Home Main Stories গোলাঘাটত হঠাৎ দ্ৰুত গতিত হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্যঃগোলাঘাট জিলাৰ ৩৫,০০০ ক্ষুদ্ৰ...

গোলাঘাটত হঠাৎ দ্ৰুত গতিত হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্যঃগোলাঘাট জিলাৰ ৩৫,০০০ ক্ষুদ্ৰ চাহ খেতিয়কৰ হাহাকাৰ

118
0

গনবার্তা, নুমলীগড়, ৩০ জুনঃ অসমত হঠাৎ হ্ৰাস হল কেঁচা চাহপাতৰ মূল্য। ফলত ৰাজ্যখনৰ ১৭৫০০০ ক্ষুদ্ৰ চাহখেতিয়কৰ অন্তৰ্গত গোলাঘাট জিলাৰ ৩৫০০০ ক্ষুদ্ৰ চাহ কৃষকে এতিয়া মুৰে কপালে হাত দিব লগা হৈছে। চলিত বৰ্ষৰ জুন মাহৰ পৰা হ্ৰাস পাই অহা পাতৰ মুল্য আজিৰ তাৰিখত ২৩ টকা পাইছে। মে’ মাহলৈকে ৪৫ টকা দৰত লৈ থকা কেঁচা চাহপাত একাংশ বহুজাতিক কোম্পানীৰ ষড়যন্ত্ৰৰ বাবে জিলাখনৰ বট‌্লিফ ফেক্টৰী সমূহে নিজ খেয়াল খুচি মতে এনেদৰে প্ৰতি দিনে কমাই আনিছে। ইপিনে পেট্ৰল ডিজেল, সাৰ, কীটনাশক ঔষধৰ অভাৱনীয় মূল্য বৃদ্ধি আৰু কভিড-১৯ৰ প্ৰভাবে কোঙা কৰাৰ সময়তে ভূতৰ ওপৰত দানহ পৰাদি বট‌্লিফ ফেক্টৰী সমূহে কৃষক সকলক ভাটে মৰাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উঠিছে। আনহাতে, চলিত বৰ্ষত জিলাখনত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে উৎপাদন আজিৰ তাৰিখতো নিম্নগামী হৈয়ে আছে। আনকি খৰাঙৰ বাবেই কৃষকৰ বহুতৰে চাহ গছ শুকাই মৰি যোৱাৰ উপৰিও চল্লিশ শতাংশ উৎপাদন হ্ৰাস পাইছে। বৰষুণ পৰিবলৈ আৰম্ভ হৈছে জুনৰ ১৫ তাৰিখ মানৰ পৰা । তেনেস্থলত উৎপাদন স্বাভাৱিক হবলৈ আৰম্ভ হোৱাৰ সময়তে কেচাপাতৰ মূল্য হোৰা হোৰে কমিবলৈ ধৰাত খৰ্গহস্ত হৈছে জিলাখনৰ ৩৫ সহস্ৰাধিক ক্ষুদ্ৰ চাহ কৃষক। কিয়নো বৰ্তমান সময়ত কৃষকে এক কেজি কেঁচা চাহপাত উৎপাদন কৰিবলৈ ব্যয় কৰিব লগা হয় প্ৰায় ২০ টকা।
ইপিনে ভাৰতীয় চাহ বৰ্ডে প্ৰতি কেজি কেচা পাতৰ দাম নূন্যতম ২৬.৫০ টকা ধাৰ্য কৰি দিছে যদিও এই সকল বণিয়া গোষ্ঠীয়ে সকলোবোৰ নীতি নিৰ্দেশনা এতিয়া ধোৱাচাঙত তুলিছে। এওলোকৰ মতে নিলাম বজাৰত পকা পাটৰ মূল্য কমি অহাৰ বাবে কেঁচাপাতৰ দাম কমাব লগা হৈছে। গোলাঘাট জিলাৰ ১০৫ টা বট‌্লিফ ফেক্টৰীৰ ভিতৰতে প্ৰায় ৩৫ টা ষ্টেট ফেক্টৰী (বাগিচা কলঘৰ)য়ে ৩৫ টকা দৰত পাত ক্ৰয় কৰি আছে। তাৎপৰ্যপূৰ্ণ এয়ে যে পকা পাতৰ দৰ কমা বুলি অজুহাত দেখুওৱাৰ সময়তে উৎপাদন হ্ৰাস পোৱাৰ বাবে নিলাম বজাৰত পকা পাতৰ মূল্য পচিশ শতাংশ বৃদ্ধি হৈছে। উল্লেখ্য, বছৰৰ চাহ উৎপাদনৰ বাবে অতি উৎকৃষ্ট সময় হল জুন জুলাই মাহ। তুলনামূলকভাৱে উৎপাদন বৃদ্ধি হয় এই খিনি সময়তে। চাহ খেতিয়কৰ বাবে এইটো হল চেকেণ্ড ফ্লাচৰ সময়। ঠিক এনে সম্ভাৱনাময় সময় খিনিত কেঁচাপাতৰ দৰ কমাই দিয়াৰ বাবে ক্ষুদ্ধ হৈছে গোলাঘাট জিলা ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা। অধিক মুনাফা আহৰণৰ বাবে পাতৰ দৰ কমোৱা বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ নিৰৱতাকো সমালোচনা কৰিছে সংস্থাটোৱে। প্ৰাপ্ত অভিযোগ অনুসৰি চাহৰ সৈতে জড়িত অসম চাহ সঞ্চালকালয় নামৰ এক বিভাগ আছে। উদ্যোগ বিভাগৰ অন্তৰ্গত এই সঞ্চালকালয়ৰ নিৰৱতাই ভবাই তুলিছে এই সকল কৃষকক।একেদৰে মৰঙিৰ সাত সহস্ৰাধিক ক্ষুদ্ৰ চাহ খেতিয়কে তীব্ৰ বিষোদ্গাৰ প্ৰকট কৰিছে। তৎকালীন ভাবে কেঁচা পাতৰ দাম ৪৫ টকা ধাৰ্য কৰিবলৈ জিলাৰ লগতে মৰঙিৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চৰকাৰৰ প্ৰতি আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here