Home Main Stories গণ-কণ্ঠৰ নাম ‘গণ অধিকাৰ’

গণ-কণ্ঠৰ নাম ‘গণ অধিকাৰ’

353
0

দ্বিজেন বৰ্মন

২৭ বছৰৰ এক দীৰ্ঘ পৰিক্ৰমা অসমৰ সংবাদ জগতৰ এৰাব নোৱাৰা সংবাদ-পত্ৰৰ নামেই হৈছে ‘গণ অধিকাৰ’। এইখন কেৱল সংবাদ-পত্ৰই নহয়, ইয়াৰ যাত্ৰা পথৰ লগত লিপিট খাই আছে অসমৰ মুমূষু¸Çগণৰ প্ৰাত্যহিক জীৱনৰ আশা-আকাংক্ষা। এক বিশেষ পৰিস্থিতিত ইয়াৰ জন্মলগ্নৰ ইতিহাস সাঙোৰ খাই আছে। প্ৰথমতে আছিল সাপ্তাহিক বাতৰি কাকতৰ ৰূপত। কিন্তু ১৯৯৪ চনৰ পৰা ইয়াক দৈনিক কাকত ৰূপ দিয়া হয়। নামটো একেই থাকিল। কাকতৰ পৰিসৰ বৰপেটা জিলাৰ পৰা ৰাজ্যস্তৰলৈ উন্নীত হ’ল। ইতিমধ্যে দৈনিক কাকতৰ ৰূপত ই দীৰ্ঘ ২৭ বছৰীয়া হ’ল। অসমত এই বয়সৰ সংবাদ- পত্ৰ এখনৰ ধাৰাবাহিকতাই কঢ়িয়াইছে কেতবোৰ খনিকৰী দিশ।

প্ৰতিখন সংবাদ-পত্ৰই একোটা  নিহিত উদ্দেশ্য থাকে আৰু নামটোতে ইয়াৰ লক্ষ্য আৰু উদ্দেশ্য নিৰ্ণয় কৰা হয়। সেইদৰে ‘গণ অধিকাৰ’ কাকতৰ জন্মলগ্নতো অসমৰ অস্থিৰ পৰিস্থিতিত চৰ-চাপৰিবাসীৰ বেদনা, প্ৰাত্যহিক জীৱনৰৰেখাচিত্ৰ, ভাষা-সংস্কৃতিৰ মুক্ত প্ৰকাশ কৰাৰ মানসেৰে গণ অধিকাৰৰ জন্ম হৈছিল। এই মহান যাত্ৰাত আগভাগ লৈছিল কে’বাজনো সমাজহিতৈষীয়ে। অসম আন্দোলনত তথাকথিত মূল সঁুতিৰ অৱহেলা আৰু তুচ্ছ-তাচ্ছিল্য আতিশয্যত চৰ-চাপৰিৰ বংগমূলীয় সমাজখনৰ বেদনাক প্ৰকাশ কৰিবলৈকে ‘গণ অধিকাৰ’ৰ জন্ম হৈছিল। বিগত সময়ছোৱাত কেৱল চৰ-চাপৰি সমাজখনকেই নহয়, সামগ্ৰিকভাৱে বৃহত্তৰ অসমীয়া সমাজখনলৈ যাউতি-যুগীয়া অৱদান আগবঢ়োৱা কাকতখনে আকালৰ সময়ত নৱপ্ৰজন্মৰ মাজত নতুন লেখকৰ সৃষ্টিতো লেখত ল’বলগীয়া অৰিহণা যোগাইছে। এইটো অনস্বীকাৰ্য যে সাম্প্ৰতিক কালত অসমীয়া ভাষা-সাহিত্যৰ চৰম আকালৰ সময়ত চৰ-চাপৰিৰ পলসুৱা মাটিৰ বাসিন্দা এচাম কবি-সাহিত্যিকৰ অনবদ্য ভূমিকাই জাতীয় জীৱনলৈ আশাৰ বতৰা কঢ়িয়াই আছে। এনেবোৰ প্ৰেক্ষাপটত ‘গণ অধিকাৰ’ৰ দৰে সংবাদ-পত্ৰই ঐতিহাসিক দায়িত্ব পালন কৰা বুলি ক’ব পাৰি।

গণ অধিকাৰ অসমৰ আটাইতকৈ শোষিত-বঞ্চিতসকলৰ কণ্ঠ হৈ পৰিছে। চৰ-চাপৰিৰ বংগীয়মূলৰ সমাজখনৰ কেতবোৰ স্বকীয় আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বৈশিষ্ট্য আছে। এই নিপীড়ত লোকসকলৰ কৃষি-শিক্ষা-বাণিজ্য সমস্যাৱলীৰ বস্তুনিষ্ঠ আলোচনাৰ লগতে নিমাখিত লোকখিনিৰ অধিকাৰ, স্বাভিমান আৰু নাগৰিকত্বৰ হাজাৰটা প্ৰশ্ন পাদ-প্ৰদীপলৈ আনি যিবোৰৰ সমানাৰ্থে দৃঢ়তাৰে বৌদ্ধিক স্থিতিৰে সহায় কৰাটো মূল লক্ষ্য হোৱা উচিত। কাৰণ সমাজ এখনৰ পূৰ্ণপ্ৰাপ্তিৰ লগত ইয়াৰ আপেক্ষিভাৱে  পশ্চাৎপদ অংশত মানসিকভাৱে আগুৱাই নিয়াৰ দায়িত্ব এনে কাকতে পালন কৰিব লাগিব। সেয়ে ‘গণ অধিকাৰ’ হওক পাঠক অসমৰ শোষিত-বঞ্চিতসকলৰ অধিকাৰ ৰক্ষাৰ বাবে কণ্ঠ। আজিৰ পৰিস্থিতিত সংবাদজগতৰ কণ্ঠ ৰোধ কৰিবলৈ ৰাষ্ট্ৰব্যৱস্থাই অহৰহ অপচেষ্টা চলাই আছে। এনে এক জটিল প্ৰত্যাহবানক নেওচি আপোচহীনভাৱে নিজৰ ঐতিহাসিক দায়িত্ব পালনৰ ক্ষেত্ৰত কাকতখনে দৃষ্টান্ত দেখুওৱাক।

LEAVE A REPLY

Please enter your comment!
Please enter your name here