Home Main Stories ৰাজকন্যা-বিৰ্তক : বিপদ নিশ্চিত তাজ ভিভান্তাৰ এসপ্তাহৰ সময় বিচাৰিলে

ৰাজকন্যা-বিৰ্তক : বিপদ নিশ্চিত তাজ ভিভান্তাৰ এসপ্তাহৰ সময় বিচাৰিলে

109
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১২ অক্টোবৰ : বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱা এতিয়া কাৰাগাৰৰ আলহী। প্ৰভাৱ খটুৱাই এদিনতেই জামিন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও কিন্তু এতিয়াও সংকট আঁতৰা নাই। জি এন আৰ চি হাস্পতাল আৰু হোটেল তাজ ভিভান্তা কতৃÇপক্ষৰ। জি এন আৰ চি হাস্পতালত ৰাজকন্যাক ৰাজ আতিথ্য প্ৰদান, তাজ ভিভান্তাত ক’ভিড প্ৰট’কল উলংঘা কৰি নৈশ পাৰ্টীৰ আয়োজন আদি বিষয়ক লৈ চৰ্চা অব্যাহত আছে। ইতিমধ্যে তাজ ভিভান্তাত যোৱা ১০ অক্টোবৰত কাৰণ দৰ্শেৱাৰ জাননী প্ৰেৰণ কৰিছে প্ৰশাসনে। ২৪ ঘণ্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছিল প্ৰশাসনে। কিন্তু ৭ দিনৰ সময়সীমা বিচাৰিছে ভিভান্তা কৰ্তৃপক্ষই। ক’ভিড প্ৰট’কল উলংঘা কৰি কিয় নৈশ পাৰ্টীৰ আয়োজন কৰিছিল তাৰ কাৰণ ভিভান্তা কৰ্তৃপক্ষই ৭ দিনৰ ভিতৰত দিব লাগিব। উপযুক্ত উত্তৰ নাপালে জিলা প্ৰশাসনে যথোচিত ব্যৱস্থা গ্ৰহণ কৰিব হোটেল ভিভান্তাৰ বিৰুদ্ধে। ইফালে, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতেই এই ঘটনা সন্দৰ্ভত অধিক তৎপৰতাৰে তদন্ত প্ৰক্ৰিয়া আগবঢ়াই নিছে মহানগৰ আৰক্ষীয়ে। উল্লেখ্য যে ১ অক্টোবৰৰ নিশা প্ৰায় ডেৰ বজাত মাতাল অৱস্থাত ৰাজকন্যা বৰুৱাই ৮জনকৈ শ্ৰমিকক গাড়ীৰে মহটিয়াই নিছিল। এগৰাকী শ্ৰমিকে ইতিমধ্যে দুয়োখন ভৰি হেৰুৱাবলগীয়া হৈছে উক্ত দুৰ্ঘটনাত। আনহাতে, ৰাজকন্যা বৰুৱাক চিকিৎসালয়ত ভৰ্তি কৰোৱাক লৈ জি এন আৰ চিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধেও উত্থাপিত হৈছে অভিযোগ। ইতিমধ্যে চিকিৎসকগৰাকীক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে জামিনত মুক্তিলাভ কৰে চিকিৎসকগৰাকীয়ে। ৰাজকন্যা বৰুৱাই সংঘটিত কৰা দুৰ্ঘটনাৰ গোচৰৰ তদন্ত আগবঢ়াৰ লগে লগে ন ন তথ্য পোহৰলৈ আহিছে। উক্ত নৈশ পাৰ্টীত অংশগ্ৰহণ কৰিছিল বহু বিষয়াই। ইতিমধ্যে ক’ভিড প্ৰট’কল উলংঘা কৰি মাজ নিশালৈকে চলা সুৰাৰ পাৰ্টীত অংশগ্ৰহণ কৰা আমোলা-বিষয়াৰ তালিকা প্ৰস্তুত কৰিছে। যিকোনো মুহূৰ্ততেই এইসকল বিষয়া গ্ৰেপ্তাৰ হ’ব পাৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here