Home অসম আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাসংগিকতা…‘নাৰী হিচাবে কোনেও জন্ম নলয়,নাৰী হিচাবে গঢ়ি উঠে’ সিমন...

আন্তৰ্জাতিক নাৰী দিৱসৰ প্ৰাসংগিকতা…‘নাৰী হিচাবে কোনেও জন্ম নলয়,নাৰী হিচাবে গঢ়ি উঠে’ সিমন দ্য বোভোয়াৰ

385
0


গীৰেন গোপ, ৮ মাৰ্চ: ১৮৫৭ চনৰ ৮ মাৰ্চ তাৰিখে আমেৰিকাৰ নিউয়ৰ্ক চহৰত এটি চিলাই কাৰখানাৰ মহিলা শ্ৰমিকসকলে মজুৰিৰ বৈষম্য দূৰীকৰণ, কামৰ সময় ১২ ঘণ্টাৰ পৰা কমাই ৮ ঘণ্টা কৰা আৰু কামৰ অমানৱিক পৰিৱেশৰ বিৰুদ্ধে আন্দোলন কৰি ৰাজপথত ওলাই আহে৷ এই আন্দোলনকাৰীসকলক চৰকাৰী পুগুলীচ বাহিনীয়ে নিৰ্যাতন চলায় আৰু বহু মহিলা শ্ৰমিকক কাৰাগাৰলৈ নিক্ষেপ কৰে৷ ইয়াৰ পিছত ১৮৬০ চনৰ জ্জ্ব মাৰ্চত নিউয়ৰ্কৰ চিলাই কাৰখানাৰ মহিলা শ্ৰমিকসকলে ‘মহিলা শ্ৰমিক ইউনিয়ন’ গঠন কৰি নিজৰ আন্দোলন চলাই যায়৷ ১৯০৮ চনৰ ৮ মাৰ্চত নিউয়ৰ্কৰ চিলাই শ্ৰমিকসকলে নাৰীৰ ভোটাধিকাৰৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু ১৯১০ চনত নাৰীৰ ভোটাধিকাৰে স্বীকৃতি লাভ কৰে৷ ১৮৫৭ আৰু ১৯০৮ চনৰ ৮ মাৰ্চ তাৰিখটো সংগ্ৰামৰ সূচনা হোৱা হেতুকে এই ৮ মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে পালন কৰাৰ বাবে নিৰ্বাচিত কৰা হয়৷ ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত নিউয়ৰ্কৰ ছ’চিয়েল ডেম’ক্ৰেটিক নামৰ নাৰী সংগঠনৰ পক্ষৰ পৰা আয়োজিত নাৰী সন্মিলনেই হ’ল প্ৰথম আন্তৰ্জাতিক নাৰী সন্মিলন৷ এই সন্মিলন অনুষ্ঠিত হয় কমিউনিষ্ট নেত্ৰী ক্লাৰা জেট্‌কিনৰ নেতৃত্বত৷ ইয়াৰ পিছত ১৯১০ চনত ডেনমাৰ্কৰ কোপেন হেগেনত অনুষ্ঠিত হয় দ্বিতীয় আন্তৰ্জাতিক নাৰী সন্মিলন৷ ১৭খন দেশৰ ১০০গৰাকী প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে৷ এইখন সন্মিলনতেই ক্লাৰা জেট্‌কিনে প্ৰতি বছৰে ৮ মাৰ্চৰ দিনটোক আন্তৰ্জাতিক নাৰী দিৱস হিচাবে পালন কৰাৰ প্ৰস্তাৱ আগবঢ়ায়৷ ৰাষ্ট্ৰসংঘই ১৯৭৫ চনত ৮ মাৰ্চৰ দিনটোক আন্তৰ্জতিকভাৱে স্বীকৃতি প্ৰদান কৰে৷ ১৯৮৬ চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতিবছৰেই