Home স্বাস্থ্য দৰঙৰ ডাঁহীত আইনব’লৰ অনুশীলন আৰম্ভ

দৰঙৰ ডাঁহীত আইনব’লৰ অনুশীলন আৰম্ভ

165
0



গণ বাৰ্তা,দেওমৰনৈ, ৭ ছেপ্টেম্বৰঃ “আইনবল ফেডাৰেশ্যন অৱ ভাৰত এণ্ড ইউনেস্ক'” ৰ স্বীকৃতিপ্রাপ্ত অসম ৰাজ্যিক আইনব’ল এছ’চিয়েছনৰ দৰং জিলা সমিতিৰ এলানি অনুশীলন প্ৰক্ৰিয়া ডাঁহী আঞ্চলিক ক্ৰীড়া সন্থাৰ খেলপথাৰত কালি আৰম্ভ হয়।মূলত খেলৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিভাবান যুৱ খেলুৱৈৰ মানসিক, আধ্যাত্মিক স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ মানসিকতাৰে গঠন হোৱা আইনব’ল অনুশীলন প্ৰক্ৰিয়াত ৰাজ্যিক সমিতিৰ উপ সভাপতি চন্দ্ৰ প্ৰসাদ শইকীয়া, দৰং আইনব’ল এছ’চিয়েছনৰ সভাপতি কুশল শইকীয়া, সচিব জ্যোতিৰ্ময় ডেকা,ৰাষ্ট্ৰীয় আইনব’ল খেলুৱৈ কুশল ৰাজবংশী উপস্থিত থাকে।অনুশীলন প্ৰক্ৰিয়াত ৰাষ্ট্ৰীয় খেলুৱৈ জেহেৰুল ইছলাম, হীৰক চৌধুৰী আৰু দীপাংকৰ শইকীয়াই অনুশীলন প্ৰদৰ্শন কৰে।ডাঁহী আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি প্ৰসন্ন শইকীয়া আৰু সচিব গকুল ডেকাও উপস্থিত থকা অনুশীলন প্ৰক্ৰিয়া জিলাখনৰ ভিন্ন স্থানত ৰূপায়ণ কৰা হব বুলি জনায়। 

LEAVE A REPLY

Please enter your comment!
Please enter your name here