Home সম্পাদকীয় অহংকাৰৰ ৰাজনীতি, ঘৃণাৰ ভাষা আৰু জাতি গঠন প্ৰক্ৰিয়া

অহংকাৰৰ ৰাজনীতি, ঘৃণাৰ ভাষা আৰু জাতি গঠন প্ৰক্ৰিয়া

87
0


খবিৰ আহমেদ ,১৪ নৱেম্বৰ:অসমৰ অসমীয়া মিঞা সম্প্ৰদায়ৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যি প্ৰকাশ্য ঘৃণা আৰু বিষোদগাৰ তাক আমি কি বুলি ক’ম বা কিদৰে ব্যাখ্যা কৰিম? সেই ৰাজনীতিক আমি ঘৃণাৰ ৰাজনীতি বুলি ক’ম নে অহংকাৰৰ ৰাজনীতি বুলি কম? নে বিভাজনৰ ৰাজনীতি বুলি ক’ম? হয়তো ঘৃণা, অহংকাৰ আৰু বিভাজন এই সকলোকেইটাই মিহলি হৈ আছে তেওঁৰ সাম্প্ৰতিক সময়ৰ ৰাজনীতিত৷ অসমীয়া জাতিৰ অন্যতম অংশীদাৰ এটা বৃহৎ জনগোষ্ঠীক তেওঁ ৰাজহুৱা স্থানত প্ৰকাশ্যভাবে অহৰহ তুচ্ছ-তাচ্ছিল্য, অপমান, অপদস্থ কৰি আহিছে৷ ৰাজহুৱা স্থানত তেওঁ একাধিকবাৰ প্ৰকাশ কৰিছে যে ‘চাচা-মামাৰ’ ভোট তেওঁক নালাগে, অৰ্থাৎ তেওঁক অসমীয়া মিঞাসকলৰ ভোট নালাগে৷ অসমীয়া মিঞাসকলক অপমান কৰিবলৈ গৈ তেওঁ থলুৱা অসমীয়া মুছলমান আৰু মিঞা মুছলমানক একাকাৰ কৰি কৈ পেলালে যে অসমৰ নিৰ্বাচনত সভ্যতাৰ যঁুজ চলিব; ৩৫ শতাংশ আৰু ৬৫ শতাংশ মানুহৰ আধিপত্যৰ যঁুজ চলিব৷ সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তেওঁ আকৌ ক’লে যে হয়, তেওঁ অসমৰ মিঞাসকলক অপমান কৰি আহিছে আৰু আগলৈকেও অপমান কৰি যাব৷ চাওক এজন ৰাজনীতিবিদৰ ধৃষ্টতা৷ গণতান্ত্ৰিক দেশৰ এজন মুখ্যমন্ত্ৰী, ৰাজ্যৰ মুৰব্বী–লাগে তেওঁ পেটে পেটে যিমনানেই সাম্প্ৰদায়িক নহওক কিয়–তেনে এজন ব্যক্তিৰ মুখৰ পৰা এনেকুৱা মন্তব্য কোনেও হয়তো কস্মিন কালতো আশা কৰা নাছিল৷ ভাৰতীয় ৰাজনীতিৰ ইতিহাসত কোনো এজন ৰাজনীতিকে দেখুওৱা এনেকুৱা অহংকাৰ আৰু ধৃষ্টতাৰ উদাহৰণ হয়তো বিৰল৷এনেদৰে এটা জনগোষ্ঠীক ঠেলি-হেঁচি তেওঁ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ পৰা আঁতৰাই দিব বিচাৰিছে৷ তাৰ বাবে তেওঁ মিথ্যাচাৰৰ আশ্ৰয় লৈছে, ৰাজনৈতিক প্ৰপাগাণ্ডাৰ আশ্ৰয় লৈছে৷ জাতি গঠন সম্পৰ্কে ভুৱা নেৰেটিভ সৃষ্টি কৰি মূল সুঁতিৰ অসমীয়া মানুহক ভুলপথে পৰিচালিত কৰি আছে৷ মুখ্যমন্ত্ৰীয়ে সততেই কৈ থাকে যে ‘কা’ বলৱৎ কৰি বাঙালী হিন্দুসকলক