Home অসম তিনিচুকীয়া পৌৰ সভালৈ “স্বচ্ছ সৰ্বেক্ষণ -২০২১ “বঁটা : নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে প্ৰদান...

তিনিচুকীয়া পৌৰ সভালৈ “স্বচ্ছ সৰ্বেক্ষণ -২০২১ “বঁটা : নতুন দিল্লীত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে এই বঁটা

133
0

মাইনু মৰাণ, ডুমডুমা, ২১ নৱেম্বৰ: কেন্দ্ৰীয় চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰনালয়ে স্বচ্ছতাৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ ভিত্তিত অসমৰ ন খনকৈ পৌৰসভালৈ ২০২১ চনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আগবঢ়াইছে । উক্ত ন খন পৌৰ সভাৰ ভিতৰত তিনিচুকীয়া পৌৰসভায়ো এইবছৰৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে । নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত স্বচ্ছ অমৃত মহোৎসৱ শীৰ্ষক বঁটা প্ৰদান অনুষ্ঠানত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ উপস্থিতিত অসমৰ আন আঠখন পৌৰসভাৰ লগতে তিনিচুকীয়া পৌৰসভাক এই বঁটা আনুষ্ঠানিকভাবে প্ৰদান কৰে। তিনিচুকীয়া জিলাৰ উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজী, পৌৰসভাৰ কাৰ্যবাহী বিষয়া চিন্ময় পাঠক আৰু তিনিচুকীয়া পৌৰসভাৰ কনিষ্ঠ অভিযন্তা নৱজ্যোতি দাসে আজি এই বঁটা গ্ৰহণ কৰে। উল্লেখযোগ্য যে, উত্তৰ-পূব ক্ষেত্ৰৰ ৫০ হাজাৰৰ পৰা ১ লাখ জনসংখ্যাৰ শ্ৰেনীত তিনিচুকীয়া পৌৰসভাই “Fastest Mover City” হিচাপে প্ৰথম স্থান লাভ কৰিছে। তিনিচুকীয়া জিলা উপায়ুক্ত নৰসিং পাৱাৰ সম্ভাজী , তিনিচুকীয়া পৌৰসভাৰ কাৰ্যবাহী বিষয়া চিন্ময় পাঠক আৰু পৌৰসভাৰ বিষয়া-কৰ্মচাৰীসকলে এই সাফল্যত সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে তিনিচুকীয়া নগৰখনক সুচাৰুৰূপে আগবঢাই নিয়াৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here