Home Main Stories জম্মু -কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা বাহাল – নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ,...

জম্মু -কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা বাহাল – নিৰ্বাচন অনুষ্ঠিত কৰাৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ, অনুেচ্ছদ ৩৭০ক লৈ নহ’ল চৰ্চা, আৰ্থিক বিকাশক লৈহে অধিক চৰ্চা

177
0

জম্মু -কাশ্মীৰৰ ৪ প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৪ নেতাৰে প্ৰধানমন্ত্ৰীৰ ৩ ঘণ্টাৰ বৈঠক সফলতাৰে সমাপ্ত জম্মু -কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা উভতাই দিয়াৰ দাবী কংগ্ৰেছৰ

নতুন দিল্লী, ২৪ জুন : ২০১৯ৰ ৫ আগষ্টত জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা সংবিধানৰ ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰ কৰাৰ প্ৰায় দুবছৰৰ পিছত উপত্যকাটোৰ ৮টা দলৰ ১৪জন ৰাজনৈতিক নেতাৰে প্ৰথমবাৰলৈ বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এক বৈঠকত মিলিত হয়। ৰাজধানী দিল্লীত অনুষ্ঠিত এই বৈঠক প্ৰায় তিনি ঘণ্টা সময় ধৰি চলে। বৈঠকৰ সময়ছোৱাত বহু বিষয়ৰ ওপৰত আলোচনা হয় যদিও জম্মু-কাশ্মীৰৰ পৰা প্ৰত্যাহাৰ কৰা ৩৭০ অনুেচ্ছদৰ প্ৰসংগটোক লৈ আলোচনা নহয়। উচ্চতম ন্যায়ালয়ত ৩৭০ অনুেচ্ছদ প্ৰসংগটো বিচাৰাধীন হৈ আছে বাবে আজিৰ বৈঠকত এই বিষয়টো আলোচনা নহয়। কিন্তু জম্মু-কাশ্মীৰৰ ভৱিষ্যতক লৈ দীঘলীয়া সময় ধৰি বৈঠক চলে। এই বৈঠকতে প্ৰধানমন্ত্ৰীয়ে উপত্যকাটোৰ নেতাসকলক আশ্বাস প্ৰদান কৰে যে জম্মু-কাশ্মীৰত ৰাজ্যৰ মৰ্যাদা বাহাল কৰাৰ বাবে তেওঁলোক দায়বদ্ধ। লগতে জম্মু-কাশ্মীৰত শীঘ্ৰেই বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰো আশ্বাস প্ৰদান কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে বৈঠকত কয় যে জম্মু-কাশ্মীৰৰ পৰা দিল্লীৰ সম্পৰ্কৰ দূৰত্ব নাইকিয়া হ’ব। এই বৈঠকত অংশ লয় জম্মু-কাশ্মীৰৰ চাৰিগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীসহ ১৪জন নেতাই। যিসকলৰ ভিতৰত আছিল পিপুল্‌ছ ডেমক্ৰেটিক পাৰ্টীৰ সভাপতি তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতী, নেচনেল কনফাৰেন্সৰ প্ৰমুখ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী ফাৰুক আব্দুলা আৰু তেওঁৰ পুত্ৰ ওমৰ আব্দুলা, কংগ্ৰেছৰ নেতা গুলাম নৱী আজাদ, জম্মু-কাশ্মীৰ নেচনেল পেন্থাৰ্ছ পাৰ্টীৰ নেতা ভীম সিংসহ আন বহুজন। এই বৈঠকত প্ৰধানমন্ত্ৰীৰ লগতে উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ লগতে আন বহুজন। বৈঠকৰ অন্তত জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মুজফ্‌ফৰ বেগে কয় যে বৈঠকত চৰকাৰৰ সৈতে উপত্যকাৰ আৰ্থিক বিকাশ সম্পৰ্কত দীৰ্ঘ সময় আলোচনা হয়। অনুেচ্ছদ ৩৭০ ৰ বিষয়টো আলোচনা কৰিবলৈ উপত্যকাৰ লোকসকলে দাবী কৰিছিল যদিও বিষয়টোত আলোচনা নহয়। কিয়নো বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে। আনহাতে জম্মু-কাশ্মীৰৰ আলতাফ বুখাৰীয়ে কয় যে এক সুন্দৰ পৰিৱেশৰ মাজত বৈঠকখন অনুষ্ঠিত হয়। এই বৈঠকত সকলো বিষয়ৰ ওপৰত আলোচনা হয়। যাৰ বাবে এই বৈঠক সফল বুলি ক’ব পৰা যায় বুলি উল্লেখ কৰি তেওঁ কয় যে তেওঁলোকৰ দাবীসমূহ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে ধৈৰ্য সহকাৰে শুনে আৰু গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত শীঘ্ৰেই নিৰ্বাচন প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলিও আশ্বাস প্ৰদান কৰে। আনহাতে মেহবুবা মুফতীয়ে বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত কয় যে জম্মু-কাশ্মীৰত ৩৭০ অনুেচ্ছদ বাহালৰ বাবে তেওঁলোকৰ যুঁজ অব্যাহত থাকিব। তেওঁ কয় যে ২০১৯ৰ ৫ আগষ্টত অসাংবিধানিকভাৱে ৩৭০ অনুেচ্ছদ প্ৰত্যাহাৰ কৰিছিল। চৰকাৰৰ এই সিদ্ধান্ত উপত্যকাৰ স্থানীয় লোকসকলে গ্ৰহণ কৰা নাই। সেইবাবে অতিশীঘ্ৰেই সাংবিধানিকভাৱে পুনৰায় জম্মু-কাশ্মীৰত ৩৭০ বাহাল কৰিব লাগে বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে ৰাজনৈতিক বন্দীসকলক শীঘ্ৰেই কাৰাগাৰৰ পৰা মুক্তি দিব লাগে আৰু ইউপিএ গোচৰ ৰুজু কৰা কাৰ্যটো বন্ধ কৰিব লাগে। জম্মু-কাশ্মীৰৰ নাগৰিকে দীঘলীয়াকৈ উশাহ ল’লেও কাৰাগাৰত বন্দী কৰি ৰাখে। এনেধৰণৰ কাৰ্য বন্ধ হ’ব লাগে। ইয়াৰ উপৰি ব্যৱসায়, পৰ্যটন, কৃষিৰ সৈতে জড়িত লোকসকলৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিব লাগে। একেদৰে জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই কয় যে অনুেচ্ছদ ৩৭০ বাহালৰ বাবে উচ্চতম ন্যায়ালয়ত যুঁজ দি যাব। অনুেচ্ছদ ৩৭০ প্ৰত্যাহাৰৰ বিৰুদ্ধে ন্যায়ালয়ত নিজৰ মত ৰাখিব। লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে কাশ্মীৰৰ নাগৰিকসকলক বিশ্বাসত লোৱাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব লাগে। বৈঠকৰ পিছত বিজেপি নেতা কবিন্দ্ৰ গুপ্তাই কয় যে জম্মু-কাশ্মীৰৰ নেতাসকলৰ সৈতে সফলতাৰে বৈঠকৰ সমাপ্তি ঘটিছে। এই বৈঠকত জম্মু-কাশ্মীৰৰ ভৱিষ্যতক লৈ চৰ্চা হয়। যি বৈঠকত সকলো নেতাই জম্মু-কাশ্মীৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰসংগটো উত্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিয়ে যে জম্মু-কাশ্মীৰত শীঘ্ৰেই নিৰ্বাচন অনুষ্ঠিত হ’ব। আনহাতে কংগ্ৰেছৰ তৰফৰ পৰা গুলাম নৱী আজাদে এই বৈঠকত উপস্থিত থাকি তেওঁলোকৰ পাঁচটা দাবী চৰকাৰৰ আগত উত্থাপন কৰে। তেওঁ কয় যে চৰকাৰে যি ধৰণেৰে জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিছে সেয়া অসাংবিধানিক। তেওঁ কয় যে চৰকাৰৰ ওচৰত আমাৰ তৰফৰ পৰা পাঁচটা দাবী উত্থাপন কৰিছো। সেই পাঁচটা দাবীৰ ভিতৰত আছে জম্মু-কাশ্মীৰত শীঘ্ৰেই পূৰ্ণৰাজ্যৰ মৰ্যাদা প্ৰদান কৰা। লগতে এইটোও দাবী কৰা হৈছে যে শীঘ্ৰেই জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হওক। ইয়াৰ উপৰি ৰাজনৈতিক কয়দীসকলক শীঘ্ৰে মুক্তি দিয়ক, কাশ্মীৰী পণ্ডিতসকলক পুনৰায় ঘূৰাই অনাৰ দাবী তোলাৰ উপৰি তাৰ নাগৰিকসকলক স্থায়ী বাসিন্দাৰ নিশ্চিতি প্ৰদানৰ দাবী তোলে। উল্লেখ্য যে জম্মু-কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি মোদী চৰকাৰে উপত্যকাটোক দুটা খণ্ডত বিভক্ত কৰিছিল। জম্মু-কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰি কেন্দ্ৰীয়শাসিত প্ৰদেশলৈ পৰিৱৰ্তন কৰিছিল। ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰিয়ে মেহবুবা মুফতীকে ধৰি উপত্যকাৰ বহু নেতাক গৃহবন্দীকে ধৰি কাৰাগাৰত বন্দী কৰি ৰাখিছিল। পৰৱৰ্তী সময়ছোৱাত নেতাসকলক গৃহবন্দী আৰু কাৰাগাৰৰ পৰা মুক্তি দিয়া হৈছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here