Home Main Stories নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নিঃশেষ কৰিব উত্তৰ অসম

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই নিঃশেষ কৰিব উত্তৰ অসম

305
0


গণ বাৰ্তা, ফুলনি, ৩ ছেপ্তেম্বৰ :  নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প ৰাজ্যখনৰ বাবে কোনো উন্নয়নমূলক প্ৰকল্প নহয়, ই নামনি অংশৰ বিশেষকৈ মাজুলী, ধেমাজি, লখিমপুৰ আদি জিলাৰ লগতে সমগ্ৰ উত্তৰ অসমৰ বাবে এক ভয়ংকৰ মানৱসৃষ্ট জলবোমা। এনে নদীবান্ধে অসমৰ ভৱিষ্যৎ নিঃশেষ কৰিব বুলি স্পষ্ট কৰি দিয়া অসমৰ বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদনক নস্যাৎ কৰি অসমবাসীক বিপদৰ মাজলৈ ঠেলি দি মানৱ জাতিক ধ্বংস কৰা এনে অভিশপ্ত নদীবান্ধ নেলাগে বুলি সকীয়াই দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মাজুলী জিলা সমিতিয়ে। যিহেতু অৰুণাচল প্ৰদেশৰ পাদদেশত থকা ৪০৫ মেগাৱাট ক্ষমতাসম্পন্ন ৰãানদী প্ৰকল্পই প্ৰতিবছৰে মাজুলী, ধেমাজি, লখিমপুৰ আদি জিলাসমূহলৈ যি ভয়াৱহতা কঢ়িয়াই আনিছে তাৰ পাছত ২০০০ মেগাৱাট ক্ষমতাসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই কি ত্ৰাসৰ সৃষ্টি কৰিব সেয়া অনুমেয়। এনে ভয়াৱহ নদীবান্ধৰ বিৰুদ্ধে মূলতঃ  অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে আদি কৰি বিভিন্ন দল-সংগঠনে  ২০০৮ চনৰ পৰাই কৰি অহা ধাৰাবাহিক আন্দোলনৰ পৰিপ্ৰেক্ষিতত উক্ত বান্ধৰ নিৰ্মাণকাৰ্য ২০১১ চনৰ ১৬ ডিচেম্বৰৰ পৰা সম্পূৰ্ণ বন্ধ কৰি ৰাখিবলৈ বাধ্য হৈছিল যদিও লাহে লাহে এই প্ৰতিবাদক আওকাণ কৰি চৰকাৰে চৈৰাচৰীভাৱে পুনৰ্নিৰ্মাণৰ প্ৰস্তুতি চলায়। উল্লেখ্য যে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ স্বাৰ্থত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োগৰাকীয়ে বিশাল নিৰ্বাচনী জনসভাত এই জলবোমাসদৃশ বৃহৎ নদীবান্ধৰ কাম বন্ধ কৰিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। আনহাতে ২০১৪ চনৰ ৩০ অক্টোবৰত নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ লগত যুৱ-ছাত্ৰ পৰিষদকে ধৰি আন আন নদীবান্ধবিৰো¸ধী সংগঠনসমূহৰ হোৱা বৈঠকত নদীবান্ধৰ ওপৰত এক বিশেষজ্ঞ কমিটী গঠনৰ সিদ্ধান্ত হয়। বিশেষজ্ঞ কমিটীৰ প্ৰতিবেদন আৰু সংগঠনসমূহৰ লগত পুনৰ সভা অনুষ্ঠিত কৰি নদীবান্ধ হ’ব নে নহয় তাক জনোৱাৰো সিদ্ধান্ত হয়। পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ যি দুখন বিশেষজ্ঞ সমিতি আছে তেওঁলোকৰ মাজত সভা অনুষ্ঠিত হৈ উক্ত সভাতে অসমৰ বিশেষজ্ঞ সমিতিয়ে নদীবান্ধৰ বিৰো¿¸ধতা কৰি এই বান্ধ নিৰ্মাণৰ বাবে উপযুক্ত আৰু সঠিক নহয় বুলি ইতিমধ্যে মতপোষণ কৰে। ইয়াৰ উপৰিও ২০১৬ চনৰ ১১ ডিচেম্বৰত শক্তিমন্ত্ৰী পীয়ূষ গোৱেল আৰু সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত  যুটীয়া অধ্যক্ষতাত অনুষ্ঠিত হোৱা ত্ৰিপাক্ষিক বৈঠকৰ সিদ্ধান্ত অনুসৰি সামূহিক প্ৰভাৱ অধ্যয়ন নকৰাকৈ নদীবান্ধৰ কাম বন্ধ ৰখাৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। কিন্তু এই সকলো সিদ্ধান্ত বুমেৰাঙত পৰিণত কৰি ৰাইজৰ প্ৰতিবাদক আওকাণ কৰি অন্যায়ভাৱে  ২০১৯ বৰ্ষত সেউজ ন্যায়ধিকৰণে এই বান্ধ নিৰ্মাণৰ বাবে সেউজ সংকেত প্ৰদান কৰে আৰু অসম চৰকাৰ তথা এনএইচপিচি কৰ্তৃপক্ষই বান্ধ নিৰ্মাণ আৰম্ভ কৰাৰ বাবে চুক্তিবদ্ধ হয়। ইয়াৰ লগে লগে আজি কিছুদিন পূৰ্বে বৰ্তমানৰ কেন্দ্ৰীয় শক্তি মন্ত্ৰীজনে এনএইচপিচিত বাহৰ পাতি অতিশীঘ্ৰে নদীবান্ধ সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ প্ৰদান কৰি যায়। ফলত এনে জলবোমাৰ পৰা হ’ব লগা সম্ভাব্য বিপদক লৈ একপ্ৰকাৰ নিদ্ৰাহৰণ কৰিছে নামনি অংশৰ ৰাইজৰ। শেহতীয়াকৈ যোৱা চাৰি-পাঁচদিন ধৰি প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে অৰ্থাৎ এনএইচপিচিয়ে নিৰ্মাণ কৰা ১১৬ মিটাৰ উচ্চতাৰ মূল বান্ধৰ নিৰ্মাণকাৰ্য প্ৰায় ৭৫ মিটাৰ সম্পূৰ্ণ হোৱাৰ পাছত এই মূল বান্ধৰ ওপৰেৰে ২-৩ ফুট উচ্চতাৰে প্ৰচণ্ড সোঁতত পানী বাগৰাৰ ফলত নামনি অঞ্চলসমূহত প্ৰবল বানপানী হোৱাৰ লগতে চৌদিশে আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। ইফালে এনএইচপিচিৰ মূল বান্ধৰ ওপৰেৰে বাগৰা পানী আৰু ডাইভাৰ্ছন টানেলেৰে ওলাই অহা পানীয়ে প্ৰকল্পস্থলীৰ পাৱাৰ হাউছলৈ ভাবুকি কঢ়িয়াই আনিছে। আনহাতে বৰ্তমান গেৰুকামুখৰ পাহাৰ খহা আৰু এনএইচপিচিৰ গাৰ্ড ৱালত ইতিমধ্যে বৃহৎ বৃহৎ ফাট মেলাৰ বাবে প্ৰকল্পৰ লগতে নামনি অংশৰ ৰাইজে ভৱিষ্যৎ অন্ধকাৰৰ ক্ষণ গণি আতংকৰ মাজেৰে দিন পাৰ কৰিব লগা হৈছে। এনএইচপিচিৰ এনে বিধ্বংসী পানীয়ে মথাউৰিলৈ ভাবুকি অনাৰ লগতে ইখনৰ পিছত সিখন গাঁও জলমগ্ন কৰি বিভীষিকাৰ সৃষ্টি কৰিছে। এনে মানৱ বোমাসদৃশ নদীবান্ধে যে ভৱিষ্যত নামনী অংশক নিঃশেষ কৰিব সেয়া নিশ্চিত হৈ পৰিছে। যি সময়ত নদীবান্ধ বন্ধ হ’ব লাগে বুলি সকলোৱে একমুখে কৈছে, তেনে সময়ত নদীবান্ধৰ পৰা হৈ থকা বা হ’ব পৰা ক্ষয় ক্ষতি অধ্যয়ন নকৰাকৈ চৰকাৰখনে চৈৰাচাৰীভাৱে কেৱল ১.৫ মেগাৱাট বিনামূলীয়া বিদ্যুতৰ বাবে বান্ধ নিৰ্মাণৰ প্ৰস্তুতি চলোৱাটো দুৰ্ভাগ্যজনক। উল্লেখ্য যে সাম্প্ৰতিক সময়ত ক’ভিড মহামাৰীৰৰ পৰিপ্ৰেক্ষিতত চৰকাৰে দিয়া লকডাউন বা নাইট কাৰ্ফিউৰ বাবে মানুহে আত্মৰক্ষাৰ স্বাৰ্থত ঘৰৰ ভিতৰত সোমাই আছে। এই সময়ছোৱাতো চৰকাৰে ৰাইজক অন্ধকাৰত ৰাখি  নদীবান্ধৰ যন্ত্ৰপাতি আৰু নিৰ্মাণ সামগ্ৰী আনি গোপনে বান্ধ নিৰ্মাণ কৰি থকাটো গণতান্ত্ৰিক দেশৰ এখন চৰকাৰৰ বাবে লজ্জাজনক ঘটনা বুলিও অভিহিত কৰে পৰিষদে। সেয়ে বৰ্তমান নদীবান্ধৰ পৰা সৃষ্টি হোৱা ভয়াৱহ পৰিস্থতিৰ প্ৰতি লক্ষ্য ৰাখি মাজুলী, ধেমাজি, লখিমপুৰ আদি অঞ্চলৰ বৃহত্তৰ ৰাইজৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত এই নদীবান্ধ শীঘ্ৰে বন্ধ কৰাৰ দাবী তুলিছে পৰিষদৰ মাজুলী জিলা সমিতিয়ে। এক বিজ্ঞপ্তিযোগে পৰিষদৰ জিলা  সভাপতি মুনীন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পৱিত্ৰ বৰাই কয় যে যিখন চৰকাৰে শাসনলৈ অহাৰ আগতে নদীবান্ধৰ বিৰুদ্ধে কথা কৈ ৰাইজৰ মন আকৰ্ষণ কৰিছিল সেইখন চৰকাৰেই শাসনৰ গাদীত বহি ওলোটা খৰ মাৰি মানুহৰ মৃত্যুক লৈ ৰাজনীতি কৰিছে। ই কেতিয়াও গণতান্ত্ৰিক দেশত ৰাইজৰ বাবে শুভলক্ষণ হ’ব নোৱাৰে। মাজুলীবাসীকে ধৰি সমগ্ৰ উত্তৰ অসমৰ জনসাধাৰণ তথা পশুধনৰ ভৱিষ্যৎ জীৱন-জীৱিকা আৰু  নিৰাপত্তাৰ বাবে যিকোনো মূল্যৰ বিনিময়ত নদীবান্ধ বন্ধ কৰিব লাগিবই বুলি স্পষ্ট কৰি দিয়ে সংগঠনটোৱে। ভৱিষ্যৎ দিনত সমগ্ৰ উত্তৰ অসমৰ জনসাধাৰণৰ লগতে পশুধনৰ জীৱন-নিৰাপত্তাৰ স্বাৰ্থত এনে বিভীষিকাময় নদীবান্ধ যদি বন্ধ নকৰে তেনেহ’লে তীব্ৰতৰ আন্দোলন গঢ়ি তোলাৰ লগতে যিকোনো পৰিস্থিতিলৈকে যাম বুলি পৰিষদৰ মাজুলী জিলা সমিতিয়ে সকীয়াই দিয়ে। আনহাতে নদীবান্ধ বন্ধৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাজুলী জিলা সমিতিয়ে ৰাজপথত গণ অৱস্থান কাৰ্যসুচী ৰূপায়ণৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ দুয়োখনকে কঠোৰ সমালোচনা কৰি বৃহৎ নদীবান্ধ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰে। অন্যথা মাজুলীবাসীৰ লগতে সমগ্ৰ উত্তৰ অসমৰ লক্ষ লক্ষ জনসাধাৰণৰ জীৱন-জীৱিকা আৰু নিৰাপত্তাৰ স্বাৰ্থত যুৱ-ছাত্ৰ পৰিষদ যিকোনো পৰ্যায়লৈকে যাব বুলিও চৰকাৰ তথা এনএইচপিচিক সকীয়াই দিয়ে। আজিৰ কাযসুচীত উপস্থিত থাকি জিলাৰ সভাপতি মুনীন্দ্ৰ ভূঞা, সাধাৰণ সম্পাদক পৱিত্ৰ বৰা, উপদেষ্টা ক্ৰমে—জগত হাজৰিকা, অলিন হাজৰিকা, টুটু গোস্বামী, মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদক ক্ৰমে— অজিত হাজৰিকা আৰু বিতোপন শৰ্মা, মাজুলী জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সভাপতি বিকাশ দাস আদিয়ে বক্তব্য ৰাখি ভাৰত চৰকাৰক বান্ধ বন্ধৰ আহ্বান জনায়। কমলাবাৰী, পূব মাজুলী, দক্ষিণপাট, গড়মূৰ আঞ্চলিক সমিতি আৰু জাতীয় মহিলা পৰিষদৰ পৰা অংশগ্ৰহণ কৰা শতাধিক প্ৰতিবাদকাৰীয়ে এনএইচপিচি গ’ বেক, বৃহৎ নদীবান্ধ বন্ধ কৰক, ভাৰত চৰকাৰ হায় হায় আদি শ্ল’গানেৰ পৰিৱেশ উত্তাল কৰি তোলে। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here