Home যোৰহাট যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ প্ৰশংসনীয় সফলতা: আধুনিক প্ৰযুক্তিৰে কয়লা খনিৰ শিলাময়...

যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীৰ প্ৰশংসনীয় সফলতা: আধুনিক প্ৰযুক্তিৰে কয়লা খনিৰ শিলাময় ভূমিক পৰিণত কৰিছে সেউজীয়া উপতক্যাত

92
0

ষ্টাৰ্ফ ৰিপ’ৰ্টাৰ, যোৰহাট, ৫ অক্টোবৰ: কয়লাৰ মুক্ত খননৰ ফলত সৃষ্টি হোৱা প্ৰদূষণময় অনুৰ্বৰ পতিত ভূমিত যোৰহাটৰ চটাইত অৱস্থিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ এদল বিজ্ঞানীয়ে বিশেষ প্ৰযুক্তিৰে সেউজীকৰণ কৰি পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াই আনিছে। অসমৰ  মাৰ্ঘেৰিটা, লিডু, লেখাপানী, টিৰাপ আৰু মেঘালয়ৰ কিছু কিছু অংশত দীৰ্ঘকাল ধৰি কয়লাৰ মুক্ত খননৰ ফলত অৰণ্যভূমি ধ্বংসৰ লগতে শিলাময় পতিত ভূমিৰ সৃষ্টি হৈ আহিছে। লগতে সৃষ্টি হৈছে ভয়াৱহ প্ৰদূষণ। প্ৰকৃতিৰ প্ৰতি সৃষ্টি হোৱা তীব্ৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰৰ কয়লা মন্ত্ৰালয়ে যোৰহাটৰ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানক পতিত ভূমিবোৰত স্থানীয় গছপুলি ৰোপণৰ দ্বাৰা পৰিৱেশ পুনৰুদ্ধাৰৰ লগতে জৈৱ- বৈচিত্ৰ্য সংৰক্ষণত গুৰুত্ব দি প্ৰযুক্তি কৌশল উদ্ভাৱন কৰিবৰ কাৰণে অনুৰোধ জনায়। কয়লা মন্ত্ৰালয়ৰ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই গৱেষণা প্ৰতিষ্ঠানটোৰ জ্যেষ্ঠ বিজ্ঞানী ড০ প্ৰশান্ত হাজৰিকা আৰু ড০ দন্দেশ্বৰ দত্তৰ নেতৃত্বত এদল বিজ্ঞানীৰ তিনি বছৰীয়া কষ্টসাধ্য গৱেষণাৰ ফলত কয়লা খননৰ ফলত সৃষ্টি হোৱা পতিত ভূমিত গছপুলি ৰোপণৰ সফল পদ্ধতি উদ্ভাৱন হয়। অণুজীৱ প্ৰযুক্তিকে ধৰি কে’বাটাও আধুনিক বৈজ্ঞানিক পদ্ধতিৰ সহায়ত বিজ্ঞানীৰ দলটোৱে মাৰ্ঘেৰিটাৰ টিকক কয়লাখনিত গছ-গছনিৰে সেউজীয়া পৰিৱেশ গঢ়ি তুলিছে। বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীদ্বয়ে ইতিমধ্যে উত্তৰ-পূব কয়লাখনি সংমণ্ডলৰ ৩০জন বিষয়া-কৰ্মচাৰীক নতুন ৰোপণ প্ৰযুক্তিৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰিছে। উক্ত প্ৰশিক্ষণত  বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ দ্বাৰা প্ৰস্তুত কৰি উলিওৱা ‘বীজ বল প্ৰযুক্তি’ নামৰ কাৰিকৰী পুথি উত্তৰ-পূব কয়লাখনি সংমণ্ডলৰ মহাপ্ৰবন্ধক সৌন্দৰ্য প্ৰকাশ দত্তই প্ৰশিক্ষণত উন্মোচন কৰি প্ৰশিক্ষাৰ্থীসকলক পতিত ভূমি পুনৰুদ্ধাৰৰ লগতে পৰিৱেশ তথা জৈৱ- বৈচিত্ৰ্য সংৰক্ষণৰ কাৰণে কাম কৰি যাবলৈ আহ্বান জনায়। টিকক কয়লাখনিৰ মুখ্য পৰিচালক শৰৎ মুখাৰ্জী, সংমণ্ডলৰ বন আৰু পৰিৱেশ বিভাগৰ মুৰব্বী লিলী গগৈয়ে কয়লাৰ মুক্ত খননৰ ফলত সৃষ্টি হোৱা পতিত মাটিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানসন্মত আধুনিক পদ্ধতি সমগ্ৰ ভাৰততে সম্ভৱ হ’ব বুলি অভিব্যক্তি প্ৰকাশ কৰে। প্ৰশিক্ষণৰ সমাৰণিত বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠানৰ বিষয়া প্ৰতুল হাজৰিকাই সকলোকে শলাগ জনায়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here