Home উত্তৰ পূৰ্বাঞ্চল নগালেণ্ডৰ মন জিলাৰ সেনাৰ গুলীচালনা ঘটনা সন্দৰ্ভত চাৰ্জশ্বীত দাখিল : অভিযোগনামাত উল্লেখ...

নগালেণ্ডৰ মন জিলাৰ সেনাৰ গুলীচালনা ঘটনা সন্দৰ্ভত চাৰ্জশ্বীত দাখিল : অভিযোগনামাত উল্লেখ ৩০ সেনাৰ নাম

405
0


নাগালেণ্ডৰ টিজিতৰপৰা অভিজিৎ ভূঞা, ১২ জুন ঃ চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলা অ’টিঙত বিগত বছৰৰ চাৰি ডিচেম্বৰত গাঁওবাসীৰ ওপৰত সেনাৰ গুলীচালনা সন্দৰ্ভত নাগালেণ্ডৰ আৰক্ষীয়ে চাৰ্জশ্বিত দাখিল কৰিছে৷ জানিব পৰা মতে অভিযোগনামাত ৩০জন সৈনিকৰ নাম উল্লেখ কৰা হৈছে৷ এইসকলৰ ভিতৰত এজন সেনা বিষয়া আৰু ২৯জন সেনা জোৱানৰ নাম উল্লেখ কৰা হৈছে অভিযোগনামাত৷ উল্লেখ্য যে যোৱাবছৰ চাৰি ডিচেম্বৰত নাগালেণ্ডৰ অ’টিঙত সেনাৰ গুলীচালনাত ১৪জন নিৰস্ত্ৰ গাঁওবাসী নিহত হৈছিল৷ চাৰি ডিচেম্বৰৰ নিশা কয়লা খনিৰ পৰা শ্ৰমিকসকলে খনিৰ কাম সম্পূৰ্ণ কৰাৰ পিছত এখন পিকআপ ভানত ঘৰলৈ উভতি অহাৰ সময়তে অ’টিঙত সেনাই তেওঁলোকক উগ্ৰপন্থী বুলি ভাবি গুলীচালনা কৰিছিল৷ ঘটনাত প্ৰথমে ছজন শ্ৰমিকৰ মৃত্যু হৈছিল৷ এই ঘটনা সন্দৰ্ভত জানিব পাৰি অ’টিং গাঁওবাসী ৰাজপথলৈ ওলাই আহি সেনাৰ ২১ পেৰা স্পেচিয়েল ফ’ৰ্চৰ দলটোক সোধা-পোছা কৰা সময়তে উত্তেজিত জনতাৰ সৈতে সংঘৰ্ষৰ সূত্ৰপাত ঘটাই প্ৰথমে শূন্যলৈ গুলীচালনা কৰে সেনাৰ দলটোৱে৷ ইয়াতে ক্ষুণ্ণ হৈ অধিক উত্তেজিত হৈ পৰে গাঁওবাসী৷ ইয়াৰ পৰিপ্ৰেক্ষিতত উত্তেজিত জনতালৈ লক্ষ্য কৰি সেনাৰ ফালৰ পৰা গুলীচালনা কৰা হয় নিশাৰ আন্ধাৰত৷ প্ৰত্যুত্তৰত হাতে হাতে দা, যাঠি লৈ অহা নগা জনতায়ো আক্ৰমণ কৰাত এজন সেনা জোৱান আৰু আন কে’বাজনো জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ ইফালে, সেনাৰ গুলীত সৰ্বমুঠ ১৪জন লোকৰ মৃত্যু হৈছিল, যাৰ ফলত নাগালেণ্ডৰ সমগ্ৰ মন জিলাবাসী প্ৰতিবাদমুখৰ হৈ পৰে আৰু এই ঘটনাৰ উচিত তদন্ত বিচাৰি প্ৰতিদিনেই বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰে৷ আনহাতে, এই ঘটনাৰ পৰিপ্ৰেক্ষিতত নাগালেণ্ড চৰকাৰে অভিযুক্ত সেনা বিষয়া আৰু জোৱানসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কেন্দ্ৰৰ পৰা অনুমতি বিচৰাৰ লগতে নাগালেণ্ড আৰক্ষীয়েও গৃহমন্ত্ৰী অমিত শ্বাহৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ অনুমতি বিচাৰি এখন পত্ৰ প্ৰেৰণ কৰিছিল৷ মন কৰিবলগীয়া যে নাগালেণ্ডৰ বৃহৎ অংশ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ অধীনত সামৰি লোৱা হৈছে৷ এই আইন অনুসৰি, সেনাক বিভিন্ন অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হয়৷ এই আইনৰ সুৰুঙাৰে ২১ পেৰা স্পেচিয়েল ফ’ৰ্চৰ জোৱানে উক্ত দিনা নিৰীহ লোকৰ ওপৰত বীৰত্ব প্ৰদৰ্শন কৰি গুলীচালনা কৰাক কেন্দ্ৰ কৰি সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত এই ঘটনাৰ ছমাহৰ পাছত নাগালেণ্ডৰ আৰক্ষীয়ে ত্ৰিছজন সেনা জোৱানৰ বিৰুদ্ধে ইতিমধ্যে অভিযোগনামা দাখিল কৰিলে৷ নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান টি জন লংকুমাৰে জনোৱা মতে, চ্ছ্ৰডিচেম্বৰত সংঘটিত হোৱা অটিঙৰ গুলীচালনাৰ কাণ্ডৰ বাবে ২১ পাৰা নিৰাপত্তা বাহিনীৰ অপাৰেচন টীমৰ ৩০জন সদস্যক চাৰ্জশ্বিট দিয়া হৈছে৷ নাগালেণ্ডৰ চুমৌকেডিমাৰ আৰক্ষী কমপ্লেক্সত সংবাদ মাধ্যমৰ লোকসকলক সম্বোধন কৰি আৰক্ষী অধীক্ষকে কয় যে ২০২১ চনৰ চ্ছ্ৰ ডিচেম্বৰত বিশেষ তদন্তকাৰী দলৰ [এছআইটি] প্ৰতিবেদন সম্পূৰ্ণ কৰা হৈছে আৰু ৩০ মে’ত জিলা আৰু সত্ৰ আদালতত চাৰ্জশ্বিট দাখিল কৰা হৈছে৷ তেওঁ কয় যে, তদন্তৰ কালছোৱাত বিভিন্ন কতৃৰ্পক্ষৰ পৰা প্ৰাসংগিক নথি আৰু CFSL গুৱাহাটী, হায়দৰাবাদ আৰু চণ্ডীগড়ৰ পৰা বৈজ্ঞানিক মতামত আৰু NiELITৰ পৰা কাৰিকৰী প্ৰমাণকে ধৰি বিভিন্ন প্ৰমাণ সংগ্ৰহ কৰি এছআই টিয়ে এক পুংখানুপুংখ তদন্ত চলাইছিল৷ ইতিমধ্যে পেৰা নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছিল আৰু সেই অনুসৰি বিচাৰৰ বাবে অনুমোদন বিচৰা চিআইডিৰ প্ৰতিবেদন চলিত বৰ্ষৰ এপ্ৰিল মাহৰ প্ৰথম সপ্তাহত সামৰিক পৰিক্ৰমা বিভাগলৈ প্ৰেৰণ কৰা হয়৷ ইয়াৰ উপৰিও মে’ মাহত এটা সোঁৱৰণিও প্ৰেৰণ কৰা হৈছিল৷ অৱশ্যে বিচাৰৰ বাবে অনুমোদনৰ বাবে এতিয়াও অপেক্ষা কৰা হৈছে৷ ইফালে ৩০জন অভিযুক্তৰ বিৰুদ্ধে বিচাৰৰ বাবে অনুমোদন বাকী থকালৈকে অভিযোগনামা দাখিল কৰা হৈছে৷ ইফালে, চিআইডিৰ প্ৰতিবেদনত এছআইটিয়েও অভিযানটো কেনেদৰে চলোৱা হৈছিল সেই সন্দৰ্ভত বিভিন্ন পৰ্যৱেক্ষণ কৰিছিল আৰু সেই সমস্যাসমূহৰ সমাধানৰ প্ৰয়োজনীয়তাৰ কথা আঙুলিয়াই দিছিল আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে উপযুক্ত কতৃৰ্পক্ষক অনুৰোধ জনাইছিল বুলি প্ৰতিবেদনত উল্লেখ কৰাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে নাগালেণ্ডৰ আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here