Home ৰাজনীতি কাৰ দখললৈ ৰাজধানী মহানগৰ ? আজি গুৱাহাটী পৌৰ নিগমৰ ভোট : ভোটাৰে...

কাৰ দখললৈ ৰাজধানী মহানগৰ ? আজি গুৱাহাটী পৌৰ নিগমৰ ভোট : ভোটাৰে নিৰ্ণয় কৰিব ১৯৭ জন প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য

213
0

গুৱাহাটী, ২১ এপ্ৰিল : কোনে দখল কৰিব ৰাজধানী৷ ৰাজধানী গুৱাহাটীত কোন দলে গঠন কৰিব স্থানীয় চৰকাৰ৷ সৰ্বত্ৰ এনে নিৰ্বাচনী অংকৰ অন্ত পেলাই শুকুৰবাৰে বহু প্ৰতীক্ষিত আৰু জল্পনা-কল্পনাৰ অন্ত পেলাই সুদীৰ্ঘ জ্ঝ বছৰৰ অন্তত অনুষ্ঠিত হ’ব বহু আকাংক্ষিত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণ পৰ্ব৷ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণক লৈ ইতিমধ্যে নিৰ্বাচন আয়োগৰ লগতে স্থানীয় জিলা প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে৷ প্ৰথমবাৰৰ বাবে ইলেকট্ৰনিক ভোটিং মেচিন চমুকৈ ই ভি এমযোগে ভোট গ্ৰহণ কৰিবলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ইতিমধ্যে তিনিটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে বিজেপি প্ৰাৰ্থী৷ এই তিনিটা ৱাৰ্ডত বিনা প্ৰতিদ্বন্দ্বিতাৰে তিনি প্ৰাৰ্থী জয়ী হোৱাত শুকুৰবাৰে গুৱাহাটী পৌৰ নিগমৰ ৬০টা ৱাৰ্ডৰ ৫৭টা ৱাৰ্ডৰ বাবেহে ভোটগ্ৰহণ হ’ব৷ শুকুৰবাৰে পুৱা জ্জ.৩০ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে প্ৰিজাইডিং আৰু প’লিং বিষয়াসকল বৃহস্পতিবাৰে ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈছে৷ প্ৰিজাইডিং আৰু প’লিং বিষয়াসকলে বৃহস্পতিবাৰে পুৱাৰ ভাগতে গুৱাহাটীৰ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত উপস্থিত হৈ নিৰ্বাচনৰ ই ভি এম ছেট আৰু অন্যান্য নিৰ্বাচনী সামগ্ৰীসমূহ সংগ্ৰহ কৰি নিৰ্দিষ্ট ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হয়৷ জিলা ৰিটাৰ্নিং বিষয়া তথা কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই বাণিজ্য কেন্দ্ৰত উপস্থিত হৈ নিৰ্বাচনৰ সামগ্ৰিক প্ৰক্ৰিয়াৰ তদাৰক কৰাৰ লগতে নিৰ্বাচনত নিয়োজিত বিষয়া-কৰ্মীসকলক শুভেচ্ছা জ্ঞাপন কৰে৷ শুকুৰবাৰে পুৱা জ্জ.৩০ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হ’ব আৰু বিয়লি চ্ছ্ৰ.