ষ্টাফ ৰিপ’ৰ্টাৰ, মঙলদৈ, ১৬ মে’ ঃ দৰঙত এতিয়া অভাৱ নাই প্ৰতিভাৱান যুৱক-যুৱতী নাইবা ছাত্ৰ-ছাত্ৰীৰ৷ কোনোৱে যদি আৱিষ্কাৰ কৰিছে অভিনৱ পদ্ধতিৰ চাইকেল, আকৌ কোনোবাই আবিষ্কাৰ কৰিছে ইন্ধন নোহোৱাকৈ চলিব পৰা চাৰিচকীয়া বাহনৰ৷ উল্লেখযোগ্য যে বিগত ২০২০ আৰু ২০২১ চনৰ জটিল ক’ভিড পৰিস্থিতিৰ সময়ত ৰাজ্যখনত লকডাউন চলি থকাৰ পৰিপ্ৰেক্ষিতত বিদ্যালয়সমূহ বন্ধ হৈ আছিল আৰু সেই সময়তে বহুতো প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীয়ে নিজৰ উদ্ভাৱনী চিন্তা শক্তিৰ জৰিয়তে ন ন কৌশল অৱলম্বন কৰি বিভিন্ন সা-সৰঞ্জাম, যন্ত্ৰ-পাতি আদি আৱিষ্কাৰ কৰাত মনোনিৱেশ কৰিছিল৷ মুঠতে দৰং জিলাৰ বিভিন্ন প্ৰান্তত প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীৰ ইটোৰ পাছত সিটো নতুন নতুন আৱিষ্কাৰে এক আশাৰ বতৰা কঢ়িয়াই আনিছে৷ শেহতীয়াভাৱে জিলাখনৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰৰ এক চমৎকাৰী উদ্ভাৱন এতিয়া বিশেষভাৱে চৰ্চাৰ বিষয় হৈ পৰিছে৷ জানিব পৰা মতে, ছাত্ৰজনে সম্পূৰ্ণ নিজস্ব উদ্ভাৱনী চিন্তা প্ৰয়োগ কৰি আৱিষ্কাৰ কৰি উলিয়াইছে এটি বিশেষ ‘ম’বাইল ইণ্ডিকেটৰ’৷ যিটো যন্ত্ৰৰ সহায়ত ঘৰ অথবা ঘৰৰ চৌহদত কোনো লোক প্ৰৱেশ কৰিলেই আপোনাৰ লগত থকা ম’বাইল ফোনটো স্বয়ংক্ৰিয়ভাৱে বাজি উঠিব আৰু তেতিয়াই আপুনি নিশ্চিত হ’ব পাৰিব যে আপোনাৰ ঘৰ নাইবা ঘৰৰ চৌহদত কোনো ব্যক্তি প্ৰৱেশ কৰিছে৷ দৰং জিলাৰ লেঙেৰীয়াঝাৰ কৃষক হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ অবিনাশ ডেকাই সাজি উলিওৱা এই বিশেষ যন্ত্ৰটিত এটা ম’বাইল ডিভাইচ স্থাপন কৰা আছে৷ অন্যান্য কিছু সামগ্ৰী যেনে– ক্ষুদ্ৰ মটৰ, ম’বাইলৰ পুৰণি বেটেৰী আদি বিশেষভাৱে সংযোগ কৰাৰ পিছত যন্ত্ৰটোৰ বাহিৰ ফালে এটা ‘‘চেন্সৰ’’ সংযোগ কৰি থোৱা হৈছে৷ এতিয়া যন্ত্ৰটো কাৰ্যক্ষম কৰাৰ বাবে এটা লেজাৰৰ সহায়ত যন্ত্ৰটোৰ চেন্সৰটোত ৰশ্মিৰে সংযোগ কৰা হৈছে৷ গৃহত প্ৰৱেশদ্বাৰৰ সন্মুখত যন্ত্ৰটি এনেদৰে স্থাপন কৰা হ’ব যে কোনো লোক দুৱাৰৰ ফালে আগবাঢ়ি আহিলেই লেজাৰৰ ৰশ্মিটো ব্যাহত হৈ পৰে আৰু তেতিয়াই যন্ত্ৰটোত স্থাপন কৰি থোৱা ম’বাইল ডিভাইচটোৰ ‘স্পীড ডায়েল’ত যিটো নম্বৰ ছেভ কৰি থোৱা থাকিব, সেই ফোনটোলৈ স্বয়ংক্ৰিয়ভাৱে ফোন যাব৷ ফোনটো বাজি উঠিলেই গৰাকীয়ে গম পাব যে ইতিমধ্যে কোনো লোক ঘৰ বা ঘৰৰ চৌহদত প্ৰৱেশ কৰিছে৷ আনকি ফোনটো ৰিচিভ নকৰিলেও ডিভাইচটোৰ ওচৰত কথা পাতি থকা কথাবোৰো শুনিবলৈ পোৱা যাব৷ ইফালে, ঘৰৰ প্ৰৱেশ পথ বেলেগ বেলেগ হ’লেও কাঁচৰ সহায়ত ৰশ্মিৰ প্ৰতিফলন ঘটাইও যিকোনো পথেৰে প্ৰৱেশ কৰিলেই সংকেত অহাৰ ব্যৱস্থা কৰা হৈছে৷ বিশেষ এই যে সাম্প্ৰতিক সময়ত চোৰ-ডকাইতৰ সন্ত্ৰাস দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এনে পৰিস্থিতিত এইবিধ যন্ত্ৰ যথেষ্ট উপযোগী হ’ব বুলি সচেতন ৰাইজে মতপোষণ কৰিছে৷ উল্লেখযোগ্য যে বিজ্ঞান অনুসন্ধিৎসু মনৰ ছাত্ৰ অবিনাশ ডেকাৰ প্ৰকৃত ঘৰ ওদালগুৰি জিলাৰ ভূঞাখাটত৷ পিতৃ-মাতৃ ক্ৰমে দুতিৰাম ডেকা আৰু নিবেদিতা ডেকা৷ অৱশ্যে অধ্যয়ন সূত্ৰে দৰঙৰ বৰঙাবাৰী গাঁৱৰ মোমায়েকৰ ঘৰত থাকিয়েই অবিনাশে অব্যাহত ৰাখিছে নিজৰ অধ্যয়ন৷ উল্লেখযোগ্য যে অবিনাশৰ এয়াই প্ৰথম উদ্ভাৱন নহয়, পূৰ্বতেও আন বিভিন্ন বৈজ্ঞানিক সামগ্ৰী উদ্ভাৱন কৰিছিল তেওঁ৷ বিশেষকৈ বিগত ক’ভিডসৃষ্ট পৰিৱেশৰ সময়তো এটি ‘স্বয়ংক্ৰিয় চেনিটাইজাৰ’ উদ্ভাৱন কৰি প্ৰশংসিত হৈছিল ছাত্ৰগৰাকী৷ আনকি এনেধৰণৰ বিজ্ঞান অনিসন্ধিৎসু চিন্তা-চৰ্চাৰ বাবেই চলিত বৰ্ষৰ জুলাই-আগষ্ট মাহত ‘ভাৰত ছায়েন্স ছ’চাইটী’ৰ উদ্যোগত কলকাতাত আয়োজন কৰা বিজ্ঞান সমাৱেশলৈ আমন্ত্ৰিত হৈছে অবিনাশ ডেকা৷ মেধাৱী ছাত্ৰ অবিনাশ ডেকাই অনাগত দিনত আৰু অধিক উৎসাহেৰে আগবাঢ়ি যোৱাৰ কামনা কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ আৰু সুস্বাস্থ্য কামনা কৰিছে তেওঁৰ শুভাকাংক্ষীসকলে৷