Home Main Stories আগন্তুক লোকপিয়ল, মাতৃভাষা আৰু মিঞা অসমীয়া জনগোষ্ঠী

আগন্তুক লোকপিয়ল, মাতৃভাষা আৰু মিঞা অসমীয়া জনগোষ্ঠী

563
0

খবিৰ আহমেদ

১৯৫১ চনৰ লোকপিয়লৰ সময়ত অসমত অসমীয়াভাষী লোকৰ সংখ্যা আছিল ৩৬ শতাংশ।
অসমীয়া ভাষা ৰাজ্যভাষা হোৱাৰ কাৰণে এই ৩৬ শতাংশ আছিল প্ৰধান অন্তৰায়। এই দুৰ্যোগৰ সময়ত সৌভাগ্যক্ৰমে অসমীয়া ভাষাৰ সপক্ষে থিয় দিছিল প্ৰায় এক নিযুত বংগীয় মূলৰ মুছলমান মানুহ। আজিকালি তেওঁলোক মিঞা অসমীয়া বুলি পৰিচিত। ১৯৫১ চনৰ লোকপিয়লত তেওঁলোকে মাতৃভাষা অসমীয়া লিখি দিলে আৰু তাৰ ফলস্বৰূপে অসমীয়া ভাষা-ভাষীৰ সংখ্যা ৩৬ শতাংশৰ পৰা ৬২ শতাংশলৈ বৃদ্ধি পালে। অসমীয়া ভাষা অসমৰ ৰাজ্যিক ভাষা হ’ল। ইয়াৰ আগেয়ে ব্ৰিটিছশাসিত অসম নামৰ ভূখণ্ডত কেতিয়াও অসমীয়াভাষী লোকৰ সংখ্যাধিক্য নাছিল। ১৯৫১ চনত যদি এই মানুহখিনিয়ে মাতৃভাষা অসমীয়া লিখি নিদিলেহেঁতেন, তেনেহ’লে অসমৰ ৰাজ্যিক ভাষা অসমীয়া নহৈ বাংলা ভাষা হ’লহেঁতেন। স্বাধীনতাৰ পিছতো ১৯৫১, ৬১, ৭১, ৯১,২০০১, ২০১১ চনত লোকপিয়লৰূপী কে’বাটাও অগ্নিপৰীক্ষা পাৰ হৈ গৈছে। এইসমূহ অগ্নিপৰীক্ষাৰ সন্মুখীন হোৱাৰ পিছতো এই নিপীড়িত শ্ৰমজীৱী মানুহবোৰে তেওঁলোকৰ সিদ্ধান্তৰ কোনো পৰিৱৰ্তন কৰা নাই। উল্লেখযোগ্য যে বহুতো ন্যস্তস্বাৰ্থ জড়িত মহলৰ পৰা একাধিকবাৰ প্ৰলোভন পোৱাৰ পিছতো, ১৯৬০ চনৰ ভাষা আন্দোলন আৰু ১৯৭১ চনৰ মাধ্যম আন্দোলনৰ সময়ত সুন্দৰ সুযোগ পোৱাৰ পিছতো, এই মানুহখিনিয়ে কিন্তু মাটি খামুচি পৰি আছে অসমীয়া ভাষা-সাহিত্যৰ হকে। কিন্তু দুৰ্ভাগ্যবশতঃ ২০১১ চনৰ লোকপিয়লৰ সময়ত মিঞা জনগোষ্ঠীৰ মাজত কিছু অশুভ শক্তিয়ে মূৰ দাঙি উঠিল। কেৱল ভোটৰ আশাত কেতিয়াবা দুই-এজন ৰাজনৈতিক নেতা আৰু পালিনেতাই দুই-এঠাইত উদ্ভট মন্তব্য কৰিও সাধাৰণ মানুহবোৰক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিলে। আগন্তুক জনগণনাৰ সময়তো অনুৰূপ ঘটনা ঘটাৰ পূৰামাত্ৰা আশংকা আছে। সম্প্ৰতি সামাজিক মাধ্যমবোৰত পাই থকা দুই-এটা পোষ্ট চাই আমাৰ ধাৰণা হৈছে যে আগন্তুক লোকপিয়লত মিঞাসকলৰ মাতৃভাষা বাংলা লিখি দিয়াৰ কাৰণে এটা চক্ৰই সদায় উচটাই আছে। সন্দেহ নাই যে এই চক্ৰটোৰ উচটনিত একাংশ মানুহ পতিয়ন যাব আৰু তাৰ ফলস্বৰূপে আগন্তুক লোকপিয়লত ৰাজ্যত অসমীয়া ভাষা-ভাষীৰ যি পৰিসংখ্যা আহিব সিয়ে অসমীয়া জাতিক এক বিৰাট ডাঙৰ প্ৰশ্নৰ মুখামুখি কৰিব।