৩০ বজাত অন্ত পৰিব৷ মন কৰিবলগীয়া যে পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণত এইবেলি প্ৰথমবাৰৰ বাবে ই ভি এমৰ ব্যৱস্থা কৰা হৈছে৷ এইবাৰৰ নিৰ্বাচনৰ বাবে মুঠ ৭৫৭টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত এগৰাকীকৈ প্ৰিজাইটিং বিষয়াৰ লগতে তিনিগৰাকীকৈ প’লিং বিষয়া আৰু একোগৰাকীকৈ আৰক্ষী নিয়োগ কৰা হৈছে৷ ইয়াৰ উপৰি নিৰ্বাচন প্ৰক্ৰিয়া নিৰীক্ষণ কৰাৰ বাবে পৌৰ নিগম এলেকাৰ জ্জ্বটা জ’ন আৰু ৭৬টা ছেক্টৰত একোগৰাকীকৈ অসামৰিক আৰু আৰক্ষী বিষয়া নিয়োগ কৰা হৈছে৷ তেনেদৰে ৮০টা ভোটগ্ৰহণ কেন্দ্ৰত একোগৰাকীকৈ মহিলা প্ৰিজাইডিং বিষয়া আৰু ৩গৰাকীকৈ মহিলা প’লিং বিষয়াক নিয়োজিত কৰা হৈছে৷ উল্লেখনীয় যে গুৱাহাটী পৌৰ নিগমৰ মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত প্ত, ৬ আৰু ২২ নম্বৰ ৱাৰ্ডৰ তিনিগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হোৱা হেতুকে এইবেলি ৫৭টা ৱাৰ্ডত নিৰ্বাচন অনুষ্ঠিত হ’ব৷ এইবাৰৰ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত মুঠ জ্জ,৯৭,৮০৭গৰাকী ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰিব৷ ইয়াৰ ভিতৰত ৩,৯৭,১২৮জন পুৰুষ, চ্ছ্ৰ,০০,৬৫৪গৰাকী মহিলা আৰু চ্ছগৰাকী তৃতীয় লিংগৰ ভোটাৰ৷ ২৪ এপ্ৰিলৰ পুৱা জ্জ্ব বজাৰ পৰা মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰতেই ভোট গণনা কৰাৰ লগতে একেদিনাই ফলাফল ঘোষণা কৰা হ’ব৷ উল্লেখ্য যে শুকুৰবাৰে হ’ব লগা নিৰ্বাচনত গুৱাহাটীৰ জ্জ,৯৭,৮০৭গৰাকী ভোটাৰে ভাগ্য নিৰ্ণয় কৰিব ১৯৭গৰাকী প্ৰাৰ্থীৰ৷ এইবাৰ নিৰ্বাচনত বিজেপিয়ে ৫৩টা বাৰ্ডত, অগপই জ্জটা বাৰ্ডত, কংগ্ৰেছে ৫৫টা ৱাৰ্ডত, আপে ৩৮টা ৱাৰ্ডত আৰু অসম জাতীয় পৰিষদে চ্ছটা ৱাৰ্ডত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে৷ এইবাৰ নিৰ্বাচনত ২০৮গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছিল যদিও ইয়াৰে জ্জ্বগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰে৷ প্তনং ৱাৰ্ডৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ উপৰি কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ দুজন প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰে৷ একেদৰে ৬নং আৰু জ্জনং ৱাৰ্ডৰ কংগ্ৰেছৰ এগৰাকীকৈ, ১১নং আৰু ১২নং ৱাৰ্ডৰ এগৰাকীয়ে