গণ বাৰ্তা কলগাছিয়া,২৪ জানুৱাৰী : বৰপেটা জিলাৰ কলগাছিয়াৰ দৰ্জী পিয়াৰ আলীয়ে ২৭ বছৰ ধৰি জাতীয় পতাকা তৈয়াৰ কৰি আহিছে। ৭৩ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিবলৈ জাতীয় পতাকা সাজু কৰিছে কলগাছিয়াৰ পিয়াৰ আলীয়ে। কলগাছিয়া বজাৰত দৰ্জীৰ কাম কৰি জীৱিকা নিৰ্বাহ কৰা পিয়াৰ আলীয়ে ভাল পায় জাতীয় পতাকা। সেয়ে প্ৰতি বছৰে গণৰাজ্য দিৱস আৰু স্বাধীনতা দিৱসৰ আগে আগে তেওঁ নিজ হাতেৰে এইদৰে প্ৰস্তুত কৰি উলিয়ায় ভাৰতৰ তিনি বৰণীয়া জাতীয় পতাকাখন। পিয়াৰ অলীয়ে জীৱনৰ প্ৰথম অৱস্থাত দুই-চাৰি খন পতাকা চিলাই কৰি বিক্ৰী কৰিছিল। তাৰ পাছৰ পৰাই ২৬ জানুৱাৰী আৰু ১৫ আগষ্ট আহিলেই তেওঁৰ মনটো আগ্ৰহী হৈ পৰে পতাকা প্ৰস্তুত কৰাৰ কাৰণে। বৃহত্তৰ কলগাছিয়াৰ লগতে বৰপেটা, বৰভিটা, ময়নবৰী, জয়পুৰ, তাৰাকান্দি, বাঘবৰ আৰু গোৱালপাৰালৈ যায় পিয়াৰ আলীয়ে প্ৰস্তুত কৰা জাতীয় পতাকা। কম মূল্যত পতাকা যোগান ধৰি দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰাৰ লগতে বৃহত্তৰ অঞ্চলৰ ৰাইজক গণৰাজ্য দিৱস পালনৰ সুবিধা কৰি দি আহিছে পিয়াৰ আলীয়ে। সম্প্ৰতি পিয়াৰ আলীৰ ব্যতিক্ৰমী কৰ্মক ভূয়সী প্ৰশংসা কৰাৰ লগতে দেশপ্ৰেমৰ চানেকি হিচাপে চৰকাৰ ফালৰ পৰা পিয়াৰ আলীক পুৰস্কাৰ দিবলৈ দাবী জনাইছে ৰাইজে।
Home Main Stories গণৰাজ্য আৰু স্বাধীনতা দিৱসৰ আগজাননী বিলাই জাতীয় পতাকা প্ৰস্তুত কৰিছে কলগাছিয়াৰ পিয়াৰ...