আমি বাৰে বাৰে কৈ আহিছো যে বিগত চাৰিটা দহকত মিঞা অসমীয়াসকলৰ ওপৰেদি যি কালধুমুহা পাৰ হৈ গ’ল সেইবোৰৰ প্ৰতি আমি সম্পূৰ্ণ সচেতন। এই কথাও ঠিক যে তেওঁলোকৰ ওপৰত উপৰ্যুপৰি জাপি দিয়া বিদেশী-বাংলাদেশী অপবাদে ইতিমধ্যে বহুতকেই ক্ৰুদ্ধ আৰু ক্ষুব্ধ কৰি তুলিছে। কিন্তু তাৰ অৰ্থ এইটো নহয় যে প্ৰায় ডেৰশ বছৰ আগত আমাৰ পূৰ্বপুৰুষসকলেও লৈ থৈ যোৱা সিদ্ধান্ত আমি সলনি কৰিব লাগিব। ইছলামধৰ্মী মানুহ য’লৈকে গৈছে, সেই দেশৰেই ভাষা-সংস্কৃতি গ্ৰহণ কৰি সেই দেশৰ মাটি, পানী, বায়ুৰ লগত একাত্ম হৈ গৈছে। অসম আমাৰ মাতৃভূমি। সুখে-দুখে, জীৱনে-মৰণে আমি অসমীয়া। যিসকল লোকে এই সিদ্ধান্তৰ আজি পুনৰ বিবেচনা কৰিব বিচাৰে তেওঁলোকে ভাবি চাব লাগে যে আমাৰ পূৰ্বপুৰুষসকলে সকলো দিশ বিবেচনা কৰি এটা উত্তম আৰু দূৰদৰ্শী সিদ্ধান্তই লৈছিল। মিঞা অসমীয়াৰ পূৰ্বপুৰুষসকলে অসমত অসমীয়া মাধ্যমৰ বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ এশ কুৰি বছৰৰো অধিক হ’ল। বৰ্তমান মৰিগাঁও জিলাৰ মৰহুম হোছেইন আলী সৰকাৰে অসমীয়া মাধ্যমত বিদ্যালয় স্থাপন কৰিছিল ১৮৯৯ চনত। আকৌ নগাঁও জিলাৰ আলিটাঙনিত মৰহুম ওচমান আলী সদাগৰে অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল ১৯০১ চনত। জনা যায় যে হোছেইন আলী সৰকাৰ আৰু ওচমান আলী সদাগৰে যেতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয় স্থাপন কৰিছিল, তেতিয়া আনকি ক-খ শ্ৰেণীৰ বাবেও অসমীয়া ভাষাৰ পুথি বজাৰত সুলভ নাছিল। সকলোৱে বাংলা ভাষাৰ পাঠ্যপুথিৰ ওপৰতেই বেছি নিৰ্ভৰ কৰিছিল। সেয়েহে ওচমান আলী সদাগৰে ধিঙৰ পৰা অসমীয়া শিক্ষকসকলক তেওঁৰ বিদ্যালয়লৈ মাতি আনিছিল। তেওঁলোকৰ দ্বাৰা বাংলা ‘ৰ’ৰ পেট কাটি অসমীয়া ভাষাৰ পেট কটা ‘ৰ’ বনাই ল’ৰা-ছোৱালীক