Home Main Stories গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱনিৰ্মিত ২০০ খন বিচনাযুক্ত আই চি ইউ আনুষ্ঠানিকভাৱে...

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱনিৰ্মিত ২০০ খন বিচনাযুক্ত আই চি ইউ আনুষ্ঠানিকভাৱে উদ্বোধন মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ

100
0

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ৮৯৬ গৰাকী ষ্টাফ নাৰ্ছক নিযুক্তিপত্ৰ প্ৰদান

গুৱাহাটী, ৬ জুলাই : অসমৰ স্বাস্থ্য সেৱা খণ্ডৰ সবলীকৰণৰ দিশত আন এক বলিষ্ঠ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত নৱনিৰ্মিত ২০০খন বিছনাযুক্ত আই চি ইউ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ অধীনত ৮৯৬ গৰাকী ষ্টাফ নাৰ্ছৰ নিযুক্তি-পত্ৰ প্ৰদান কাৰ্যসূচীও আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আজিৰ দিনটোক এটা অতি গুৰুত্বপূৰ্ণ দিন হিচাপে অভিহিত কৰি কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ স্বাস্থ্য আন্তঃগাঁথনিত ২০০খন অতিৰিক্ত আই চি ইউ বিছনাৰ সংযোজনে দৰিদ্ৰ আৰু আৰ্তজনৰ সেৱাক এক নতুন মাত্ৰা প্ৰদান কৰিব। তেওঁ কয় যে ক’ভিড-১৯ অতিমাৰীৰ প্ৰথমটো লহৰৰ পূৰ্বে গুৱাহাটীত মাথোঁ ৬৭খন আই চি ইউ বিছনাহে উপলব্ধ আছিল, কিন্তু এবছৰ কালৰ ভিতৰতে মহানগৰীখনৰ চৰকাৰী চিকিৎসা প্ৰতিষ্ঠানসমূহত আই চি ইউ বিছনাৰ সংখ্যা বৰ্তমান সৰ্বমুঠ ৫৯১খনলৈ বৃদ্ধি পাইছে। ৰাজ্যখনৰ সমগ্ৰ ৮খন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে অত্যাধুনিক এক্‌মো (ই চি এম অ’) মেচিন স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। ৰাজ্যখনৰ দুৰ্গম আৰু দূৰৱৰ্তী অঞ্চলৰ ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্যজুৰি প্ৰতিখন হাস্পতাললৈকে দুগৰাকী চিকিৎসক আৰু ৪গৰাকী নাৰ্ছ প্ৰেৰণ কৰিবলৈও তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে। তেওঁ লগতে কয় যে ক’ভিডৰ নামত ভিতৰুৱা অঞ্চলৰ দুখীয়া লোকসকল চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱা উচিত নহয়। সেয়েহে এনে এলেকাসমূহত তৎকালে চিকিৎসক আৰু নাৰ্ছ নিযুক্তিৰ পদক্ষেপ ল’বলৈ তেওঁ বিভাগটোক নিৰ্দেশ দিয়ে। ক’ভিডোত্তৰ জটিলতাত ভোগা ৰাজ্যখনৰ ৰোগীসকলক প্ৰয়োজন সাপেক্ষে অক্সিজেন যোগান ধৰিব পৰাকৈ ৰাজ্যৰ প্ৰতিখন জিলাতে অক্সিজেন কনচেনেট্ৰটৰ বেংক স্থাপনৰ বাবে বেচৰকাৰী সংস্থাৰ সৈতে সহযোগিতাৰে কাম কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন, অসমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণনক নিৰ্দেশ দিয়ে। এই ক্ষেত্ৰত ক’ভিড-১৯ত বেয়াকৈ আক্ৰান্ত হোৱা জিলাসমূহক অগ্ৰাধিকাৰ প্ৰদানৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। শিশুসকলৰ নিয়মীয়া টিকাকৰণ কাৰ্যসূচী অগবঢ়াই নিয়াৰ লগতে ক’ভিড-১৯ অতিমাৰীৰ পৰিপ্ৰেক্ষিতত টিকাকৰণৰ পৰা বঞ্চিত হোৱা শিশু আৰু গৰ্ভৱতী মহিলাসকলক ‘মিছন ইন্দ্ৰধনুষ’ৰ অধীনত টিকাকৰণৰ কাম আৰম্ভ কৰিবলৈও মুখ্যমন্ত্ৰীয়ে স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৮০ হাজাৰ লিটাৰ মেডিকেল অক্সিজেন টেংক কাৰ্যক্ষম হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই ব্যৱস্থা মেডিকেল অক্সিজেনৰ মজুতকৰণত সহায়ক হোৱাৰ লগতে ৰোগীসকলৰ বাবেও বৃহৎ সকাহ হিচাপে বিবেচিত হ’ব। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে কোম্পানীৰ সামাজিক দায়বদ্ধতাৰ অংশ হিচাপে ২০০খন বিছনাযুক্ত আই চি ইউ ভৱন নিৰ্মাণত ৰাজ্য চৰকাৰলৈ সহযোগিতা আগবঢ়োৱা ভাৰতীয় ষ্টেট বেংক আৰু ছিডবি (এছ আই ডি বি আই)ৰ মুখ্য মহাপ্ৰবন্ধকদ্বয় তথা ভাৰতীয় তেল নিগমৰ গুৱাহাটীস্থ কাৰ্যবাহী সঞ্চালকগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আন্তঃগাঁথনিত এক উল্লেখযোগ্য সংযোজন হিচাপে আজি মুকলি কৰা ২০০খন বিছনাযুক্ত অত্যাধুনিক সুবিধা সম্বলিত দুমহলীয়া আই চি ইউ ভৱনত চাৰিখন ডায়েলাইছিছ বিছনা আৰু ৮০ হাজাৰ লিটাৰ তৰল চিকিৎসা অক্সিজেনৰ টেংকি সুবিধা থাকিব। সৰ্বমুঠ ২০ কোটি টকা প্ৰকল্প ব্যয়ৰে ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰি উলিওৱা এই আই চি ইউ ভৱনৰ সা-সৰঞ্জাম ক্ৰয়ৰ দিশত ব্যয় হৈছে ১৩.৭১ কোটি টকা। অন্যান্য সা-সুবিধাৰ লগতে এই ভৱনত চিকিৎসকৰ লাউঞ্জ, ড’নিং আৰু ড’ফিং এলেকা, অগ্নি নিৰ্বাপণ আৰু সুৰক্ষাৰ ব্যৱস্থা আদি উপলব্ধ হ’ব। আজিৰ এই অনুষ্ঠানত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তইও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত সাংসদ কুইন ওজা, বিধায়ক তৰংগ গগৈ, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্ৰধান সচিব অনুৰাগ গোৱেল, বিভাগটোৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিং, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, লোক নিৰ্মাণ (ভৱন) বিভাগৰ আয়ুক্ত আৰু বিশেষ সচিব ৰাজ চক্ৰৱৰ্তী, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যৰ লগতে বহুসংখ্যক গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here