Home Main Stories বটদ্ৰৱাৰ কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুলক এনকাউন্টাৰ : পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত...

বটদ্ৰৱাৰ কুখ্যাত ড্ৰাগছ মাফিয়া চিৰাজুলক এনকাউন্টাৰ : পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীৰ গুলীত ধৰাশায়ী

391
0


গণ বাৰ্তা, টুকটুকী, বটদ্ৰৱা, ২৮ অক্টোবৰ:
নগাঁৱত পুনৰ ড্ৰাগ্‌ছ মাফিয়াৰ বিৰুদ্ধে সৰৱ হ’ল আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ৷ আজি পুৱতি নিশা বটদ্ৰৱা আৰক্ষী থানাৰ কদমনি বজাৰৰ ওচৰত সংঘটিত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হ’ল পশ্চিম নগাঁৱৰ কুখ্যাত ড্ৰাগ্‌ছ মাফিয়া ছিৰাজুল ইছলাম৷ উল্লেখ্য, ড্ৰাগ্‌ছ মাফিয়া ছিৰাজুলৰ বটদ্ৰৱা কদমনি বজাৰৰ ওচৰতে থকা বাসগৃহৰ পৰা আৰক্ষীয়ে এটা ৩২ পিষ্টল আৰু বুজন পৰিমাণৰ ব্ৰাউন ছুগাৰ জব্দ কৰিছিল৷ প্ৰাপ্ত খবৰ অনুসৰি নগাঁও জিলাৰ কামপুৰৰ কচুৱাৰ পৰা যোৱানিশা আৰক্ষীয়ে ড্ৰাগ্‌ছ মাফিয়াটোক গ্ৰেপ্তাৰ কৰাৰ পিছত বটদ্ৰৱা কদমনিৰ বাসগৃহত ছিৰাজুলক লগত লৈ তালাচী চলাবলৈ গৈছিল আৰক্ষীৰ দলে৷ কিন্তু নিশাৰ আন্ধাৰত আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোঁতেই গুলীচালনা কৰে আৰক্ষীৰ দলে৷ ফলত বাঁওভৰিত চ্ছ্ৰটা গুলী লাগে ড্ৰাগ্‌ছ মাফিয়া ছিৰাজুল ইছলামৰ৷ উল্লেখ্য যে বিগত এটা দশকৰো অধিক সময় অঞ্চলটোত ড্ৰাগ্‌ছৰ দৰে নিচাজাতীয় সামগ্ৰীৰ অবৈধ বজাৰ এখন আৰক্ষীৰ চকুত ধূলি দি চলাই আহিছিল ছিৰাজুল ইছলামে৷ নতুন প্ৰজন্মক বিপথে নি ড্ৰাগ্‌ছ বিক্ৰী কৰা ধনেৰে ছিৰাজুলে গঢ়ি তুলিছিল সম্পত্তিৰ বিশাল পাহাৰ৷ নিজাববীয়াকৈ কে’বাখনো গাড়ী ক্ৰয় কৰাৰ সমান্তৰালকৈ মাটি-সম্পত্তি ক্ৰয় কৰাৰ লগতে ছিৰাজুলে কদমনি বজাৰৰ সমীপত নিৰ্মাণ কৰিছে এটি প্ৰাসাদোপম অট্টালিকা৷ যি সময়ত অঞ্চলটোৰ বহু লোক ড্ৰাগ্‌ছৰ কবলত পৰি পৰিয়ালটো সৰ্বস্বান্ত হ’বলগীয়া হৈছে, সেই সময়তে ছিৰাজুলৰ দৰে কুখ্যাত অপৰাধীয়ে ড্ৰাগ্‌ছ বিক্ৰী কৰি আহৰণ কৰিছে হকে-বিহকে অগাধ সম্পত্তি৷ প্ৰণিধানযোগ্য এয়ে যে সুদক্ষ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নগাঁৱত যোগদান কৰিয়েই কুখ্যাত ড্ৰাগ্‌ছ মাফিয়া ছিৰাজুলক আটক কৰিছিল যদিও আইনৰ মেৰপেঁচত কুখ্যাত মাফিয়া ছিৰাজুলে নিচেই কম দিনৰ ভিতৰতে জামিনত মুক্তি লাভ কৰি নতুন উদ্যমেৰে পুনৰ চলাই আহিছিল ড্ৰাগ্‌ছৰ অবৈধ সাম্ৰাজ্য৷ অৱশেষত আজি নগাঁও আৰক্ষীৰ জালত পৰি গুলীবিদ্ধ হয় বটদ্ৰৱা কদমনিৰ এইজন কুখ্যাত ড্ৰাগ্‌ছ মাফিয়া৷ উল্লেখ্য, বৃহত্তৰ বটদ্ৰৱা কদমনিত ড্ৰাগ্‌ছৰ সমান্তৰালকৈ অবৈধ জুৱা আৰু তীৰৰ ব্যৱসায়ে বহুতো দৰিদ্ৰ পৰিয়ালক সৰ্বস্বান্ত কৰি তুলিছে৷ বিগত ছেপ্টেম্বৰ মাহত হাফিজ উদ্দিন নামৰ এজন তীৰৰ মাফিয়াক আৰক্ষীয়ে আটক কৰাৰ পিছতো কেইদিনমানৰ পিছতে ৰহস্যজনক কাৰণত এইজন তীৰ মাফিয়াই জামিন লাভ কৰিবলৈকো সক্ষম হৈছিল৷ আনহাতে, যোৱা ২৫ অক্টোবৰতো নগাঁৱৰ ননৈত আৰক্ষীৰ এনকাউণ্টাৰত গুলীবিদ্ধ হৈছিল উত্তৰ-পূৰ্বাঞ্চলত ড্ৰাগ্‌ছৰ বৃহৎ বজাৰ গঢ়ি তোলা মণিপুৰৰ ড্ৰাগ্‌ছ মাফিয়া আৰ কে হপিংচন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here