যোগীঘোপা , ২১ নৱেম্বৰঃ- পশ্চিম অসমৰ বঙাইগাঁও জিলাত ৰাজ্য চৰকাৰে অহা ২৪ নৱেম্বৰত কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ বাতৰিয়ে জিলাবাসীক আনন্দিত কৰি তুলিছে ।এতিয়া যেন মিনি দিছপুৰত পৰিনত হৈছে জিলাখন। পোন প্ৰথমবাৰৰ বাবে বঙাইগাঁৱত ৰাজ্য চৰকাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰাক ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসন । চহৰ খনক ন-ৰূপত সজাই-পৰাই তুলিছে জিলা প্ৰশাসনে । বঙাইগাঁওত অনুষ্ঠিত হবলগীয়া কেবিনেট বৈঠকে জিলাখনৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ স্থান লাভ কৰিব বুলি আশা কৰিছে জিলাবাসীয়ে। অনুৰূপ ভাৱে কেবিনেট বৈঠকত জিলাখনৰ যোগীঘোপাৰ দুগ্ধনাথ পাহাৰত থকা ঐতিহাসিক গুহা সমুহ পৰ্যটকস্থলীৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গুৰুত্ব প্ৰদান কৰিব বুলি আশা কৰিছে যোগীঘোপাবাসীয়ে ।উল্লেখ্য যে ,যোগীঘোপাৰ পৰা নৰনাৰায়ণ সেতুৰ এক কিলোমিটাৰ পূব ফালে থকা গুহা কেইটাই ব্ৰহ্মপুত্ৰৰ পাৰত এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে । পুৰনি আখ্যান মতে ,৬৫৫-৯০০ খ্ৰীষ্টাব্দৰ ভিতৰতে প্ৰকাণ্ড শিলত গুহা সমুহ খোদিত কৰা হৈছিল। বৌদ্ধ ভিক্ষু সকলে উক্ত গুহা কেইটা তপস্যা কৰাৰ বাবে সজাইছিল বুলি জনা যায়। পিছৰ পৰ্যায়ত যোগী সকলে ধ্যান কৰা কামতো ব্যৱহাৰ কৰা জনা যায়। যোগী তথা সাধু সন্যাসীয়ে উক্ত গুহা তথা ঘোপা সমুহত তপস্যা কৰাৰ বাবে অঞ্চলটোৰ নাম যোগীঘোপা হয় বুলি পুৰণি আখ্যান আছে।কাৰিকৰী দিশৰ পৰা গুহা সমুহ ইলোৰা আৰু অজন্তাৰ লগত তুলনা কৰা হৈছে।১’৯ মিটাৰ ওখ,২ʼ৬মিটাৰ পথালি আৰু১ʼ৮ মিটাৰ গভীৰ গুহাকেইটাৰ প্ৰত্যেকটোৰ বাৰান্দা আছে।দীঘে ৭৫ চেন্টিমিটাৰ আৰু পথালিয়ে ৩৫ চেণ্টিমিটাৰ বাৰান্দাই গুহাকেইটাইৰ সৌন্দৰ্য্য বৃদ্ধি কৰিছে। দুগ্ধনাথ পাহাৰখনত এই ঐতিহাসিক গুহা কেইটা থকাৰ উপৰিও আৰু কিছু ঐতিহাসিক সমল বিচাৰি পোৱা গৈছে। বিট্ৰিছৰ দিনত পাহাৰত সেনাৰ ছাউনী থকাৰ উমান পোৱা গৈছে।বৃহৎ গোটৰ ভগ্নাংশেষে ইয়াৰ সাক্ষ্য বহন কৰিছে ডেৰ বছৰ পূৰ্বে পাহাৰ খনত মাটি ভৰ্তি কলহ এটাই বহু কথাৰ উমান দিছে।পাহাৰখনৰ দক্ষিণফালে এটা বৃহৎ শিলৰ পৰা ফেনৰ দৰে কিবা বস্তু বাগৰি অহাৰ চিন বিদ্যামান ।পুৰনি আখ্যান মতে , শিৱক এক নিৰ্দ্দিষ্ট সময়ত উক্ত শিলৰ উপৰত থিয় হৈ কপিলিশ্বৰী গাইয়ে গাখীৰ পান কৰাইছিল । শিৱৰ আন এটা নাম যিহেতু ভোলানাথ সেয়া পাহাৰৰ নামটোও দুগ্ধনাথ পাহাৰ হিচাৱে জনাজাত | উক্ত গুহাসমুহত ইতিমধ্যে ভাৰতীয় প্ৰত্নতাত্বিক জৰীপ বিভাগে সংৰক্ষণৰ ব্যৱস্থা কৰি পাহাৰলৈ উঠাৰ বাবে ছিৰি বনাই দৰ্শনাৰ্থীৰ কিছু সুবিধা কৰি দিছে।গুহা সমুহৰ কাষে কাষে আৰু পাহাৰ উপৰত কেইবাটাও ঠাইত বহাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে। পাহাৰখনৰ উপৰৰ পৰা লক্ষ্য কৰিলে বৰ্তমান অৱস্থাত ব্ৰহ্মপুত্ৰৰ নদীৰ পানী শুকাই গৈ ব্ৰহ্মপুত্ৰৰ বালিচৰে এক দৃষ্টিনন্দন দৃশ্যৰ সৃষ্টি কৰিছে। গোৱা সাগৰৰ তীৰৰ বীচ সদৃশ বালি চৰসমূহৰ এক দৃষ্টিনন্দন দৃশ্যই দৰ্শনাৰ্থীৰ মন মুহিবলৈ সক্ষম হৈছে । অভিযোগ মতে, পৰ্যটকস্থলীৰ প্ৰচুৰ সম্ভাৱনা থকা দুগ্ধনাথ পাহাৰ উন্নয়নৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা নাই জিলা প্ৰশাসনৰ লগতে পৰ্যটন বিভাগে । মাত্ৰ দুদিন পিছতে বঙাইগাঁও জিলাত অনুষ্ঠিত হবলগীয়া কেবিনেট বৈঠকত দুগ্ধনাথ পাহাৰৰ গুহা সমুহ পৰ্যটকস্থলীৰ মৰ্যদা প্ৰদান কৰিব নে ৰাজ্য চৰকাৰে? দুগ্ধনাথ পাহাৰক পৰ্যটকস্থলীৰ মৰ্যদা প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাইছে যোগীঘোপা বাসীয়ে ।
Home Main Stories ঐতিহাসিক দুগ্ধনাথ পাহাৰৰ গুহা সমুহক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিবলৈ দাবী যোগীঘোপাবাসীৰ