Home Main Stories ‘অসমৰ মাটি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়’ -গৌৰৱ...

‘অসমৰ মাটি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়’ -গৌৰৱ গগৈ

234
0

গনবার্তা টুকটুকী,২৪জানুৱাৰী: “অসমৰ মাটি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সম্পত্তি নহয়।যত তেওঁলোকে বিচাৰে সৰুপথাৰত বাগান লব।যত তেওঁলোকে বিচাৰে নিজৰ বিধান সভাৰ সমষ্টিত ভুমিহীন মানুহৰ পৰা মাটিলৈ নিজৰ পৰিয়ালৰ নামত লৈ লব।যত তেওঁলোকে বিচাৰে মিজোৰামত জিলাই জিলাই দি দিব।যত তেওঁলোকে বিচাৰে মেঘালয়ক দি দিব। এইটো মুখ্য মন্ত্ৰীৰ প্ৰচাৰৰ কাৰণে আজি দিল্লীত তেওঁলোকৰ বাতৰি ওলাই। আজি অসমৰ মাটিক লৈ যি খেলা খেলিছে  সেইটো সছাকৈ লজ্জা জনক । আমি কংগ্ৰেছে এক‌ ইঞ্চিও  মাটিও নিদিওঁ।আমি আইনৰ আশ্ৰয়  লম ।” আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত কদমনি আঞ্চলিক ঈদগাহ ৰ ২০২১_২২ বৰ্ষৰ MGNREGA. আচনিৰ শুভাৰম্ভ কৰি এখন কৰ্মী সভাত এইদৰে কয় কলিয়াবৰ লোকসভাৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ দলপতি গৌৰৱ গগৈয়ে। বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ উদ্যোগত অনুষ্টিত হোৱা  কৰ্মী সভাখনত গগৈয়ে আৰু কয় যে “নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কৃত্তি কমল বৰাক স্বয়ং মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে গুলীৱা হৈছে।” বটদ্ৰৱা ব্লক কংগ্ৰেছ কমিটীৰ সভাপতি নুৰুল আমিনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা কৰ্মী সভাখনত বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়িকা শিৱামনি বৰাই ভাষন প্ৰদান কৰি আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলীয় সদস্য ভৰ্ত্তি অভিযান আৰম্ভ কৰিবলৈ কৰ্মী সকলক আহ্বান জনায়। সাংবাদিকৰ প্ৰশ্নোত্তৰত বিধায়িকা গৰাকীয়ে বটদ্ৰৱা সমষ্টিৰ পুনৰ নিৰ্মান আৰু নিৰ্মান হৈ থকা গড়কাপ্তানী পথ সমূহত ঠিকাদাৰৰ লুণ্ঠনৰ লগতে বিভাগীয় মৌনতা সম্বন্ধে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিব বুলি কয়। ইপিনে বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত আমলক্ষীৰ এখন কৰ্মী সভাত সাংসদ গৌৰৱ গগৈ আৰু বিধায়িকা শিৱামনি বৰাই অংশ গ্ৰহণ কৰি আমলখি ঈদগাহ ময়দানৰ উন্নয়নৰ বাবে পাঁচলাখ টকাৰ অনুদান দিয়াৰ কথা সাংসদ গৰাকীয়ে ঘোষণা কৰে। উল্লেখ্য যে আমলখিৰ ৰাজহুৱা সভাত বিধায়িকা শিবামনী বৰাই নিৰ্বাচনৰ পিছৰ পৰা অঞ্চল সমূহত কোনোদিনেই উপস্থিত নোহোৱাৰ বাবে জবাবদিহি কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here