Home অসম উগ্ৰপন্থী সংগঠনৰ প্ৰতি পুনৰ আকৃষ্ট হৈছে নৱপ্ৰজন্ম , সদনত চৰকাৰৰ তথ্যতেই ভয়াৱহ...

উগ্ৰপন্থী সংগঠনৰ প্ৰতি পুনৰ আকৃষ্ট হৈছে নৱপ্ৰজন্ম , সদনত চৰকাৰৰ তথ্যতেই ভয়াৱহ ছবি : ঘন অৰণ্যলৈ ৰাজ্যৰ ১৫৬১ তেজাল যুৱক-যুৱতী

186
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ ছেপ্টেম্বৰ ঃ সন্ত্ৰাসবাদী কাৰ্যকলাপ প্ৰতিৰোধ কৰাৰ বাবে আৰক্ষী প্ৰশাসনে কঠোৰ অভিযান চলাই থকাৰ সময়তেই ৰাজ্যৰ উঠি অহা যুৱক-যুৱতী পুনৰ উগ্ৰপন্থী সংগঠনৰ প্ৰতি আকৃষ্ট হৈছে৷ নিজৰ জীৱনক তুচ্চ জ্ঞান কৰি পুনৰ ঘন অৰণ্যলৈ ধাৱমান হৈছে ৰাজ্যৰ তেজাল যুৱক-যুৱতী৷ কিছুবছৰ উগ্ৰপন্থী সংগঠনৰ প্ৰতি মোহভংগ হৈছিল যুৱক-যুৱতীসকলৰ৷ যাৰ পৰিপ্ৰেক্ষিতত অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহি এক স্বাভাৱিক জীৱন-যাপন কৰিবলৈ আৰম্ভ কৰিছিল এসময়ৰ সংগ্ৰামী নেতা-কেডাৰে৷ কিন্তু শেহতীয়াকৈ উগ্ৰপন্থী সংগঠনত পুনৰ যোগদানৰ ধুম উঠিছে৷ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ যুৱক-যুৱতীসকলে নিৰ্বিঘ্নে যোগদান কৰি গৈছে উগ্ৰপন্থী সংগঠনত৷ ২০১৬ চনৰ পৰা বৰ্তমানৰ সময়ছোৱালৈকে ৰাজ্যৰ ৰ,৫৬১গৰাকী যুৱক-যুৱতী বিভিন্ন উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে৷ এই তথ্য ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ৷ আজি সদনৰ মজিয়াত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে দাখিল কৰা উত্তৰতেই ৰাজ্যৰ এই উদ্বেগজনক ছবি পোহৰলৈ আহিছে৷ সদনত দিয়া তথ্য অনুসৰি ২০১৬ চনৰ পৰা বৰ্তমানলৈকে সৰ্বমুঠ ৰ,৫৬১গৰাকী যুৱক-যুৱতীয়ে উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে৷ তথ্য অনুসৰি এন ডি এফ বিত ৮১১গৰাকী, এন ডি এফ বি [বড়ো] ১৬৪গৰাকী, পি ডি চি কে ৩৫১গৰাকী,সআলফা ২০৩গৰাকী আৰু ইউ পি আৰ এফ উগ্ৰপন্থী সংগঠনত যোগদান কৰিছে ৩২গৰাকী যুৱক-যুৱতীয়ে৷ গৃহ বিভাগৰ আন এক তথ্য অনুসৰি ২০১৬ চনৰ পৰা বৰ্তমানলৈকে মুঠ জ্জ,৯৩৫গৰাকী উগ্ৰপন্থী সংগঠনৰ সদস্যই মূল সুঁতিলৈ ঘূৰি আহিছে৷ তথ্য অনুসৰি উগ্ৰপন্থী সংগঠন এ এ এন এল এৰ ১৫গৰাকী সদস্য, এ ডি এফ বিৰ ১৭৮গৰাকী, মাওবাদীৰ ১১গৰাকী, ডি এন এল এৰ ১৮১গৰাকী, কে এল এফৰ ৬০গৰাকী, কে এল এন এল এফৰ ২৪৬গৰাকী, কে এল অ’ৰ ১৩গৰাকী, কে এন এল এৰ ২৭গৰাকী, কে পি এল টিৰ ৯১৫গৰাকী, এল ডি চি এম এলৰ ২গৰাকী, এন ডি এফ বিৰ চ্ছ্ৰ,৫১৬গৰাকী, এন ডি এফ বি ৪৬৫গৰাকী, এন এছ এল এৰ ৮৭গৰাকী, পি ডি চি কেৰ ৩৮৮গৰাকী, পি এ কেৰ ৰগৰাকী, আৰ এন এল এফৰ ৩১গৰাকী, কে এল এৰ ৭৭গৰাকী, ইউ জি পি অ’ৰ ১৬৯গৰাকী, ইউ এল বিৰ ১২গৰাকী, আলফাৰ ১০৫গৰাকী, আলফা [স্বাঃ]ৰ চ্ছগৰাকী, ইউ পি এল এৰ ৩৭৮গৰাকী আৰু ইউ পি আৰ এফৰ ৩২গৰাকী সদস্যই মূল সুঁতিলৈ ঘূৰি আহিছে৷ সদনত দিয়া আন এক তথ্য অনুসৰি সন্ত্ৰাসবাদী সংগঠনসমূহে বিশেষকৈ আলফা [স্বাঃ] সামাজিক মাধ্যম ফেচবুক, টুইটাৰ, মেছেঞ্জাৰ আদিৰ যোগেদি নিজৰ প্ৰচাৰ আৰু প্ৰসাৰ চলোৱাৰ বিশেষ চেষ্টা কৰিছে৷ ইয়াৰ যোগেদি সন্ত্ৰাসবাদী গোটসমূহে যুৱচামক বিভিন্ন ছলাহী কথাৰে আকৃষ্ট কৰিব বিচাৰিছে আৰু বহুতো যুৱকক সামাজিক মাধ্যমৰ যোগেদি প্ৰভাৱিত কৰি সংগঠনটোত যোগদান কৰিবলৈ উৎসাহিত কৰা দেখা গৈছে৷ ইপিনে, আৰু উল্লেখ কৰিছে যে অসম আৰক্ষীৰ বিশেষ শাখাত স্থাপিত চাইবাৰ ডমি প্ৰজেক্টৰ অধীনত সামাজিক মাধ্যম নিৰীক্ষণ কোষে তেনেধৰণৰ বহু আপত্তিজনক পোষ্ট বিচাৰি উলিয়াবলৈ সক্ষম হৈছে৷ ২০২১-২২ চনৰ সময়ছোৱাত তেনেধৰণৰ ৯৯০টা ৰাষ্ট্ৰবিৰোধী আৰু সন্ত্ৰাসবাদক উদ্‌গনি দিয়া পোষ্ট বিচাৰি উলিয়াইছে৷ তাৰে পৰা ১০০টা গোচৰ অসমৰ বিভিন্ন জিলাত ৰুজু কৰা হৈছে, ৮৫জন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে আৰু ৫৮ৰগৰাকী যুৱক-যুৱতীক তেওঁলোকক অভিভাৱকৰ সন্মুখত মনস্তাস্তিক পৰ্যবেক্ষণৰ জৰিয়তে শুধৰণিৰ বাবে পদক্ষেপ লোৱা হৈছে৷ একেদৰে ২০১৬ চনত অসম চৰকাৰ গঠন হোৱাৰ দিনৰে পৰা বৰ্তমানলৈকে জেহাদী সন্দেহত মুঠ ৮৪গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে৷ জামাতুল মুজাহিদীন বাংলাদেশৰ ৩৫গৰাকী,সহিজবুল মুজাহিদীনৰ জ্ঝগৰাকী আৰু আনছাৰুল্লাহ বাংলা টীমৰ ৪০গৰাকী ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ আটক কৰা ব্যক্তিসকলৰ ভিতৰত দহজন মাদ্ৰাছাৰ সৈতে জড়িত৷ অভিযুক্তসকলৰ বিৰুদ্ধে বিচাৰ প্ৰক্ৰিয়া চলি আছে বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here