শিকাবলৈ নিৰ্দেশ দিছিল। অসম সাহিত্য সভাৰ প্ৰথম অধিবেশনত ওচমান আলী সদাগৰে দহ টকা চান্দা দিছিল। কটন কলেজ প্ৰতিষ্ঠা কালতো এই জনগোষ্ঠীৰ লোকে আৰ্থিক অনুদান দিয়াৰ তথ্য আছে। তাৰ পিছৰখিনি ইতিহাস। সেই সময়ত মুছলিম লীগৰ আঙুলিৰ নিৰ্দেশত যিবিলাক নেতাই উঠা-বহা কৰি অসমখনক পাকিস্তানৰ লগত চামিল কৰিব খুজিছিল, গোপীনাথ বৰদলৈৰ তৎপৰতাত সেয়া হৈ নুঠিল। বাংলা ভাষাৰ ঘোৰ সমৰ্থক মৌলানা আব্দুল হামিদ খান ভাসানী অসমৰ পৰা পলাই গ’ল। যিবিলাক নেতাই পাকিস্তানলৈ যাব নোৱাৰি অসমতেই থাকি গ’ল তেওঁলোকেও তাপ মাৰিলে, কিছুমানে ৰাতিৰ ভিতৰতেই দল সলনি কৰি কংগ্ৰেছী হৈ গ’ল। স্বাধীনতাৰ আগৰ এইবিলাক কথাৰ লগত এতিয়াৰ অসমীয়া মিঞা সমাজৰ কোনো সম্পৰ্ক নাই। কিন্তু অসমত মিঞাসকলে অসমীয়া হৈ থাকিব নে লোকপিয়লত বাংলা ভাষা লিখি বঙালী হৈ যাব সেই ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ নিশ্চয় কৰে।
১৯৪০ চনৰ ২৯ আগষ্ট তাৰিখে গুৱাহাটীৰ কাৰ্জন হলত অম্বিকাগিৰী ৰায়চৌধুৰীৰ সভাপতিত্বত এখন বিৰাট ৰাজহুৱা সভা হৈছিল। সেই সভাত সিদ্ধান্ত লোৱা হৈছিল যে ১৯৩৭ চনৰ আগত যিবিলাক অভিবাসী মুছলামন অসমলৈ আহি স্থায়ীভাৱে থাকিবলৈ লৈছিল তেওঁলোকে অসমীয়া জাতীয় স্বাৰ্থ আগত ৰাখি লোকপিয়লত নিজকে অসমীয়া বুলি পৰিচয় দিব লাগে। মিঞা অসমীয়াসকলৰ পূৰ্বপুৰুষসকলে এই সিদ্ধান্তৰ প্ৰতি বিপুল সঁহাৰি জনাইছিল। বৰপেটা জিলাৰ বহুকেইজন সমাজহিতৈষী লোকে এই সিদ্ধান্তৰ প্ৰতি সঁহাৰি জনাই সেই সময়ৰ অসমৰ প্ৰধানমন্ত্ৰীক এখন স্মাৰক-পত্ৰ দিছিল। তাত তেওঁলোকে উল্লেখ কৰিছিল এনেদৰে ঃ ‘আমালোকে ২৫য৩০ বছৰ হ’ল অসমত স্থায়ীভাবেৱ বসবাস কৰি আছো। আমালোকৰ ল’ৰা-ছোৱালীবিলাকক অসমীয়া ভাষাত শিক্ষা দিছো, আমালোকেও বহুতেই অসমীয়া ভাষা শিকিছো। তদুপৰি যিবিলাকে অসমীয়া ভাষা নাজানে তেওঁলোকেও নিশা স্কুল পাতি অসমীয়া ভাষা শিকিবলৈ লৈছে। গতিকে মহোদয়ে ১৯৪১ চনৰ চেন্‌ছাছত আমাক অসমীয়া ভাষা-ভাষী আৰু অসমীয়া বুলি ধৰাৰ কাৰণে অনুৰোধ জনালোঁ। ইতি—’ এই স্মাৰক-পত্ৰখনত চহী কৰিছিল বৰপেটাৰ হাউলী অঞ্চলৰ ৰিয়াজুদ্দিন আহমেদ, দাৰগালি সৰকাৰ, পিয়াৰ উল্লা সৰকাৰকে আদি কৰি নগৰাকী ব্যক্তিয়ে। এই সিদ্ধান্তবোৰ আমাৰ পূৰ্বপুৰুষসকলৰ কোনো দুৰ্বলতা নাছিল, আছিল উদাৰতা, বদান্যতা আৰু দেশপ্ৰেমৰ অতুলনীয় নিদৰ্শন।
