Home স্থানীয় বিদ্যাপুৰত, পুত্ৰই হত্যা কৰিলে মাতৃক

বিদ্যাপুৰত, পুত্ৰই হত্যা কৰিলে মাতৃক

199
0

গন বাৰ্তা, বইটামাৰী, ২৭ এপ্ৰিল : বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত বিদ্যাপুৰত আজি পুৱতি নিশা এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়। নিজ পুত্ৰই চোকা অস্ত্ৰেৰে ঘপিয়াই হত্যা কৰে মাতৃক। এই ঘটনাক লৈ অঞ্চলটোত বৰ্তমানেও চাঞ্চল্য অব্যাহত আছে। প্ৰাপ্ত তথ্য মতে, গাঁওখনৰ প্ৰাণেশ্বৰী বৰ্মন (৫৫) নামৰ মহিলাগৰাকীক আজি পুৱতি নিশা নিজগৃহতে পুত্ৰ মনজিত বৰ্মনে (৩৫) চোকা অস্ত্ৰেৰে ঘপিয়াবলৈ ধৰে। চোকা অস্ত্ৰৰ উপৰ্যুপৰি আঘাতত মহিলাগৰাকীৰ মৃত্যু হয়। তাৰ পিছত প্ৰতিৱেশীয়ে আৰক্ষীক খবৰ দিয়ে। কিছু সময় পিছতে  বিদ্যাপুৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষালৈ প্ৰেৰণ কৰে। ইফালে হত্যাকাৰী যুৱকজন মানসিক ভাৱে বিকাৰগ্ৰস্ত বুলি জানিব পৰা গৈছে। হত্যাকাৰী যুৱকজনক আৰক্ষীয়ে আটক কৰি মানসিক বিকাৰগ্ৰস্ত বাবে চিকিৎসাৰ বাবে তেজপুৰৰ মানসিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আনহাতে, আজি এই নৃশংস হত্যাকাণ্ডৰ খবৰ পোৱাৰ লগে লগে স্থানীয় অসংখ্য লোকে পৰিয়ালটিৰ বাসগৃহত ভিৰ কৰে । এনে এক ঘটনাই প্ৰতিবেশী সকলকো আচৰিত কৰিছে। মানসিকভাৱে কিছু বিকাৰগ্ৰস্ত যুৱকজনে পূৰ্বেও ঘৰত অশান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল বুলি প্ৰতিৱেশীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here