Home Main Stories ২১৪ কোটি টকা ব্যয়ৰে শিলচৰত হ’ব নতুন চিৰিয়াখানা: হাফলঙত অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ...

২১৪ কোটি টকা ব্যয়ৰে শিলচৰত হ’ব নতুন চিৰিয়াখানা: হাফলঙত অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত ,পৰৱৰ্তী কেবিনেট শিলচৰত, দহখন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান-বাণিজ্য শাখা খোলাৰ সিদ্ধান্ত

121
0

গণ বাৰ্তা বিশেষ, ডিফু, ১৯ জানুৱাৰী: ডিমা হাছাও জিলাৰ সদৰ চহৰ হাফলঙত আজি বিজেপি দল নেতৃত্বাধীন অসম চৰকাৰৰ তৃতীয়খন কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয়৷ আজি বিয়লি ২.৩০ বজাৰ পৰা আৰম্ভ হোৱা কেবিনেট বৈঠকৰ অন্তত বিয়লি এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ কেবিনেট অধিৱেশনৰ সবিশেষ ব্যাখ্যা আগবঢ়ায়৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ পৰৱৰ্তী কেবিনেট বৈঠক মাৰ্চ অথবা ৰঙালী বিহুৰ আগে আগে শিলচৰত অনুষ্ঠিত কৰা হ’ব বুলি সংবাদমেলত ঘোষণা কৰে৷ আনহাতে, অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৬টা বিবদমান এলেকাৰ সীমা সমস্যাৰ বিবাদ মীমাংসাৰ বাবে কেবিনেটে অনুমোদন প্ৰদান কৰা বুলি উল্লেখ কৰে৷ এইক্ষেত্ৰত আঞ্চলিক সমিতিসমূহৰ আলোচনা আৰু মুখ্যমন্ত্ৰী পৰ্যায়ৰ আলোচনাৰ সবিশেষ পৰ্যৱেক্ষণ কৰি কেবিনেব্দেট উক্ত সমস্যাৰ আশু সমাধানৰ বাবে অনুমোদন জনোৱা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ কাইলৈ দুয়োখন ৰাজ্যৰ কেবিনেটৰ সিদ্ধান্ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক অৱগত কৰোৱা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয়৷ আনহাতে, অহা ২৪ জানুৱাৰীত অসমৰ সৰ্বোচ্ছ অসামৰিক সন্মান ক্ৰমে অসম সৌৰভ, অসম বৈভৱ আৰু অসম গৌৰৱ বঁটা প্ৰদান কৰাৰ লগতে এই সন্দৰ্ভত আজিৰ কেবিনেটত পুংখানুপুংখ আলোচনা কৰা হয় বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷ এই সন্দৰ্ভত সকলো কাম সূচাৰুৰূপে সম্পন্ন হোৱাটো নিশ্চিত হোৱাৰ বাবে ভাগে ভাগে সকলো মন্ত্ৰীকে দায়িত্ব ভগাই দিয়া বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে অৱগত কৰে৷ আজিৰ কেবিনেটত অসমৰ দুখন মহাবিদ্যালয়ত বাণিজ্য শাখা নতুনকৈ প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি, মৰিগাঁও মহাবিদ্যালয় আৰু শুৱালকুছি মহাবিদ্যালয়ত নতুনকৈ বাণিজ্য শাখা প্ৰৱৰ্তন কৰা হ’ব৷ আনহাতে, ধেমাজিৰ মৰিধল মহাবিদ্যালয়, ভৱানীপুৰ মহাবিদ্যালয়, শালবাৰী মহাবিদ্যালয়, টিংখং মহাবিদ্যালয়, তেজপুৰ মহাবিদ্যালয়, বাসুগাঁও কলেজ, বাক্সাৰ বি বি কিষাণ মহাবিদ্যালয় আৰু কাছাৰৰ মাধৱ চন্দ্ৰ দাস মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা আৰম্ভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ সেই অনুসৰি ৰাজ্যত নতুনকৈ দুখন মহাবিদ্যালয়ত বাণিজ্য শাখা আৰু জ্জ্বখন মহাবিদ্যালয়ত নতুনকৈ বিজ্ঞান শাখা আৰম্ভ কৰাৰ বাবে আজিৰ কেবিনেটে অনুমোদন প্ৰদান কৰে৷ এই শিক্ষানুষ্ঠানসমূহত পৰৱৰ্তী শিক্ষাবৰ্ষৰ পৰা এইসমূহ নতুন শাখাসমূহত পাঠদান মুকলি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ আনহাতে, শিলচৰৰ ধলাই সমষ্টিত ২১৪ কোটি টকা ব্যয়সাপেক্ষে এখন নতুন চিৰিয়াখান স্থাপন কৰাৰ বাবেও কেবিনেটে অনুমোদন জনায়৷ অসমৰ দ্বিতীয়খন চিৰিয়াখানা হিচাপে চিহ্নিত হ’বলগীয়া এইখন চিৰিয়াখানাত জীৱ-জন্তুসমূহক কোনো বন্ধ কোঠাত নাৰাখি মুকলিকৈ ৰখা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ এইক্ষেত্ৰত দৰ্শনকাৰীসকলেহে বন্ধ স্থানত থাকি এই মুক্ত চিৰিয়াখানা দৰ্শন কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ অসমৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ অধ্যাপক-অধ্যাপিকাসকলৰ পদ উন্নীতকৰণৰ ক্ষেত্ৰত কিছু বাধা আছিল বুলি উল্লেখ কৰি নিৰ্দিষ্ট সময় ধৰি নিৰ্দিষ্ট পদত কাম কৰাৰ পিছত পদোন্নতি হোৱাটো চৰকাৰী নিয়ম যদিও পদবীৰ অভাৱত এনে পদোন্নতি দিব পৰা হোৱা নাছিল৷ এই লৈ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ মাজত একপ্ৰকাৰ অসন্তুষ্টি আছিল যদিও আজি ‘এছিউৰড কেৰিয়াৰ প্ৰমোচন স্কীম’ৰ জৰিয়তে নিৰ্দিষ্ট সময়ৰ ভিতৰত পদোন্নতি নিশ্চিত কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়৷ এতিয়াৰে পৰা খালী পদ থাকক বা নাথাকক অসমৰ চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত অধ্যাপক-অধাপিকাসকলে সৰ্বভাৰতীয় পৰ্যায়ত অন্য অধ্যাপক-অধ্যাপিকাসকলে লাভ কৰাৰ দৰে সমানে পদোন্নতিৰ সুযোগ লাভ কৰিব৷ ইয়াৰ উপৰিও আজিৰ কেবিনেটে মৰাণ স্বায়ত্তশাসিত পৰিষদ, মটক স্বায়ত্তশাসিত পৰিষদ, বড়ো-কছাৰী ৱেলফেয়াৰ অটোনমাছ কাউন্সিল, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ বিধিসমূহত অনুমোদন জনায়৷ এই আটাইকেইখন স্বায়ত্তশাসিত পৰিষদত অনতিপলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে কেবিনেটে এই অনুমোদন জনায়৷ উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ বিভিন্ন সমস্যাৰ ভিতৰত অন্যতম হিচাপে পৰিচিত কৰ্মচাৰীৰ দৰমহাৰ সমস্যাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে জিলাখনত কৰ্মৰত প্ৰায় এশগৰাকী প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াৰ দৰমহা পূৰ্বে পৰিষদে প্ৰদান কৰিছিল যদিও এতিয়াৰে পৰা অসম চৰকাৰে এই দৰমহা প্ৰদান কৰাৰ দায়িত্ব লোৱা বুলি কয়৷ আনহাতে, ইয়াৰ পৰা ৰাহি হোৱা ধনেৰে পৰিষদে অন্য চৰকাৰী কৰ্মচাৰীসকলক দৰমহা প্ৰদানত সুবিধা হোৱাৰ লগতে ই পৰিষদখনক এক বৃহৎ আৰ্থিক সকাহ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে৷ হাফলঙৰ নিৰ্মীয়মাণ ষ্টেডিয়ামৰ বাবে অতিৰিক্ত ২০ কোটি টকা আগবঢ়োৱাৰ বাবেও আজিৰ কেবিনেটে অনুমোদন জনায়৷ হাফলং নগৰত পানী যোগান আঁচনিৰ অভাৱৰ বাবে পানীৰ ক্ষেত্ৰত নগৰবাসীয়ে অসুবিধাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰি হফলঙত পানী যোগান আঁচনিৰ বাবে ৰাজ্য চৰকাৰে ১১০ কোটি টকা আগবঢ়োৱাৰ বাবেও ৰাজ্যৰ কেবিনেটে অনুমোদন আগবঢ়ায়৷ পাৰ্বত্য জিলাখনত অপূৰ্ব পৰ্যটনৰ সম্ভাৱনাৰ প্ৰসংগ উল্লেখ কৰি জিলাখনৰ উমৰাংছ’, পানীমূৰ আৰু হাফলঙৰ পৰ্যটন আন্তঃগাঁথনি নিৰ্মাণৰ বাবে পঞ্চাশ কোটি টকা আগবঢ়োৱাৰ বাবেও আজিৰ কেবিনেটে অনুমোদন জনায়৷ কোৰোনাৰ সংক্ৰমণৰ সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত নতুনকৈ কোনো বিধি নিয়ম [এছঅ’পি] দিব খোজা নাই বুলি মন্তব্য কৰে৷ এতিয়াৰ পৰা কোৰোনাত আক্ৰান্ত হৈ হোম কোৱাৰেKI×াইনত থকা লোকসকলে আক্ৰান্ত হোৱাৰ অষ্টমটো দিনত কৰ্মস্থলীত যোগদান কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে৷ অৱশ্যে, এসপ্তাহৰ পিছতো কোনো লোক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থাকিলে বিষয়টো সুকীয়া বুলি মুখ্যমন্ত্ৰীয়ে কয়৷ ফেব্ৰুৱাৰীৰ পোন্ধৰ তাৰিখৰ ভিতৰত ৰাজ্যক ক’ভিডৰ দুয়োপালি প্ৰতিষেধক প্ৰদানৰ বাবে চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে৷ ২ কোটি ২০ লাখ লোকক প্ৰতিষেধক প্ৰদান কৰিব লাগে যদিও ইয়াৰে ৰ কোটি ৭২ লাখ লোকক ইতিমধ্যে প্ৰতিষেধক প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত অৱগত কৰে৷ বাকীখিনি ফেব্ৰুৱাৰীৰ ১৫ তাৰিখৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে কয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here