আদৰি অনাৰ বাবে অসমীয়া জাতি আৰু অসমীয়া ভাষাৰ কোনো ক্ষতি নহয়৷ বাঙালী হিন্দুসকলে যে অসমীয়া ভাষাক কেতিয়াও মাতৃভাষা বুলি গণ্য কৰা নাই আৰু ভৱিস্যতেও নকৰে তাৰ বাবেও অসমীয়া জাতি আৰু অসমীয়া ভাষা- সংস্কৃতিৰ কোনো ক্ষতি নহয়৷ সমগ্ৰ অসমত যে তেওঁলোকে বাংলা মাধ্যমত স্কুল-কলেজ পাতি বাংলা ভাষাৰ সম্প্ৰসাৰণ কৰি আছে তাৰ বাবেও অসমীয়া ভাষা-সংস্কৃতিৰ কোনো বিপদ অহা নাই৷ সকলো সীমাৰেখা চেৰাই গৈ তেওঁ আকৌ ক’লে যে বাঙালী হিন্দুসকল অসমত নাথাকিলে পাঁচ মিনিটৰ ভিতৰত অসমীয়াসকল অসমত সংখ্যালঘু হৈ পৰিব৷ তাৰ মানে বাংলাভাষী লোকসকলে অসমত বাংলাক মাতৃভাষা লিখি, বাংলা ভাষাৰ স্কুল-কলেজ পাতি অসমীয়া জাতি আৰু অসমীয়া ভাষা-সংস্কৃতিক ৰক্ষা কৰিব? মুখ্যমন্ত্ৰীৰ এনেধৰণৰ উদ্ভট ভাষ্য সঁচানে? দুখৰ বিষয় যে মুখ্যমন্ত্ৰীৰ এনেকুৱা গছত গৰু উঠা কথাও মূল সুঁতিৰ একাংশ মানুহেও বিশ্বাস কৰিবলৈ লৈছে৷মুখ্যমন্ত্ৰীৰ মতে বাংলা ভাষা সম্প্ৰসাৰণবাদীসকলৰ পৰা অসমীয়া ভাষা-সংস্কৃতিৰ কোনো বিপদ অহা নাই বা অহাৰ সম্ভাৱনাও নাই৷ তেওঁৰ মতে অসমীয়া ভাষাৰ বিপদ আহিছে মিঞাসকলৰ পৰা৷ বিগত ২০১১ চনৰ জনগণনাত বাঘবৰ আৰু জনীয়া বিধানসভা সমষ্টিৰ কে’বাহাজাৰ অসমীয়া মিঞাই মাতৃভাষা বাংলা লিখি দিয়াৰ বাবেহে অসমীয়া ভাষাৰ বিপদ আহিছে৷ মাতৃভাষা বাংলা বুলি লিখি দিয়াটো আমি কোনো পৰিস্থিতিতেই সমৰ্থন নকৰোঁ৷ কিন্তু এই কে’বাহাজাৰ মানুহে যোৱাটো জনগণনাত মাতৃভাষা বাংলা বুলি কিয় লিখি দিলে তাৰ কাৰণ মুখ্যমন্ত্ৰীয়ে বিচাৰি চোৱাৰ প্ৰয়োজন আছিল৷ তেওঁ জানিবলৈ প্ৰয়াস নকৰিলে যে এয়া তেওঁলোকৰ ক্ষন্তেকীয়া ক্ষোভ নে সিদ্ধান্ত? কিন্তু আমি তেখেতক জনাই দিব বিচাৰোঁ যে এয়া অসমীয়া মিঞা জনগোষ্ঠীৰ কোনা সমূহীয়া সিদ্ধান্ত নাছিল, এয়া আছিল মাত্ৰ দুটা সমষ্টিৰ কে’বাহাজাৰ মানুহৰ ক্ষন্তকীয়া ক্ষোভ৷ আৰু এই ক্ষন্তেকীয়া ক্ষোভৰ কাৰণ আছিল বিগত চাৰিটা দশক ধৰি তেওঁলোকৰ ওপৰত হৈ অহা ৰাজনৈতিক আৰু সামাজিক ধুমুহা, যিবোৰৰ ব্যাখ্যা কৰাৰ প্ৰয়োজনবোধ আমি ইয়াত কৰা নাই৷ একাংশ মানুহে এনেকুৱা হঠকাৰী সিদ্ধান্ত লোৱাৰ পিছত হয়তো চলো-পাŒI×াই