Home স্থানীয় দূৰ্ঘটনাত পতিত এজন যুৱকৰ কৰুণ জীৱন গাথা ; পুত্ৰ নেকিবৰ অসহায় অৱস্থা...

দূৰ্ঘটনাত পতিত এজন যুৱকৰ কৰুণ জীৱন গাথা ; পুত্ৰ নেকিবৰ অসহায় অৱস্থা দেখি মানসিক ভাৱে দুৰ্বল হৈ পৰিছে মাতৃ

189
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২ জুলাই : নগাঁৱৰ এজন যুৱকৰ কৰুণ জীৱন গাথাই সকলোকে ব্যথিত কৰি তুলিছে। আৰ্থিক ভাৱে দূৰ্বল যুৱক জনৰ পৰিয়ালে এতিয়া দিক বিদিক হেৰুৱাই অতি কষ্টৰে জীৱন অতিবাহিত কৰিব লগা হৈছে। যুৱক জনৰ চিকিৎসাৰ বাবে এতিয়া পৰিয়ালেটোৱে অৰ্থৰ সংকটত পৰি হাহাকাৰ কৰিব লগা হৈছে। নগাঁও চহৰৰ সমীপৰ ডিমৰুগুৰিৰ বালিভূইৰ নেকিব আলি নামৰ যুৱকজন উপযুক্ত চিকিৎসাৰ অভাৱত ঘৰতে পৰি থাকিব লগীয়া হৈছে। আৰ্থিক ভাৱে দুৰ্বল ৰফিক আলি আৰু হালিমা বেগমৰ পুত্ৰ নেকিব আলিয়ে পৰিয়ালৰ লোকৰ জীবিকা নিৰ্বাহৰ ৰক্ষ্যৰে বহি: ৰাজ্য অৰুণাচলত কাম কৰিছিল। পৰিয়ালক আৰ্থিক ভাৱে সকাহ দিয়াৰ লক্ষ্যৰে আজিৰ পৰা প্ৰায় ৫ বছৰ আগতে বহি ৰাজ্যত উপাৰ্জন কৰা ধন লৈ দূৰ্গা পূজাত ঘৰলৈ অহা নেকিবৰ দুখ দুৰ্দশাৰ অন্ত নপৰিল।

পৰিয়ালৰ লগত দূর্গা পূজাৰ দিনকেইটাত একেলগে আনন্দ উপভোগ কৰাৰ সপোন আধৰুৱা হৈ ৰ’ল নেকিবৰ। দূর্গা পূজাৰ দিনাই ভোটাইগাৱৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত এখন বাহনে নেকিবক খুন্দিয়াই আহত কৰে। অৱশ্যে দূৰ্ঘটনা সংঘটিত কৰা বাহনখন চিনাক্ত নহ’ল। চিৰদিনলৈ ঘূণীয়া হোৱা নেকিবক প্ৰথম অৱস্থাত গুৱাহাটীত পৰিয়ালৰ লোকে চিকিৎসা কৰাইছিল। প্ৰায় ৭ মাহ ধৰি গুৱাহাটীলৈ অহা যোৱা কৰি চিকিৎসা কৰিছিল যদিও নেকিব সুস্থ হৈ নুঠিল। পৰবৰ্তী পৰ্যায়ত ওচৰ চুবুৰীয়া আৰু বিভিন্ন জনৰ সহায় সহযোগিতাত পাটনাত চিকিৎসাৰ বাবে যুৱক জনক লৈ গৈছিল যদিও অৰ্থৰ অভাৱত পাটনাতো উপযুক্ত চিকিৎসা কৰিব নোৱাৰি ওভতি আহিব লগীয়া হয়। অৱশ্যে পাটনাত চিকিৎসকে আঘাট প্ৰাপ্ত ভৰিত ৰড সোমোৱাই স্ক্ৰু লগাই দিয়ে। পাটনাত চিকিৎসা কৰাৰ ফলত কিছু উপশম ঘটিছিল যদিও চিকিৎসকে ৪ লাখ টকা লৈ দুমাহৰ পাছত পাটনালৈ চিকিৎসাৰ বাবে মাতিছিল যদিও ৪ লাখ টকা যোগাৰ কৰিব নোৱাৰাৰ বাবে নেকিবক পুনৰ পাটনলৈ লৈ যাব নোৱাৰিলে। তেতিয়াৰ পৰা যুৱকজন চিকিৎসাৰ অভাৱত ঘৰতে শয্যাগত হৈ আছে। দিন হাজিৰা কৰি জীবিকা নিৰ্বাহ কৰা নেকিবৰ পৰিয়ালটোৱে পুত্ৰৰ চিকিৎসা কৰিব নোৱাৰি হাহাকাৰ কৰিব লগীয়া হৈছে । ৰফিক আলিয়ে ৰিক্সা চলাই আৰু হালিমা বেগমে দিন হাজিৰা কৰি কোনো মতে চলাই থকা পৰিয়ালটোৰ কৰোনা কালীন পৰিস্থিতিৰ বাবে পানীত হাহ নচৰা দৰে হৈছে । চিকিৎসকে ভঙা ভৰি যোৰা দিবৰ বাবে সংযোগ কৰা স্ক্ৰু সমূহ ক্ৰমশঃ খুলি যাবলৈ ধৰিছে। পুত্ৰৰ এই দুৰৱস্থা দেখি মাতৃ হালিমা বেগম মানসিক ভাবে দুৰ্বল হৈ পৰিছে। এতিয়া পৰিয়াটোৰ একমাত্ৰ ভৰসা সদাশয় ব্যক্তি সকলৰ ওপৰত । আজি সংবাদ মাধ্যমৰ আগত অসহায় ভাবে পুত্ৰৰ চিকিৎসাৰ বাবে সদাশয় ব্যক্তি, চৰকাৰ, জন প্ৰতিনিধিৰ লগতে বদৰউদ্দিন আজমলৰ সহায় বিচাৰিছে মাতৃ গৰাকীয়ে।

সংবাদ মাধ্যমৰ আগত নেকিবৰ মাতৃয়ে গুৱাহাটীত চিকিৎসাৰ ক্ষেত্ৰত নেকিবৰ ভূল চিকিৎসা হ’ল বুলি সন্দেহ প্ৰকাশ কৰিছে। যুৱকজনৰ উপযুক্ত চিকিৎসাৰ বাবে সহায় কৰিব বিচৰা সকলক ভাৰতীয় ষ্টেট বেংকৰ পানীগাও শাখাৰ 34552418201 একাউণ্ট নম্বৰত সাহাৰ্য আগ বঢ়াবলৈ পৰিয়ালৰ লোকে আহবান জনাইছে। যুৱক জনৰ চিকিৎসাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here