নিৰ্দলীয় আৰু ২২নং বাৰ্ডৰ কংগ্ৰেছৰ প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব ইতিমধ্যে প্ৰত্যাহাৰ কৰিছে৷ এই প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰৰ পাছত প্তনং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী সঞ্জয় দাস, ৬নং বাৰ্ডত শাসকীয় দলটোৰে প্ৰাৰ্থী সুপাতা সৰকাৰ আৰু ২২নং ৱাৰ্ডত বিজেপিৰেই প্ৰাৰ্থী স্মিতা ৰয় বিনাপ্ৰতিদ্বন্দ্বতাৱে নিৰ্বাচিত হৈছে৷ ইয়াৰ ফলত এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বতা আগবঢ়োৱা মুঠ প্ৰাৰ্থীৰ সংখ্যা হৈছেগৈ ১৯৭গৰাকী৷ উল্লেখ্য যে প্তনং ৱাৰ্ডটো সংৰক্ষিত হোৱাৰ বিপৰীতে ৬নং ৱাৰ্ডটো অনুসূচিত জাতিৰ মহিলা আৰু ২২নং ৱাৰ্ডটো মহিলাৰ বাবে সংৰক্ষিত আছিল৷ পৌৰ নিগমৰ নিৰ্বাচনত ৫০ শতাংশ ৱাৰ্ডেই এইবাৰ মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে৷ আনহাতে, গুৱাহাটী পোৰ নিগমৰ নিৰ্বাচনৰ ভোটগ্ৰহণলৈ মাজত মাত্ৰ এটা দিন বাকী থকা অৱস্থাত বুধবাৰে বিৰোধী শিবিবৰ বাবে আন এক মোক্ষম আঘাত হানি নিৰ্বাচনী প্ৰচাৰৰ সামৰণি পৰাৰ দিনটোতে চ্ছনং ৱাৰ্ডৰ নিৰ্দলীয় প্ৰাৰ্থী মিথুন চন্দে ৱাৰ্ডটোৰ বিজেপি প্ৰাৰ্থী ৰাণা চেতিয়াক সমৰ্থন আগবঢ়ায়৷ জানিব পৰা মতে, ভাষিক সংখ্যালঘু অধ্যুষিত ৱাৰ্ডটোত বিজেপিয়ে এইবাৰ ৰাণা চেতিয়াক দলীয় টিকট প্ৰদান কৰে৷ ইয়াতে ক্ষুণ্ণ হৈ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ৩ান জনোৱাৰ বাবে মিথুন চন্দই নিৰ্দলীয় হিচাপে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হয়৷ ইয়াৰ মাজতে বুধবাৰে অতৰ্কিতে নিৰ্দলীয় প্ৰাৰ্থীগৰাকী নিৰ্বাচনী যুঁজৰ পৰা আঁতৰি আহি ৱাৰ্ডটোৰ বিজেপি প্ৰাৰ্থী ৰাণা চেতিয়ালৈ সমৰ্থন আগবঢ়ায়৷ ইয়াৰ ফলত ৱাৰ্ডটোত বিজেপি প্ৰাৰ্থীগৰাকী অধিক উপকৃত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ প্ৰণিধানযোগ্য যে সুদীৰ্ঘ জ্ঝ বছৰৰ অন্তত ৰাজ্যৰ বিজেপি মিত্ৰজোঁট চৰকাৰে পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলো ব্যৱস্থা কৰাৰ লগতে পূৰ্বৰ ৩১টা ৱাৰ্ডৰ পুনৰ নিৰ্ধাৰণ কৰি গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৬০টালৈ বৃদ্ধি কৰিছিল৷ নিৰ্বাচন আয়ুক্তই সদৰী কৰা তথ্য অনুসৰি গুৱাহাটীৰ মুঠ ৬০টা ৱাৰ্ডৰ ভিতৰত ১৯ নম্বৰ আৰু ৩২ নম্বৰ ৱাৰ্ড দুটা অনুসূচিত জাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষণ কৰা হৈছে৷ একেদৰে ৬ নম্বৰ আৰু জ্ঝ নম্বৰ ৱাৰ্ড দুটা অনুসূচিত জাতি [মহিলা]ৰ বাবে সংৰক্ষণ কৰা হৈছে৷ আনহাতে, ২৭ নম্বৰ ৱাৰ্ডটো অনুসূচিত জনজাতি আৰু ২৩ নম্বৰ আৰু ৫১ নম্বৰ ৱাৰ্ড দুটা অনুসূচিত জনজাতি [মহিলা]ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে৷ ইফালে, মহিলাৰ বাবে সংৰক্ষিত ৱাৰ্ডকেইটা হৈছে ক্ৰমে – ৩৬, ৩০, ৪১, চ্ছ্ৰ, ৩১, ১৪, ৫৮, ২২, ১১, ৫৪, ৫৩, ২৫, ৪৫, ৫৬, ১০, ২৮, ৩৭, ৪২, ৫৭, ১৭, ৩৪, ১৩, ৪৮, ৩৩, ৪০ আৰু ৪৩৷ আনহাতে, সকলোৰে বাবে মুকলি কৰি ৰখা ৱাৰ্ডকেইটা হৈছে – ১২, ২৪, ৪৬, ১৬, ৩, ৩৫, ২, ২১, ২০, ৪৪, ৫২, ১৫, জ্জ্ব, ৫৫, জ্জ, ২৯, প্ত, ৬০, ৩৯, ৰ, ১৮, ৩৮, ৪৭, চ্ছ, ৫০, ৫৯ আৰু ৪৯৷ সদ্যসমাপ্ত পৌৰসভা নিৰ্বাচনৰ দৰে প্ৰথমবাৰৰ বাবে ইলেকট্ৰনিক ভোটিং মেচিন চমুকৈ ই ভি এমৰ জৰিয়তে নিৰ্বাচন অনুষ্ঠিত হ’ব লগা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত একোগৰাকী প্ৰাৰ্থীৰ বিপৰীতে সৰ্বাধিক ২.৫০ লাখ টকা নিৰ্বাচনী ব্যয় নিৰ্ধাৰণ কৰি দিয়া হৈছিল৷ ৱাৰ্ড-ভোটগ্ৰহণ কেন্দ্ৰৰ বিষয়ে জানিবলৈ মুকলি যোগাযোগ নম্বৰ শুকুৰবাৰে অনুষ্ঠিত হ’ব লগা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত ভোটাৰ ৰাইজৰ সুবিধাৰ্থে নিজৰ ভোট গ্ৰহণ কেন্দ্ৰ তথা ৱাৰ্ডৰ বিষয়ে জানিবলৈ কামৰূপ মহানগৰ জিলা প্ৰশাসনে মুকলি কৰিছে যোগাযোগৰ এটি বিশেষ নম্বৰ৷ পৌৰ নিগম এলেকাৰ যিকোনো ভোটাৰে নিজৰ ভোটগ্ৰহণ কেন্দ্ৰ আৰু ৱাৰ্ডৰ নাম জানিব বিচাৰিলে ৯৩৬৫৮-৬৫১৩৫ নম্বৰলৈ ফোন অথবা এছ এম এছ কৰিব পাৰিব৷ ২১ এপ্ৰিললৈ পুৱা জ্ঝ বজাৰ পৰা বিয়লি প্ত বজালৈ আৰু ২২ এপ্ৰিলৰ নিৰ্বাচনৰ দিনা পুৱা জ্জ বজাৰ পৰা আবেলি চ্ছ্ৰ বজালৈ উক্ত নম্বৰলৈ ফোন বা এছ এম এছ কৰিব পাৰিব ভোটাৰসকলে৷ তিনিগৰাকী প্ৰাৰ্থীক বিনাপ্ৰতিদ্বন্দ্বী ঘোষণা গুৱহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰৰ দিন অন্ত পৰাৰ পাছত তিনিগৰাকী প্ৰাৰ্থীক বিনা প্ৰতিদ্বন্দ্বী ষোষণা কৰা হৈছিল৷ বিনাপ্ৰতিদ্বন্দ্বী হিচাপে ঘোষণা কৰা প্ৰাৰ্থী তিনিগৰাকী হৈছে– প্ত নম্বৰ ৱাৰ্ডৰ সঞ্জয় দাস, ৬ নম্বৰ ৱাৰ্ডৰ সুতাপা সৰকাৰ আৰু ২২ নম্বৰ ৱাৰ্ডৰ স্মিতা ৰয়৷ উল্লেখযোগ্য যে এই তিনিটা ৱাৰ্ডৰ আন প্ৰাৰ্থীসকলে তেওঁলোকৰ মনোনয়ন-পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছত এই তিনিগৰাকী প্ৰাৰ্থীক বিনাপ্ৰতিদ্বন্দ্বী বুলি ঘোষণা কৰা হৈছে৷ ৰ,৫০০১ অধিক ভোটাৰ থকা ৱাৰ্ডৰ ভোটগ্ৰহণ কেন্দ্ৰ সলনি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা মৰ্মে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰাৰ উদ্দেশ্যে ৰ,৫০০ বা ততোধিক ভোটাৰ থকা কেন্দ্ৰসমূহৰ কিছু সালসলনি ঘটোৱা হৈছে৷ এই অনুসৰি পৌৰ নিগম এলেকাৰ ২৪টা স্থানত একাংশ ভোটাৰৰ পূৰ্বৰ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰৰ নম্বৰ আৰু ঠিকনা সলনি কৰাৰ লগতে অতিৰিক্ত ভোটগ্ৰহণ কেন্দ্ৰৰ ব্যৱস্থা কৰা হৈছে৷ ৱাৰ্ড নম্বৰ তথা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা বিষয়টো ভোটাৰসকলৰ ঘৰে ঘৰে গৈ অৱগত কৰি তেওঁলোকৰ স্বাক্ষৰ সম্বলিত তথ্য প্ৰাপ্তি স্বীকাৰ-পত্ৰ সংগ্ৰহ কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক উপায়ুক্তই পৰামৰ্শ আগবঢ়ায়৷ উপাযুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে প্ত, ৬ আৰু ২২নং ৱাৰ্ডৰ প্ৰাৰ্থী তিনিগৰাকী বিনাপ্ৰতিদ্বন্দ্বিতাৰে বিজয়ী হোৱাৰ পথ প্ৰশস্ত হোৱা হেতুকে সেই ৱাৰ্ড তিনিটাত নিৰ্বাচন অনুষ্ঠিত নহয়৷ উক্ত ৱাৰ্ড তিনিটাৰ ভোটাৰসকলৰ ৱাৰ্ড আৰু ভোটগ্ৰহণ কেন্দ্ৰ সলনিৰ বিষয়টোও গুৰুত্ব সহকাৰে বিবেচনা কৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক তেওঁ আহ৩ান জনায়৷ ৱাৰ্ড তথা ভোটগ্ৰহণ কেন্দ্ৰ সলনি হোৱা ভোটাৰসকলৰ মাজত নিৰ্বাচনৰ দিনা ভোটদানৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক তেওঁ পৰামৰ্শ দিয়ে৷ আনহাতে, জিলা কতৃৰ্পক্ষই ভোটাৰ ৰাইজৰ সুবিধা হোৱাকৈ ০৩৬১-৩৫৬৬৩৬৯ নম্বৰৰ এটা হেল্প লাইন মুকলি কৰিছে৷ উল্লেখিত ২৪টা স্থানৰ সলনি হোৱা ৱাৰ্ড আৰু ভোটাৰৰ সংখ্যা হৈছে এনেধৰণৰ– প্তনং ৱাৰ্ডৰ ৭৭গৰাকী ভোটাৰ ৬নং ৱাৰ্ডলৈ, জ্জ্বনং ৱাৰ্ডৰ ৯৬গৰাকী ভোটাৰ জ্জনং ৱাৰ্ডলৈ ৪৮নং ৱাৰ্ডৰ ২৪৮গৰাকী ভোটাৰ ৪১নং ৱাৰ্ডলৈ ৪৯নং ৱাৰ্ড [চ্ছ্ৰনং বুথ, বাঁও শাখা]ৰ ২৬৮গৰাকী ৫১নং ৱাৰ্ডলৈ, ৪৯নং ৱাৰ্ডৰ [৬নং বুধ, বাঁও শাখা]ৰ ৩৮৩গৰাকী ৫১নং ৰাউলৈ, ৫৯নং ৱাৰ্ডৰ ১০১গৰাকী ভোটাৰ ৪৯নং ৱাৰ্ডলৈ, ৫৫নং