Home গুৱাহাটী ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা: মহানগৰীৰ ৰূপনগৰক কনটাইনমেণ্ট জ’ন ঘোষণা, মুখ্যমন্ত্ৰীৰ...

ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা: মহানগৰীৰ ৰূপনগৰক কনটাইনমেণ্ট জ’ন ঘোষণা, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ কাৰ্যালয়ত ১১ জনৰ দেহত ক’ভিড

407
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ: দুৰ্গা পূজাৰ পিছতে ৰাজ্যত ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰাৰ পিছতেই লকডাউন হ’ব বুলি চৰ্চা লাভ কৰিছিল যদিও মুখ্যমন্ত্ৰী তথা স্বাস্থ্যমন্ত্ৰীয়ে স্পষ্টভাৱে ৰাজ্যত লকডাউন নহয় বুলি ঘোষণা কৰিছিল৷ ইপিনে, নতুন এছঅ’পি জাৰি কৰাৰ ৪৮ ঘণ্টাৰ পিছতে ৰাজ্যত প্ৰথমটো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে শ্ৰীমন্তপুৰস্থিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ অধীক্ষকৰ কাৰ্যালয়ৰ ১১জন বিষয়া-কৰ্মচাৰীৰ দেহত কোৰোনা ধৰা পৰাৰ পিছতেই সেই অঞ্চলটোত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে ৰূপনগৰত থকা স্বতন্ত্ৰ সেনানীৰ ভৱনত থকা মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ কাৰ্যালয়ত ক’ভিড ৰোগী ধৰা পৰিছে৷ যাৰ বাবে সাত দিনৰ বাবে উক্ত অঞ্চলটো কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে৷ ৰূপনগৰস্থিত এএছটিচি কৰ্মশালাৰ পৰা আৰম্ভ কৰি জিএমচি ৰোড শ্ৰীমন্তপুৰলৈকে এই কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে৷ উল্লেখ্য যে বিগত কিছুদিন ধৰি ৰাজ্যত ক’ভিডৰ সংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছিল৷ দুৰ্গা পূজাৰ অষ্টমীৰ পিছতে ৰাজ্যত ক’ভিডৰ সংখ্যা বৃদ্ধি পাইছিল৷ দৈনিক ২০০-৩০০ জনলৈকে ক’ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল৷ কালিৰ দিনটোত ৰাজ্যত ২৪৪গৰাকী লোকৰ দেহত ক’ভিড ভাইৰাছ ধৰা পৰিছিল৷ ইয়াৰ ভিতৰত ৭৫জন আছিল গুৱাহাটী মহানগৰীৰ৷ আনহাতে, কালি ছজন লোকে ক’ভিডত প্ৰাণ হেৰুৱাবলগীয়াত পৰিছিল৷ উল্লেখ্য যে ৰাজ্যৰ আন স্থানৰ তুলনাত গুৱাহাটী মহানগৰীত ক’ভিডৰ প’জিটিভিটীৰ হাৰ বেছি৷ আনহাতে, মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে বিগত কিছুদিন ধৰি সক্ৰিয়ভাৱে গোচৰৰ অনুসন্ধান চলোৱাৰ লগতে এপিডিচিএলৰ নিযুক্তি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত এশতকৈয়ো অধিক লোকক জেৰা চলোৱাৰ লগতে আয়তকৈ অধিক সম্পত্তি থকাৰ অপৰাধত ৰৌণক আলী হাজৰিকাকে ধৰি বিভিন্নজনক জেৰা চলাইছিল৷ তেনেস্থলত ৰূপনগৰ-শ্ৰীমন্তপুৰস্থিত কাৰ্যালয়ত ব্যাপক জনসমাগম ঘটিছিল৷ ৰাজ্যত ক’ভিডৰ বৰ্ধিত সংখ্যালৈ লক্ষ্য ৰাখি শীঘ্ৰেই আন স্থানতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ সম্ভাৱনা জাগি উঠিছে৷ উল্লেখ্য যে আজি ৰাজ্যত ৩২২ জন ক’ভিড ৰোগী ধৰা পৰিছে৷ ইয়াৰ ভিতৰত কামৰূপ মহানগৰত ১৪১ জন৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here