এতিয়া একাংশ উগ্ৰ জাতীয়তাবাদীৰ উদ্ভণ্ডালিৰ বাবে বিগত ডেৰশ বছৰীয়া ইতিহাস মচি পেলাই নতুন ইতিহাস লিখিবলৈ যোৱাটো উচিত হ’বনে? মিঞা জনগোষ্ঠীয় মানুহখিনিয়ে মাতৃভাষা অসমীয়া লিখাৰ সিদ্ধান্তটো যে কেৱল এই জনগোষ্ঠীটোৰ পৰাই আহিছিল তেনেকুৱা নহয়। জ্ঞাননাথ বৰা, অম্বিকাগিৰী ৰায়চৌধুৰী, পদ্মনাথ গোহাঞিবৰুৱা, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ নিচিনা অসমীয়া জাতিৰ দিগ্‌গজসকলেও এই মানুহখিনিয়ে অসমীয়া ভাষা
গ্ৰহণ কৰি অসমীয়া হৈ যোৱাটো বিচাৰিছিল। ‘ছাৰ ছাদুল্লা ব্ৰিটিছৰ ৰাজত্বকালত অসমৰ প্ৰধানমন্ত্ৰী থকা কালতো চৰুৱাসকলৰ মাজত অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰাৰ পোষকতা কৰিছিল। নিজৰ দলৰ মুছলিম লীগৰ প্ৰতিপত্তিশালী ভাসানীকে ধৰি নেতাসকলৰ বিপৰীতে ৰোহিণী কুমাৰ চৌধুৰী, ধনীৰাম তালুকদাৰ আদি সহযোগীসকলৰ লগ লাগি চৰ অঞ্চলত অসমীয়া মাধ্যমৰ পঢ়াশালি পাতি দিছিল। এইক্ষেত্ৰত অসম উপত্যকাৰ হিন্দু-মুছলমান নিৰ্বিশেষে একমত আছিল। ইয়াৰ কংগ্ৰেছ, মুছলমান নেতা (লীগৰো), অম্বিকাগিৰীকে ধৰি সকলোৱে চৰুৱাসকলক অসমীয়া ভাষা গ্ৰহণ কৰাৰ বাবে অনুৰোধ কৰিছিল আৰু চৰুৱাসকলেও এই অনুৰোধ মানি লৈ নিজকে অসমীয়া বুলি পৰিচয় দিছিল— মৌলানা আব্দুল হামিদ খান ভাসানীৰ বিৰোধিতা সত্ত্বেও।’ (অসমত বাংলাদেশী ঃ অনিল ৰায়চৌধুৰী ঃ পৃঃ ৩৯)
একাংশ তথাকথিত উগ্ৰ জাতীয়তাবাদী অসমীয়াই মিঞা অসমীয়াসকলক তুচ্ছ-তাচ্ছিল্য কৰে হয়, কিন্তু তেওঁলোকেই অসমীয়া জাতীয় জীৱনৰ মুখ্য ধাৰা নহয়। মিঞা জনগোষ্ঠীৰ হকে মাত মাতি মূলসুঁতিৰ বহুতো গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মানুহে একাংশ উদণ্ড উগ্ৰ জাতীয়তাবাদীৰ হাতত নগুৰ-নাগতি হৈছে আৰু হৈয়ে আছে। আমি অসমৰ সেইসকল গণতান্ত্ৰিক আৰু ধৰ্মনিৰপেক্ষ মানুহৰ লগত হাত মিলাই থাকিব লাগিব। কোনোবা সাম্প্ৰদায়িক ৰাজনৈতিক দলৰ গালি-গালাজবোৰ হৈছে আন একাংশৰ ভোট পোৱাৰ আশাত কৰা ৰাজনৈতিক ভাষণবাজি (political rhetoric.)