বা আমৰা বাঙালীৰ নিচিনা বাঙালী সম্প্ৰসাৰণবাদীসকলৰ ষড়যন্ত্ৰও থাকিব পাৰে৷ নগণ্য একাংশ মানুহে কিহৰ বাবে বা কি পৰিস্থিতিত মাতৃভাষা বাংলা লিখি দিলে তাৰ উৎস অনুধাৱন কৰি তাৰ নিৰাময়ৰ চেষ্টা তেওঁ কৰিব লাগিছিল৷ অথবা ইয়াৰ পিছত যদি কোনো সম্প্ৰসাৰণবাদী সংগঠনৰ ষড়যন্ত্ৰ আছে তেন্তে সেইসকলকো বাছি উলিয়াব লাগিছিল৷ কিন্তু তাকে নকৰি তেওঁ অসমীয়া মিঞাসকলক একপ্ৰকাৰ ধমকেই দি দিলে৷ তেওঁ ক’লে যে মিঞাসকলে যদি জনগণনাত মাতৃভাষা বাংলা লিখিবলৈ চেষ্টা কৰে তেনেহ’লে তেওঁ এনেকুৱা পৰিস্থিতিৰ চেষ্টা কৰিব যাতে তেওঁলোকে মাতৃভাষা অসমীয়া লিখিবলৈ বাধ্য হয়৷ ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া৷ প্ৰাচীন কামৰূপ-কমতাপুৰৰ বাসিন্দা, এসময়ত অবিভক্ত ভাৰতবৰ্ষৰ পৰা আহি অসম ভূমিত থিতাপি লোৱা অসমীয়া মিঞাসকলে আপোনাৰ ৰঙা চকুক ভয় কৰি বা আপোনাৰ নিচিনা আধিপত্যবাদীসকলৰ ভয়ত এশ বছৰ আগতেই মাতৃভাষা অসমীয়া লিখা নাছিল৷ অসমীয়া মিঞাসকলে মাতৃভাষা অসমীয়া লিখিছিল বহুতো দেশহিতৈষী, দূৰদৰ্শী আৰু উদাৰ অসমীয়াসকলৰ আহ৩ানত৷ তেওঁলোকে অসমীয়াক মাতৃভাষা হিচাপে গ্ৰহণ কৰিছিল তেওঁলোকৰ পূৰ্বপুৰুষসকলৰ সিদ্ধান্তক সন্মান জনায়৷ এই বিষয়ে আমি মুখ্যমন্ত্ৰী মহোদয়ক ইতিহাস অধ্যয়ন কৰি তাৰ সঠিক ব্যাখ্যা কৰিবলৈ আহ৩ান জনাইছোঁ৷
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়তো যেতিয়াই যেনেদৰে পাৰে তেনেদৰেই অসমৰ মিঞা মুছলমানখিনিক বদনামী কৰাৰ ত্ৰুটি কৰা নাই৷ তাৰ শেহতীয়া উদাহৰণ হ’ল দৰঙৰ গৰুখঁুটিৰ উচ্ছেদ৷ ৰাজ্যৰ উপ-নিৰ্বাচনৰ আগত গৰুখঁুটিৰ উচ্ছেদ যে তেওঁৰ সম্পূৰ্ণ এটা ৰাজনৈতিক ষ্টাKI× আছিল সেই বিষয়ে এতিয়া আৰু কাৰো দ্বিমত নাই৷ চলিত বছৰৰ যোৱা জ্ঝ অক্টোবৰত দিল্লীত অনুষ্ঠিত India Today Conclaveতো তেওঁ গৰুখঁুটিৰ উচ্ছেদ সম্পৰ্কে ভুল তথ্য দিছিল৷ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেল India Todayৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল যে গৰুখুঁটিত মাত্ৰ এহেজাৰ পৰিয়ালে ৭৭,০০০ একৰ মাটি বেআইনীভাৱে দখল কৰি আছিল আৰু সেই কাৰণেহে চৰকাৰে