Home অসম কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সদনত মন্ত্ৰী ড॰ ৰণোজ পেগুৰ...

কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ সদনত মন্ত্ৰী ড॰ ৰণোজ পেগুৰ অসহায় স্বীকাৰোক্তি

85
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৯ ছেপ্টেম্বৰ:
ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগক লৈ পুনৰবাৰ বিজেপি চৰকাৰে ওলোটা খৰ মাৰিছে৷ নিৰ্বাচনী ভাষণত ডিঙিৰ সিৰ ফুলাই ক্ষমতালৈ আহিলেই ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যদিও উক্ত ঘোষণা অসাৰ প্ৰতিপন্ন হ’ল৷ পুনৰবাৰ জনজাতিকৰণৰ নামত ছয় জনগোষ্ঠীক চৰম প্ৰতাৰণা কৰিলে বিজেপি চৰকাৰে৷ অসমৰ ছয় জনগোষ্ঠীক বাদ দি বাকী পাঁচ ৰাজ্যৰ ১৫টা জনগোষ্ঠীক কেন্দ্ৰীয় কেবিনেটে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰে৷ নিৰ্বাচনৰ সময়ত অষ্টলক্ষ্মী আৰু ‘এ’ ফৰ আছাম বুলি ঘোষণা কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰবাৰ অসমৰ ছয় জনগোষ্ঠীক চূড়ান্ত প্ৰতাৰণা কৰি একপ্ৰকাৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিলে৷ বিজেপিৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে প্ৰতিবাদ৷ এনে প্ৰতিবাদৰ মাজতে আজি মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সদনৰ মজিয়াত ঘোষণা কৰে যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ অধীনৰ বিষয়৷ কেন্দ্ৰীয় চৰকাৰেহে সিদ্ধান্ত ল’ব পাৰে৷ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ইতিমধ্যে ছয় জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে৷ প্ৰতিটো জনগোষ্ঠীৰ উন্নয়নৰ বাবে ২৫ কোটি টকাকৈ আগবঢ়োৱা হৈছে আৰু উন্নয়ন পৰিষদ আৰু স্বায়ত্ত শাসিত পৰিষদ গঠন কৰা হৈছে৷ সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মোদী চৰকাৰৰ এই প্ৰতাৰণাৰ বিৰুদ্ধে জাঙুৰ খাই উঠি কয় যে ২০১৪ চনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে ক্ষমতালৈ আহিলে ছমাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিব৷ কিন্তু পুনৰবাৰ প্ৰতাৰণা কৰিলে চৰকাৰে৷ ছয় জনগোষ্ঠীৰ বিষয়টো ফুটবলৰ দৰে বাগৰি আছে৷ পূৰ্বে বিধানসভাই প্ৰস্তাৱ গ্ৰহণ কৰিছিল যে সৰ্বদলীয় প্ৰতিনিধি দিল্লীলৈ গৈ ছয় জনগোষ্ঠীৰ বিষয়টো সমাধান বিচাৰিব৷ কিন্তু সেয়া নহ’ল৷ পুনৰবাৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিবলৈ বিধানসভাৰ এটা সৰ্বদলীয় দল দিল্লীলৈ গৈ প্ৰস্তাৱ প্ৰেৰণ কৰাৰ এক সিদ্ধান্তৰ কথা দেৱব্ৰত শইকীয়াই উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here