গণ বাৰ্তা বিশেষ, বোকাখাত, ২৬ ডিচেম্বৰ : অমিক্ৰমৰ আতংকৰ মাজতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি বলৈ অহা এগৰাকী বিদেশ পৰ্যটকৰ দেহত ক’ভিড ৰোগৰ বীজানু ধৰা পৰাৰ তথ্য পোহৰলৈ আহিছে। উল্লেখ্য যে, ভাৰতীয় মুলৰ আমেৰিকান মহিলা পৰ্যটকৰ দেহত কভিড বিজানু ধৰা পৰাৰ পাছত কাজিৰঙাত তৎপৰ হৈ পৰিছে স্বাস্থ্য বিভাগ৷ কাজিৰঙাৰ বগৰিজুৰিস্থিত এখন ব্যক্তিগত পৰ্যটন নিবাসত দুদিন ধৰি বাহৰ পাতি আছে ভাৰতীয় মুলৰ আমেৰিকা নিবাসী তিনিজনীয়া পৰ্যটকৰ দলটো। বিভাগীয় সূত্ৰে জানিব পৰা মতে যে কভিডত আক্ৰান্ত বিদেশী মহিলা পৰ্যটকগৰাকীৰ লগতে পৰিয়ালৰ আন দুজন সদস্যই আজি পুৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত মিহিমুখত হাতী চাফাৰী কৰাৰ উপৰি জীপ চাফাৰীও কৰিছিল ৰাষ্ট্ৰীয় উদ্যানখনত। ইয়াকে লৈ অধিক চিন্তিত হৈ পৰিছে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ, স্বাস্থ্য বিভাগৰ লগতে কাজিৰঙাবাসী ৰাইজ। জানিব পৰা মতে গুৱাহাটী বিমান বন্দৰতেই ক’ভিড পৰীক্ষা কৰাত উক্ত বিদেশী পৰ্যটকৰ দেহত ক’ভিডৰ বীজানু ধৰা পৰাত গুৱাহাটীৰ ৰেডিচন ব্লু নামৰ হোটেলত থাকিবলৈ প্ৰশাসনে নিৰ্দেশ দিছিল যদিও বিদেশী পৰ্যটকৰ দলটো কালি কাজিৰঙাকৈ আহে। ইফালে আজি বোকাখাত মহকুমা প্ৰশাসনে এই খবৰ পাএই স্বাস্থ্য বিভাগৰ লোকৰ দ্বাৰা পুনৰ পৰ্যটকৰ তিনিজনীয়া দলটোৰ লগতে বাহৰ পাতি থকা উক্ত পৰ্যটন নিবাসৰ সংস্পৰ্শলৈ অহা কৰ্মচাৰীসকলৰো ক’ভিড পৰীক্ষা কৰা হয় যদিও কেৱল উক্ত বিদেশী মহিলা পৰ্যটকৰ বাদে সকলো ক’ভিড মুক্ত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে কেইদিনমান পূৰ্বে কাজিৰঙাৰ এখন ৰেষ্টুৰেন্টৰ গৰাকীক লৈ চাৰিজন লোকৰ দেহত ক’ভিড ৰোগৰ বীজানু ধৰা পৰাত বোকাখাত মহকুমা প্ৰশাসনে ৰেষ্টুৰেন্টখন বন্ধ কৰিবলৈ বাধ্য হৈছিল ।
ReplyForward |