ৱাৰ্ডৰ ২৩৬গৰাকী ভোটাৰ ৫৭নং ৱাৰ্ডলৈ, ৫৯নং ৱাৰ্ডৰ ২২২গৰাকী ভোটাৰ ৫১নং ৱাৰ্ডলৈ, ৫৯নং ৱাৰ্ডৰ ১৫৬গৰাকী ভোটাৰ ৬০নং ৱাৰ্ডলৈ, ৬০নং ৱাৰ্ডৰ ২৩গৰাকী ভোটাৰ ৪৬নং ৱাৰ্ডলৈ, ৬০নং ৱাৰ্ডৰ ২৫গৰাকী ভোটাৰ ৫৯নং ৱাৰ্ডলৈ, ৪৬নং ৱাৰ্ডৰ ১৮৫গৰাকী ভোটাৰ ৬০নং ৱাৰ্ডলৈ, ১৭নং ৱাৰ্ডৰ ৩৪০গৰাকী ভোটাৰ ৩১নং ৱাৰ্ডলৈ, ২৭নং ৱাৰ্ডৰ ১৮৮গৰাকী ভোটাৰ ২৯নং ৱাৰ্ডলৈ, ৩৫নং ৱাৰ্ডৰ ৩০৫গৰাকী ভোটাৰ ৩৬নং ৱাৰ্ডলৈ, ৩৫নং ৱাৰ্ডৰ ২৯৬গৰাকী ভোটাৰ ৩৪নং ৱাৰ্ডলৈ, ৪০নং ৱাৰ্ডৰ ৪৮জ্ঝগৰাকী ভোটাৰ চ্ছনং ৰাউলৈ, ৫৪নং ৱাৰ্ডৰ ৩৭৪গৰাকী ভোটাৰ ৫৩নং ৱাৰ্ডলৈ, ১৪নং ৱাৰ্ডৰ ১৭৯গৰাকী ভোটাৰ ১৫নং ৱাৰ্ডলৈ, ২৩ [৩নং বুধ মধ্য শাখা] নং ৱাৰ্ডৰ ১১০গৰাকী ভোটাৰ ১১নং ৱাৰ্ডলৈ, ২৩নং ৱাৰ্ডৰ [চ্ছ্ৰনং বুধ, বাঁও শাখা] ১৫৮গৰাকী ভোটাৰ ১১নং ৱাৰ্ডলৈ, ২৫নং ৱাৰ্ডৰ [প্তনং বুথ বাঁও শাখা] ১৯৬গৰাকী ভোটাৰ ৪৩নং ৱাৰ্ডলৈ, ২৫নং ৱাৰ্ডৰ [জ্ঝনং বুধ, মধ্য শাখা] ২৫৪গৰাকী ভোটাৰ ৪৩নং ৱাৰ্ডলৈ আৰু ১০নং ৱাৰ্ডৰ ৩৪৩গৰাকী ভোটাৰ ২নং ৱাৰ্ডলৈ স্থানান্তৰ কৰা হৈছে৷ শান্তিপূৰ্ণ নিৰ্বাচনৰ বাবে কেইবাতৰপীয়া নিৰাপত্তাৰ ব্যৱস্থা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে কামৰূপ মহানগৰ জিলা আৰক্ষী-প্ৰশাসন৷ সু-শৃংখল আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ স্বাৰ্থত আৰক্ষী-প্ৰশাসনে কেইবাতৰপীয়া নিৰাপত্তা বেষ্টনীৰ ব্যৱস্থা কৰিছে৷ এই উদ্দেশ্যে গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগম এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োজিত আৰক্ষীক প্ৰশিক্ষণ দিয়া হয়৷ উল্লেখযোগ্য যে প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ লগতে ৭৪জন ছেক্টৰ অফিচাৰ আৰু জ্জ্বজন জ’নেল অফিচাৰ নিয়োগ কৰা হৈছে৷ ছেক্টৰ পৰ্যায়ত আৰক্ষী উপ-পৰিদৰ্শক নিয়োগ কৰাৰ বিপৰীতে সৰ্বমুঠ জ্জ্বটা জ’নৰ প্ৰতিটো জ’ন একোগৰাকী উপ-আৰক্ষী অধীক্ষকৰ তত্ত্বাৱধানত থাকিব৷ আনহাতে, ছেক্টৰ অফিচাৰসমূহৰ লগত থাকিব নিৰ্দিষ্ট সংখ্যক নিৰাপত্তাৰক্ষী৷ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিৱেশ-পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্পৰ্শকাতৰ বিবেচিত ভোটগ্ৰহণ কেন্দ্ৰসমূহত অধিক সশস্ত্ৰ আৰক্ষী নিয়োগ কৰা হ’ব৷ যিকোনো সময়ত আৰক্ষীৰ সাহায্যৰ বাবে খোলা ৰখা হৈছে হেল্প লাইন নম্বৰ৷ এইক্ষেত্ৰত প্ৰয়োজন হ’লে ১০০ অথবা ১১২ নম্বৰত ডায়েল কৰিবলৈ ৰাইজলৈ আহ৩ান জনাইছে আৰক্ষী-প্ৰশাসনে৷ ইপিনে, গুৱাহাটী কমাৰ্চ কলেজত পৌৰ নিগমৰ নিৰ্বাচনত নিয়োজিত ৮৩৫গৰাকী প্ৰিজাইডিং বিষয়া আৰু ২,৫০৫গৰাকী প’লিং বিষয়াৰো গ্ৰnপিং সম্পন্ন কৰা হয়৷ ভোটাৰ পৰিচয়-পত্ৰ নাথাকিলে কি কি নথি প্ৰযোজ্য হ’ব আন আন নিৰ্বাচনৰ দৰেই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনতো ভোট দানৰ বাবে ভোট কেন্দ্ৰত সাধাৰণ ভোটাৰসকলৰ বাবে ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰখনেই মূল নথি যদিও যিসকলৰ এই ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰখন নাথাকে সেইসকল ভোটাৰে কি নথি দেখুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব তাৰ এখন তালিকা অসম ৰাজ্যিক নিৰ্বাচন আয়োগে প্ৰকাশ কৰে৷ উল্লেখ্য যে ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰ পোৱা ভোটাৰসকলে ভোটদানৰ সময়ত সেই পৰিচয়-পত্ৰ দেখুৱালেই হ’ব৷ কিন্তু যিসকল ভোটাৰৰ ফটোযুক্ত পৰিচয়-পত্ৰ নাথাকে তেওঁলোকে আয়োগে নিৰ্দিষ্ট কৰা তলৰ যিকোনো এবিধ নথি দেখুৱাই ভোট দিব পাৰিব৷ নিৰ্বাচন আয়োগে কৰা ঘোষণা অনুসৰি ফটোযুক্ত পৰিচয়-পত্ৰ নথকা ভোটাৰসকলে ক্ৰমে – আধাৰ কাৰ্ড, বেংক আৰু ডাকঘৰৰ ফটোযুক্ত পাছবুক, শ্ৰম মন্ত্ৰালয়ৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড, ড্ৰাইভিং লাইচেন্স, পনা কাৰ্ড, ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড, পাছপ’ৰ্ট , ফটোগ্ৰাফৰ সৈতে পেন্সনৰ নথি, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ লগতে ৰাজহুৱা সেৱাখণ্ড বা পাব্লিক লিমিটেড কম্পেনীৰ চাকৰিয়ালৰ ফটোযুক্ত পৰিচয়-পত্ৰ, সাংসদ, বিধায়ক বা বিধান পৰিষদৰ সদস্যসকলৰ পৰিচয়-পত্ৰ, ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু স্ব-শক্তিকৰণ মন্ত্ৰ্যালয়ে প্ৰদান কৰা ইউনিক অক্ষমতাৰ পৰিচয়-পত্ৰৰ যিকোনো এখন দেখুৱাই ভোটদান কৰিব পাৰিব৷ আনহাতে, ভোটাৰজনৰ পৰিচয় সাব্যস্ত কৰিব পাৰিলে, ফটোযুক্ত ভোটাৰ পৰিচয়-পত্ৰত থকা বানান ভুল আদি উপেক্ষা কৰিবলৈও নিৰ্বাচন আয়োগে নিৰ্দেশ দিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here