আন্তৰ্জাতিক নাৰী দিৱসত নাৰী বিষয়ক এটা বিষয় বাছি লৈ বিশেষভাৱে গুৰুত্ব আৰোপ কৰে৷ সেইমতে ১৯৯৬ত, ‘অতীত উদ্‌যাপন আৰু ভৱিষ্যৎ পৰিকল্পনা’…২০২১ত কোৰোনা কালত নাৰীৰ নেতৃত্বই গঢ়ি তুগুলীব নতুন সমতাৰ বিশ্ব’ আৰু এইবাৰ ২০২২১ বিষয় হ’ল ‘স্থিতিশীল ভৱিষ্যতৰ বাবে আজিৰ গুলীংগ সমতা’ [Gender equality today for a sustainable tomorrow] নাৰী দিৱসত নাৰী সমাজৰ আৰ্থ-সামাজিক উন্নয়ন আৰু তেওঁলোকৰ মৰ্যাদা প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়৷ এই কথা সঁচা যে কিছু দেশত নাৰী সমাজৰ শিক্ষা, স্বাস্থ্য, ৰাজনীতি আৰু অৰ্থনীতিত উল্লেখযোগ্য অগ্ৰগতি হৈছে যদিও সামগ্ৰিকভাৱে বিশ্ব নাৰীৰ অৱস্থা মুঠেও সুখকৰ নহয়৷ উন্নয়নশীল দেশৰ কথা বাদেই, উন্নত দেশসমূহতো ২০১ পৰা ২৫ শতাংশ নাৰী দৰিদ্ৰ সীমাৰ তলত৷ আজিও বিশ্বৰ অশিক্ষিত জনসংখ্যাৰ দুই তৃতীয়াংশ নাৰী আৰু দাৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰাসকলৰ ৭০ শতাংশই নাৰী৷ পৰিতাপৰ কথা এয়ে যে আজিও আমাৰ দেশত নাৰীৰ অৱস্থান সন্তোষজনক নহয়৷ পুৰুষশাসিত সমাজত নাৰী ভীষণভাৱে অৱহেগুলীত৷ পৰিয়ালত পুৰুষতান্ত্ৰিক মনোভাবৰ আধিপত্য, আৰ্থ-সামাজিক পৰিৱেশ, ধৰ্মীয় গোড়ামি, অন্ধবিশ্বাস, কু-সংস্কাৰ, আধুনিক আৰু বৈজ্ঞানিক শিক্ষাৰ অভাৱ আদি বিভিন্ন কাৰণত আজি নাৰীৰ এই অৱস্থান৷ নাৰীৰ মৰ্যাদা আৰু অৱস্থানৰ পৰা কোনো এখন দেশ কিমান সভ্য আৰু উন্নত সেয়া অনুধাৱন কৰা যায়৷ গতিকে, পৃথিৱীৰ জনসংখ্যাৰ আধা এই নাৰী সমাজৰ প্ৰকৃত মৰ্যাদা আৰু উন্নতি অবিহনে দেশ তথা মানৱ সমাজৰ উন্নতি অসম্ভৱ৷ বছৰৰ এটা দিনৰ সাংকেতিক নাৰী দিৱসৰ দ্বাৰা সেয়া সম্ভৱ নহয়৷ এইক্ষেত্ৰত নাৰী পুৰুষৰ সন্মিগুলীত প্ৰয়াস জৰুৰী৷ নাৰী দিৱস কেৱল এদিনৰ কিছু অনুষ্ঠান, গান, কবিতা, প্ৰবন্ধ, আলোচনা চক্ৰতেই শেষ নহয়৷ নাৰী দিৱসৰ ইতিহাসেও এই কথাকেই কয় যে এই দিৱসৰ প্ৰকৃত ৰূপ বিদ্ৰোহৰ, সংগ্ৰামৰ, শোষণ আৰু নিৰ্যাতনৰ বিৰুদ্ধে থিয় হৈ নিজৰ অধিকাৰ কাঢ়ি অনাৰ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here