰ প্ৰতিবাদত যোৱা ২০১১ চনৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ কাম বন্ধ হৈ আছিল । কিন্তু লক-ডাউনৰ সুযোগ গ্ৰহণ কৰি এন.এইচ.পি.চিয়ে চৰকাৰৰ সহযোগত গোপনে এই বৃহৎ নদী বান্ধটোৰ কাম সম্পূৰ্ণ কৰাৰ পথত । শেহতীয়াকৈ এই নদীবান্ধটোৰ ওপৰেৰে পানী বাগৰাৰ লগতে গাৰ্ড ৱালৰ ক্ষতি হোৱাৰ ঘটনা সংঘটিত হৈছে । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শীঘ্ৰেই এই বৃহৎ নদী বান্ধটোৰ বিৰুদ্ধে পুনৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ স্থিতি বৰ্তমানো পূৰ্বৰ দৰেই আছে । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কোনোপধ্যেই জলবোমা সদৃশ এই বৃহৎ নদী বান্ধটো সমৰ্থন নকৰে । ইয়াৰ উপৰিও নেতা গৰাকীয়ে যোৱা কেইদিনমানৰ আগতে ধেমাজি মৰিধল মহাবিদ্যালয়ৰ নন্দিতা শইকীয়া নামৰ এগৰাকী ছাত্ৰীক দিন-দুপৰতে দাৰে ঘপিয়াই হত্যা কৰাৰ কথা উদাহৰণ দি কয় যে বৰ্তমানৰ নাৰী সুৰক্ষা দিব নোৱাৰ বিজেপি চৰকাৰ খনে গো-সুৰক্ষা আইনৰ জৰিয়তে গো-পালকসকলক ৰামটাঙোন দিয়াৰ বাবে আগবাঢ়িছে । এই গো-সুৰক্ষা আইনৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিব । কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এই আইন কেতিয়াও মানি নলয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here