Home গুৱাহাটী এবছৰত ভাৰতত যক্ষ্মা ৰোগীৰ সংখ্যা ২১ শতাংশ বৃদ্ধি, ২০২১ত ১৯,৩৩,৩৮১জন যক্ষ্মা ৰোগত...

এবছৰত ভাৰতত যক্ষ্মা ৰোগীৰ সংখ্যা ২১ শতাংশ বৃদ্ধি, ২০২১ত ১৯,৩৩,৩৮১জন যক্ষ্মা ৰোগত আক্ৰান্ত

182
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ মাৰ্চ ঃ যি সময়ত কেন্দ্ৰীয় চৰকাৰে ২০২৫ত যক্ষ্মা ৰোগমুক্ত ভাৰত গঢ়াৰ দিশে আগবাঢ়িছে তথা সংকল্প লৈছে তেনে সময়তেই এবছৰত যক্ষ্মা ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি পোৱাহে পৰিলক্ষিত হৈছে৷ ২০২২১ ভাৰতৰ যক্ষ্মা ৰোগ প্ৰতিবেদন অনুসৰি ২০২০১ তুলনাত ২০২১ত দেশত যক্ষ্মা ৰোগীৰ সংখ্যা ১৯ শতাংশ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মন্দাভিয়াই প্ৰকাশ কৰা অনুসৰি ২০২৫১ ভিতৰত যক্ষ্মামুক্ত ভাৰত গঢ়াৰ দিশেৰে কাম চলি আছে৷ উল্লেখ্য যে ২০২০ত ভাৰতত ১৬,২৮,১৬১জন যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল৷ তাৰ বিপৰীতে ২০২১ত ইয়াৰ সংখ্যা ১৯ শতাংশ বৃদ্ধিৰে ১৯,৩৩,৩৮১জন হয়৷ বিশ্ব যক্ষ্মা দিৱসৰ দিনটোত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২০২৫১ ভিতৰত ভাৰতক যক্ষ্মামুক্ত কৰাৰ বাবে উন্নত মানদণ্ডৰ স্বাস্থ্য সেৱা আৰু উন্নত চিকিৎসাৰ সুবিধা নিশ্চিত কৰি ইয়াক প্ৰাপ্ত কৰা হ’ব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here