। সেইবোৰ অসমৰ তৃণমূল পৰ্যায়ৰ সাধাৰণ জনতাৰ ৰায় নহয়। চৰকাৰ আহিব, চৰকাৰ যাব, কিন্তু আমি আৰু আমাৰ উত্তৰপুৰুষ ইয়াতেই মিলি থাকিব লাগিব চিৰদিন-চিৰকাল। দেশ স্বাধীন হোৱাৰ পিছত অসমত জন্ম গ্ৰহণ কৰা তৃতীয় আৰু চতুৰ্থ প্ৰজন্মৰ লোকসকলৰ বাবে অসমৰ বাহিৰে দ্বিতীয় কোনো জন্মভূমি নাই। এই সদৰ্থক চিন্তাৰে মিঞা জনগোষ্ঠীৰ তৃতীয়, চতুৰ্থ প্ৰজন্মই নিজকে অসমীয়া বুলি চিনাকি দিয়াৰ মানসিকতা গঢ়ি তুলিছে। ইয়াত অস্বাভাৱিকতা একো নাই। ইতিহাস খুঁচৰিলে দেখা যায় যে পৃথিৱীত ভাষা আৰু ধৰ্মৰ পৰিৱৰ্তন কৰাৰ উদাহৰণ বহুতো আছে। ‘আমি বাংলাভাষী মানুহ, বাংলা আমাৰ মাতৃভাষা, অসমীয়া ভাষা কেৱল শিক্ষাৰহে মাধ্যম, আমাৰ মাতৃভাষা নহয়’— এনেকুৱা যুক্তি দিব পাৰিব লাগিছিল ডেৰশ বছৰ আগত; এতিয়া সেই সময় উকলি গ’ল। আমি আৰু আমাৰ উত্তৰপুৰুষ অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ লগত সম্পূৰ্ণ সম্পৃক্ত, সহজ আৰু একাত্ম। আমাৰ কোনোধৰণৰ অসুবিধা হোৱা নাই। বহুতেই যুক্তি দিয়ে যে ইংৰাজী মাধ্যমত লিখা-পঢ়া কৰিলে যেনেদৰে মানুহ ইংৰাজ হৈ নাযায়, তেনেদৰে অসমীয়া মাধ্যমত লিখা-পঢ়া কৰিলেও মানুহ অসমীয়া হৈ নাযায়।
কিন্তু অসমৰ মিঞা জনগোষ্ঠীৰ ঐতিহাসিক অৱস্থানটো সুকীয়া। আমি ইয়ালৈ কেৱল অসমীয়া মাধ্যমত পঢ়িবলৈ অহা নাই। এই দেশ আমাৰ জন্মভূমি, কৰ্মভূমি। জননী জন্মভূমিস্বঃ স্বৰ্গাদপী গৰীয়সী। বহুতেই সংবিধানৰ ধাৰাৰ ব্যাখ্যা কৰিও বাংলা ভাষাৰ সপক্ষে যুক্তি দিব খোজে। সেইসকলৰ জ্ঞাতাৰ্থে ক’ব খোজো যে সেই সংবিধান ৰচনা হোৱাৰ বহু পূৰ্বেই আমাৰ পূৰ্বপুৰুষসকলে অসমীয়া ভাষা গ্ৰহণ কৰি অসমীয়া হৈ গৈছিল। গতিকে উৰহৰ খং ভগা ঢাৰিত জাৰিলে নহ’ব। মাতৃভূমি আৰু মাতৃভাষাক ভালপোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ চৰ্ত থাকিব নোৱাৰে। এয়া ইছলামী আদৰ্শৰ পৰিপন্থী। আকৌ মাতৃভাষাটো গাত মেৰিয়াই লোৱা এটা কোট চোলা নহয়, যাক আমি মন কৰিলেই পিন্ধিব পাৰো আৰু মন গ’লেই খুলি থ’ব পাৰো। এই অসমীয়া ভাষাক অসমৰ ৰাজ্যিক ভাষা হিচাপে প্ৰতিষ্ঠা
