Home স্থানীয় সৰ্ববৃহৎ নিজ খাৰুপেটীয়াৰ বেলতলী‌ ঈদগাহত নিমাওমাও পৰিবেশ; চৰকাৰৰ নিৰ্দেশ মানি...

সৰ্ববৃহৎ নিজ খাৰুপেটীয়াৰ বেলতলী‌ ঈদগাহত নিমাওমাও পৰিবেশ; চৰকাৰৰ নিৰ্দেশ মানি সমুহীয়া নামাজ বৰ্জন

25
0

গনবাৰ্তা, দলগাও, ২২ জুলাই : কাল কৰণাৰ ভয়াবহতাৰ মাজতেই সমগ্ৰ দেশৰ লগতে দৰঙৰ খাৰুপেটীয়াতো পালন কৰা হয় পবিত্ৰ ঈদ উল আজহা নামাজ । পিছে উলহ মালহেৰে নহয় বিগত বছৰৰ দৰে এই বছৰো চৰকাৰে কভিডৰ বাবে জাৰি কৰা নীতি নিৰ্দেশনা মানি খাৰুপেটীয়াৰ বিভিন্ন মজছিদ ও ঈদগাহ সমূহৰ লগতে ঘৰে ঘৰে সামাজিক দুৰত্ব বজাই ৰাখি ইছলাম ধৰ্মী লোকসকলে ‌পালন কৰে পবিত্ৰ ঈদ উল আজহাৰ নামাজ । উল্লেখযোগ্য যে প্ৰত্যেক বছৰত পোন্ধৰ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা দৰঙৰ সৰ্ববৃহৎ নিজ খাৰুপেটীয়াৰ বেলতলী ঈদগাহত এইবাৰো অনুষ্ঠিত নহ’ল সমুহীয়া ঈদৰ নামাজ । বিগত বছৰৰ দৰে এই বছৰো কৰণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এচ অ পি জাৰি কৰি পাচজনতকৈ অধিক লোকৰ উপস্থিতিৰে সমূহীয়া ঈদৰ নামাজ অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰে । প্ৰশাসনৰ উক্ত নিৰ্দেশক সৰোগত কৰি নিজ খাৰুপেটীয়াস্হিত বেলতলী ঈদগাহ কমিটি,খাৰুপেটীয়া টাউন জামে মছজিদ , দলগাও জামে মছজিদ , ভোটপুখুৰী সমূহীয়া ঈদগাহ , অচিনতলা জামে মছজিদকে আদি কৰি দলগাও আৰু খাৰুপেটীয়াৰ বিভিন্ন অঞ্চলৰ সকলো মছজিদ ও ঈদগাহ কমিটিয়ে সমূহীয়া নামাজ বৰ্জন কৰি ঘৰে ঘৰে পবিত্ৰ ঈদ উল আজহাৰ নামাজ সম্পন্ন কৰাত এক নিমাওমাও পৰিবেশে বিৰাজ কৰে ঈদগাহ সমূহত ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here