Home স্বাস্থ্য নামনি অসমৰ কুখ্যাত ট্ৰেক্টৰ চোৰক গ্ৰেপ্তাৰ

নামনি অসমৰ কুখ্যাত ট্ৰেক্টৰ চোৰক গ্ৰেপ্তাৰ

756
0


গণ বাৰ্তা, মাণিকপুৰ, ৰ ডিচেম্বৰ : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষীয়ে নামনি অসমত ট্ৰেক্টৰ চুৰিৰে সন্ত্ৰাস চলোৱা কুখ্যাত চোৰ ছোবাহান আলীক আটক কৰিছে৷ কলগাছিয়া থানাৰ অন্তৰ্গত গুণীয়ালগুৰিৰ ছুবাহান আলীয়ে নামনি অসমৰ বিভিন্ন ঠাইৰ পৰা প্ৰায় ৫০খন ট্ৰেক্টৰ ছল-চাতুৰিলে ভাৰাত লয়৷ ছুবাহান আলীয়ে ট্ৰেক্টৰসমূহ ভাৰাত লৈ বিভিন্নজনৰ ওচৰত বিক্ৰী কৰে৷ প্ৰায় ৬ মাহ ধৰি ট্ৰেক্টৰৰ মালিকসকলে ছুবাহান আলীক বিচাৰি ফুৰে যদিও পলাই ফুৰে৷ কালি মাণিকপুৰ আৰু কলগাছিয়াৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত ছুবাহান আলীক কৰায়ত্ত কৰি জে’ল হাজতলৈ প্ৰেৰণ কৰে৷ আনকি ট্ৰেক্টৰ বেচা-কিনাৰ নামত মধ্যস্থতাকাৰী হিচাপে ৰাশিদুল ইছলামক কৰায়ত্ত কৰি সোধা-পোছা অব্যাহত ৰাখিছে৷ মাণিকপুৰ আৰক্ষীয়ে বৰ্তমানলৈকে তিনিখন ট্ৰেক্টৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও বাকী ট্ৰেক্টৰসমূহ এতিয়ালৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ নামনি অসমত ট্ৰেক্টৰ চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা বৃহৎ চক্ৰটোক উৎখাত কৰিবলৈ দাবী জনাইছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here