কৰাৰ কাৰণে মূলসুঁতিৰ মানুহবোৰে যিমানখিনি কৰিছে, মিঞা অসমীয়াসকলেও তাতকৈ কোনো কিছু কম কৰা
নাই। অসমীয়া ভাষাৰ হকে যুঁজি এই সম্প্ৰদায়ৰ মানুহ শ্বহীদ হৈছে। আজি তেওঁলোকে শ শ অসমীয়া মাধ্যমৰ স্কুল-কলেজ স্থাপন কৰিছে, শ শ নতুন পুৰুষ-মহিলাই হাতত কলম লৈ ওলাই আহিছে অসমীয়া ভাষা-সাহিত্যৰ সেৱা কৰিবলৈ। অসমীয়া ভাষাত শিল্প, সাহিত্য, নৃত্য, গীত, নাটক, চিনেমাৰ চৰ্চা কৰি বহুতেই প্ৰতিষ্ঠা লাভ কৰিছে। সামগ্ৰিকভাৱে অসমীয়াকৰণৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ। গতিকে আজি ডেৰশ বছৰ পিছত আৰু ঘূৰি যোৱাৰ প্ৰশ্নই উঠিব নোৱাৰে। ঘূৰি যোৱাৰ আৰু কোনো ৰাস্তাই নাই। আগন্তুক লোকপিয়লত মাতৃভাষা বাংলা লিখি দিয়াটো হ’ব এক আত্মঘাতী কাৰ্য, হঠকাৰী সিদ্ধান্ত— যি সিদ্ধান্তই এই মিঞা অসমীয়াখিনিক আৰু ডেৰশ বছৰ পিছুৱাই লৈ যাব।
নিঃসন্দেহে ক’ব পাৰি এনেধৰণৰ চিন্তা-চৰ্চা আৰু তৎপৰতাৰ নেপথ্যত আমৰা-বাঙালী আৰু চলো-পাল্টাই জাতীয় সংগঠনৰ অদৃশ্য হাত থাকে। অসমীয়া আৰু বাংলা ভাষাৰ মাজত শতিকাজুৰি চলি অহা শীতল যুদ্ধখনৰ কথা আমি পাহৰি গ’লে নহ’ব। এতিয়াও বহুতেই বৃহৎ বাংলাৰ অসম্পূৰ্ণ সপোন হয়তো মনত পুহি ৰাখিব পাৰে। নভবা-নিচিন্তাকৈ তেনেকুৱা ষড়যন্ত্ৰত ভৰি দিয়াটো হ’ব আৰু এক ঐতিহাসিক ভুল। অসমৰ কোনোবা মিঞা নেতা-পালিনেতাই যদি ভাবিছে যে সহজ-সৰল মিঞা মানুহখিনিক উচটাই তেওঁলোকে ৰাজনৈতিক লাভালাভ আদায় কৰিব অথবা ‘আমৰা-বাঙালী’ অথবা ‘চলো-পাল্টাই’ৰ লগত হাত মিলাই অসমখনক তেওঁলোকে বাঙালীস্থান কৰিব, তেনেহ’লে তেওঁলোকে ভুল বুজিছে, মূৰ্খৰ স্বৰ্গত বাস কৰি আছে। গতিকে ভাষাৰ নামত ধমক নিদিব, মাতৃভাষাক লৈ ব্লেকমেইল নকৰিব। আহক আমি নিজ সম্প্ৰদায়ৰ দোষ-ত্ৰুটিবোৰ বিচাৰি উলিয়াওঁ আৰু সেইবোৰ সংশোধন কৰি ভাল অসমীয়া হ’বলৈ যত্ন কৰোঁ।

[ লেখকৰ ফোন নম্বৰ:  9954033111 ]

LEAVE A REPLY

Please enter your comment!
Please enter your name here