তেওঁলোকক উচ্ছেদ কৰিলে৷ কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱামতে গৰুখঁুটিত ৭৭,০০০ একৰ মাটি নাছিল; আছিল ৭৭,০০০ বিঘাহে৷ উল্লেখ্য এই গোটেই মাটিখিনি আছিল সমগ্ৰ চিপাঝাৰ চক্ৰৰ অন্তৰ্ভুক্ত আৰু সেই মাটিৰো বহু হাজাৰ বিঘা মাটি ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ পিছত এতিয়া তাত মাত্ৰ ২২,০০০ বিঘা মাটিহে ৰৈ আছেগৈ৷ তাৰে মাত্ৰ গৰুখঁুটি অঞ্চলতহে প্ৰায় ১২০০ ঘৰ পৰিয়ালে বহু বছৰৰ পৰা বাস কৰি আছিল৷ তেওঁলোক প্ৰত্যেকজনেই ভাৰতীয় নাগৰিক আৰু প্ৰত্যেকজন মানুহৰ হাততেই মাটি ক্ৰয় কৰাৰ দলিল-দাস্তাবেজ মজুত আছে৷ সকলো দল-সংগঠনেই তদন্ত কৰি দেখা পাইছে যে কোনো পৰিয়ালৰ হাততেই ২-৩ বিঘাতকৈ বেছি মাটি নাই৷ কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উক্ত Conclaveত কৈ দিলে যে বহু পৰিয়ালেই এহেজাৰ বিঘাতকৈ বেছি মাটি দখল কৰি আছিল৷ এনেদৰে স্বয়ং মুখ্যমন্ত্ৰীৰ দ্বাৰাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজ চেনেলত অসমৰ অসমীয়া মিঞা সম্পৰ্কীয় এটা ভুল প্ৰতিচ্ছবি তেওঁ তুলি ধৰিছিল৷
এনেদৰে স্বয়ং মুখ্যমন্ত্ৰী আৰু তেওঁৰ দলে কেতিয়াবা অসমৰ মাটি, কেতিয়াবা ভাষা-সংস্কৃতি আৰু কেতিয়াবা সমাজবিৰোধী কাম-কাজৰ লগত অসমৰ মিঞা জনগোষ্ঠীক জড়িত কৰি অপপ্ৰচাৰ কৰি আহিছে৷ সমাজত তেওঁলোকৰ ভাবমূৰ্তি ম্লান কৰি অহৰহ তেওঁলোকক অপৰাধী সজোৱাৰ চেষ্টা কৰি অহা হৈছে৷ এইবোৰ হৈছে মিথ্যাচাৰ আৰু অপপ্ৰচাৰ আৰু এইবোৰৰ লক্ষ্য হৈছে এটা জনগোষ্ঠীক ৰাজ্যৰ ৰাজনীতিত এঘৰীয়া কৰি ক্ষমতা আহৰণ কৰা৷ তাৰ বাবে জাতি গঠন প্ৰক্ৰিয়া ব্যাহত হ’লেও হওক৷ আমি গঞা ৰাইজে বুজি নাপাওঁ যে আজিৰ গণতন্ত্ৰক বহুতো কাৰকে লাহে লাহে ধবংসৰ মুখলৈ ঠেলি আছে৷ তাৰে এটা ভয়ংকৰ কাৰক হৈছে ৰাজনৈতিক অপপ্ৰচাৰ [Political Propaganda]. ৰাজনৈতিক দল, ৰাজনৈতিক লবি, ৰক্ষণশীল, উদাৰপন্থী সংবাদ মাধ্যমবোৰে আনকি একাংশ বুদ্ধিজীৱীয়ে কেতিয়াবা কোনো জাতি- জনগোষ্ঠীৰ বিৰুদ্ধে, কেতিয়াবা কোনো আদৰ্শ বা চিন্তাধাৰাৰ বিৰুদ্ধে প্ৰণালীবদ্ধ অপপ্ৰচাৰ চলায়৷ নিৰ্বাচিত কিছুমান শব্দ আৰু ঘৃণাৰ ভাষাশৈলী ব্যৱহাৰ কৰি একাংশ মানুহক জাতিৰ শত্ৰু হিচাপে চিহ্নিত কৰা হয়৷ জাৰ্মানীত নাজীসকলে যেনেদৰে কৰিছিল ঠিক তেনেদৰে৷ আন একাংশ মানুহক তেওঁলোকৰ সৈতে সহমত পোষণ কৰি চিন্তা কৰিবলৈ শিকায়, ভুৱা দেশপ্ৰেম জগাই তুলি মানুহক উত্তেজিত কৰি তোলে৷ আমি সাধাৰণ মানুহে ভাবিব নোৱাৰোঁ যে ৰাজনৈতিক প্ৰপাগাণ্ডা বা ৰাজনৈতিক কাৰচাজি সমাজৰ বাবে ডাঙৰ সমস্যা হ’ব পাৰে৷ এই প্ৰপাগাণ্ডাবোৰে মানুহৰ মনোজগতত খুউব সূক্ষ্মভাৱে কাম কৰে৷ এটা মিছা কথা এশবাৰ ক’লে যেনেদৰে সঁচা যেন লাগে, ঠিক তেনেদৰে বাৰে বাৰে কৰি থকা এটা বিষয়বস্তুৰ কপট ব্যাখ্যাই মানুহৰ মন-মগজুত সংগোপনে এটা ভুল বিশ্বাস আৰু ভুল আদৰ্শ অংকুৰিত কৰে৷ আৰু এটা সময়ত সেই প্ৰপাগাণ্ডা বা অপব্যাখ্যাই গণতন্ত্ৰৰ ধবংস মাতি আনে, সমাজত জাতিগত ভেদ ভাব আৰু অসমতা জগাই তুলে৷
দুখৰ বিষয় যে একাংশ সংবাদ মাধ্যম আৰু একাংশ বুদ্ধিজীৱীও প্ৰপাগাণ্ডা নামৰ সেই যন্ত্ৰৰ অংশ হৈ পৰে৷ ৰাজনৈতিক প্ৰপাগাণ্ডাক বাধা দিয়াৰ পৰিৱৰ্তে তেওঁলোকে প্ৰপাগাণ্ডা সৃষ্টি কৰাত সহযোগ কৰি থাকে৷ আমি ওপৰত উদাহৰণ দিয়া প্ৰপাগাণ্ডাবোৰে ইতিমধ্যে অসমৰ একাংশ মানুহৰ মন-মগজুত জাতি, ভাষা, সংস্কৃতি সম্পৰ্কে কিছু ভুল তথ্য সুমুৱাই দিছে৷ প্ৰপাগাণ্ডা নামৰ নীৰৱ ঘাতকে অসমৰ একাংশ মানুহক হাৰে-হিমজুৱে হিন্দু কৰি পেলাইছে৷ তেওঁলোকক শিকোৱা হৈছে যে ভাষাৰ বিপৰীতে ধৰ্মহে জাতি গঠনৰ মূল উপাদন৷ জাতি গঠনৰ এই তত্ত্ব হৈছে হিন্দুত্ত্ববাদীসকলৰ তত্ত্ব৷ আমি ভাবোঁ যে অসমৰ মুঠ জনসংখ্যাৰ প্ৰায় এক তৃতীয়াংশ মানুহক এলাগী কৰি অসমীয়া জাতি গঠনৰ যিকোনো প্ৰচেষ্টাই হ’ব অপচেষ্টা আৰু এই অপচেষ্টাই হিতৰ বিপৰীতে অসমলৈ বিপদহে মাতি আনিব৷ ইতিমধ্যে তলে তলে সমাজত ঘুণে ধৰিছে, সমাজখন থানবান হৈ গৈ আছে৷ এটা সময়ত হিমন্ত বিশ্ব শৰ্মা নাথাকিব; কিন্তু অসম থাকিব, অসমীয়া মানুহ থাকিব, অসমীয়া সমাজ থাকিব৷ হিমন্ত বিশ্ব শৰ্মা গুচি যাব, কিন্তু অসমীয়া সমাজত চিৰকালৰ বাবে থৈ যাব হিংসা, ঘৃণা, বিদ্বেষ আৰু ভেদ ভাব৷ তেনেকুৱা দিন আমি কোনেও কামনা নকৰোঁ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here