Home Main Stories মোগলে ব্ৰহ্মপুত্ৰ উপত্যকাত ইছলাম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছিল: নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০...

মোগলে ব্ৰহ্মপুত্ৰ উপত্যকাত ইছলাম প্ৰৱৰ্তনৰ পৰিকল্পনা কৰিছিল: নতুন দিল্লীত লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তীত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা

108
0



ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৩ নৱেম্বৰ ঃ বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা দেশৰ ৰাজধানী নতুন দিল্লীত তিনিদিনীয়াকৈ বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপন আৰম্ভ হ’ল৷ ৰাজধানী নতুন দিল্লীত এতিয়া লাচিতৰ বন্দনা৷ সকলোৰে মুখে মুখে বীৰ লাচিতৰ গুণগান৷ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপনৰ প্ৰথমদিনাই মুকলি কৰে ২০০০ বছৰীয়া অসম বুৰঞ্জী আৰু ৬০০ বছৰীয়া আহোম শাসনৰ এক প্ৰদৰ্শনী৷ এই প্ৰদৰ্শনী উদ্বোধনেৰে লাচিত দিৱস ৰাজধানী নতুন দিল্লীত আৰম্ভ হয়৷ বিজ্ঞান ভৱনত এই প্ৰদৰ্শনী উদ্বোধন কৰে বিত্তমন্ত্ৰীগৰাকীয়ে, য’ত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, জলসম্পদ, তথ্য আৰু জনসংযোগমন্ত্ৰী পীযূষ হাজৰিকা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তকে ধৰি আন বহুজন৷ এই প্ৰদৰ্শনী সকলোৰে বাবে মুকলি থাকিব৷ লাচিত দিৱসলৈ আমন্ত্ৰণ লাভ নকৰাসকলেও বিজ্ঞান ভৱনত এই প্ৰদৰ্শনী উপভোগ কৰাৰ সুযোগ লাভ কৰিব৷ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমবাসীৰ বাবে আজি এক ঐতিহাসিক দিন৷ মোগলৰ বিৰুদ্ধে যঁুজত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আহোম সেনাপতি লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী আজিৰে পৰা উদ্‌যাপন কৰা হৈছে৷ মোগলৰ হাতলৈ অসমৰ ভূখণ্ড যোৱাৰ পৰা ৰক্ষা কৰাৰ ক্ষেত্ৰত মূল ভূমিকা পালন কৰা লাচিত বৰফুকন আছিল আহোম সেনাৰ সেনাপতি৷ মোগলে অসমকে ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত ইছলাম প্ৰৱৰ্তনৰ এক পৰিকল্পনা ৰচিছিল৷ মোগলক বাধা দিয়া লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উলহ-মালহেৰে পালন কৰা হৈছে৷ উল্লেখ্য যে দিল্লীৰ বিজ্ঞান ভৱনত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বীৰ লাচিত বৰফুকনৰ জন্মজয়ন্তীত বহু কাৰ্যসূচী সম্পন্ন হ’ব৷ ইয়াৰে আৰম্ভণি আজিৰে পৰা হৈছে৷ কাইলৈ সমগ্ৰ ৰাজ্যবাসীয়ে বীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উদ্‌যাপন কৰিব৷ ইয়াৰ বাবে ৰাজ্যত এক উদুলি-মুদুলি পৰিৱেশে গা কৰি উঠিছে৷ সকলোৱে এইবাৰ উলহ-মালহেৰে বীৰ লাচিতক স্মৰণ কৰাৰ বাবে সাজু হৈছে৷ কাইলৈ সন্ধিয়া বীৰ লাচিতৰ স্মৃতিত অসমবাসী ৰাইজক এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে৷ আনহাতে এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ চৌদিশে বিভিন্ন কাৰ্যসূচী চলি আছে৷ ক’ৰবাত যদি দৌৰ প্ৰতিযোগিতা, আন ক’ৰবাত আকৌ স্বচ্চ অভিযান চলিছে৷ জিলাই জিলাই এতিয়া বীৰ লাচিতক স্মৰণ কৰাৰ বাবে বৰ্ণাঢ্য কাৰ্যসূচী চলি আছে৷ আজি দিল্লীৰ বিজ্ঞান ভৱনত ‘আহোমৰ সোণালী অধ্যায়-আশা নৈপুণ্য আৰু বীৰত্বৰ গাথা’ শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত হয়৷ সন্ধিয়াৰ ভাগত সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়, য’ত উপস্থিত থাকে কেন্দ্ৰীয় আইনমন্ত্ৰী কিৰেন ৰিজিজু৷ এই অনুষ্ঠানত অংগৰাগ পাপন মহন্তই দেশপ্ৰেমমূলক গীত পৰিৱেশন কৰে৷ কাইলৈ দ্বিতীয়দিনাৰ কাৰ্যসূচীত ‘অসম শৌৰ্য, বীৰ্য আৰু পৰাক্ৰমৰ উপেক্ষিত ইতিহাস’ শীৰ্ষক এক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব৷ ইয়াৰ উপৰি লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্মজয়ন্তীক লৈ এক মুকলি সভা অনুষ্ঠিত হ’ব, য’ত মুখ্য অতিথিৰূপে উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ আনহাতে অন্তিম দিনা এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here