Home Main Stories জননেতা আতাউৰ ৰহমানৰ প্ৰাসংগিকতা

জননেতা আতাউৰ ৰহমানৰ প্ৰাসংগিকতা

172
0

খবিৰ আহমেদ 

আমাৰ মাজৰ যিবিলাক মানুহে বিশ্ব বিখ্যাত নাট্যকাৰ ছেক্সপীয়েৰৰ ‘জুলিয়াচ ছিজাৰ’ নামৰ নাটকখন পঢ়িছে তেওঁলোকে জানে যে এই নাটকখন এখন ট্ৰেজেডি বা বিয়োগাত্মক নাটক আৰু ইয়াৰ নায়ক হৈছে ৰোমান সম্ৰাজ্যৰ অন্যতম প্ৰতিষ্ঠাতা জুলিয়াচ ছিজাৰ। ছিজাৰ আছিল এজন স্বেচ্ছাচাৰী সম্ৰাট। ছিজাৰৰ আটাইতকৈ ঘনিষ্ট বন্ধু ব্ৰূটাচ আৰু কেছিয়াচে ছিজাৰক হত্যা কৰে। নাটকখন যিহেতু ট্ৰেজেডি আৰু ছিজাৰ যিহেতু কাহিনীৰ নায়ক সেয়েহে নায়কৰ মৃত্যুৰ পিছত ছিজাৰেই হ’ব লাগিছিল কাহিনীৰ ট্ৰেজিক নায়ক। কিন্তু এৰিষ্টটলে দিয়া  ট্ৰেজেডিৰ সকলো সংজ্ঞা অৱজ্ঞা কৰি ট্ৰেজেডি নামি আহিছিল ব্ৰূটাচৰ জীৱনলৈ। The hero Julius Caesar was killed but tragedy occurred to Brutus. ইয়াৰ কাৰণ হ’ল ব্ৰূটাচ দৰাচলতে এজন ৰাজনীতিক নাছিল, আছিল অত্যন্ত অনুভূতি প্ৰবন মানব দৰদী এগৰাকী বিশিষ্ট পন্ডিত আৰু দাৰ্শনিক। সেই পন্ডিত আৰু দাৰ্শনিক জনেই ভুলক্ৰমে ৰাজনীতিলৈ আহিছিল আৰু যাৰ বাবে তেওঁ ৰাজনীতিত বিফল হৈছিল।  এটা অপৰাধ বোধে আমৃত্যু তেওঁৰ অন্তৰাত্মাক যেন কূটি কূটি খাইছিল আৰু সেইয়াই আছিল তেওঁৰ ট্ৰেজেডি।

    প্ৰয়াত জননেতা আতাউৰ ৰহমানৰ কথা মনলৈ আহিলেই কিয় যেন মোৰ মনলৈ আহে সেই ব্ৰূটাচৰ কথা। এটা শোষিত আৰু বঞ্চিত জনগোষ্ঠীৰ দুখ দুৰ্শালৈ চাই, সময়ৰ প্ৰয়োজনত মাতূ ভূমিৰ সেৱা কৰিবলৈ তেওঁ ৰাজনীতিৰ পথাৰলৈ আহিছিল ঠিকেই, কিন্তু তেওঁ যেন ভিতৰৰ পৰা ৰাজনীতিৰ মানুহ নাছিল। তেওঁ আছিল এগৰাকী শিক্ষাবিদ, জ্ঞানী পুৰুষ, সদেশ আৰু স্বজাতিক ভাল পোৱা এগৰাকী দেশ প্ৰেমিক, এজন ভবিস্যত দ্ৰষ্টা। এগৰাকী দাৰ্শনিকৰ দৰেই আছিল তেওঁৰ গুৰু গম্ভীৰ কথা বতৰা, চিন্তাৰ গভীৰতা। এইয়া মই কোৱা কথা নহয়, আতাউৰ ৰহমানৰ সান্নিধ্যলৈ অহা সকলো ব্যক্তিৰেই সেই একেই কথা। অসমৰ বেছিভাগ মানুহেই তেওঁক এজন ৰাজনীতিক হিচাপেহে জানে। ৰাজনীতিৰ বাহিৰেও যে তেওঁৰ আৰু এটা  জীৱন আছিল সেই সম্পৰ্কে বহু কম মানুহেই জানে আৰু জানে যদিও বহুতেই তেখেতৰ মূল্যায়ন কৰিব নোৱাৰে। আমাৰ বোধেৰে ৰাজনীতিৰ বৃত্তৰ পৰা ওলাই গৈ আমি তেখেতৰ জীৱনাদৰ্শৰ যি দুটা দিশত গুৰুত্ব দিব  লাগে সেইয়া হৈছে  তেওঁৰ অধ্যয়ন পিপাসা, অসাধাৰণ পান্ডিত্য আৰু সংমিশ্ৰনৰ জড়িয়তে এখন  সহনশীল সমাজৰ ধাৰণা।

জন্মৰ ফালৰ পৰা তেওঁ আছিল এজন খেতিয়কৰ ল’ৰা। যোৱা শতিকাৰ ত্ৰিশৰ দহকতেই সৰভোগৰ উত্তৰফালে অৱস্থিত প্ৰত্যন্ত গাওঁ জামাদাৰবৰীৰ পৰা বৰপেটা চহৰলৈ আহিছিল স্কুলীয়া শিক্ষা লাভৰ বাবে। স্কুলীয়া শিক্ষাৰ পৰিক্ৰমা আছিল চমকপ্ৰদ।  অসমীয়া আৰু পাৰ্চী বিষয়ত লেটাৰ সহ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ। বৰপেটা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আলোচনী আমিৰ সৰ্ব প্ৰথম সম্পাদক। কটন কলেজৰ পৰা ডিষ্টিংচন লৈ বি,এ,পাছ আৰু তাৰ পিছত আকৌ উচ্চ শিক্ষাৰ বাবে আলীগড় বিশ্ববিদ্যালয়। আজিৰপৰা চাৰিকুৰি বছৰ আগত আতাউৰ ৰহমান চাহাবৰ উচ্চ শিক্ষাৰ এই ধাউতি আৰু শৈক্ষিক কেৰিয়াৰত দেখুওৱা চমকপ্ৰদ ফলাফলেই প্ৰমাণ কৰে যে তেখেত আছিল এগৰাকী অসাধাৰণ বুদ্ধিমত্তাৰ ব্যক্তি।  স্বাধীনতা পোৱালৈকে অসমত কোনো উচ্চ শিক্ষাৰ অনুষ্ঠান নাছিল। সেই সময়ত অসমৰ বাহিৰলৈ গৈ যিবিলাক মুছলমান লোকে উচ্চ শিক্ষা লাভ কৰি অসমলৈ ঘূৰি আহি ৰাইজৰ সেৱাত মনো নিবেশ কৰিছিল সেই সকলৰ মাজত প্ৰয়াত জননেতা আতাউৰ ৰহমান আছিল  অন্যতম। আমি জনামতে আতাউৰ ৰহমান যেতিয়া উচ্চশিক্ষাৰ কাৰণে আলীগড় বিশ্ব বিদ্যালয়লৈ গৈছিল ঠিক সেই সময়তেই নগাওঁ জিলাৰ পৰাও আৰু দুজন ব্যক্তি আলীগড়লৈ গৈছিল উচ্চশিক্ষাৰ কাৰণে। তেওঁলোক আছিল বিশিষ্ট ৰাজনীতিক প্ৰয়াত মহম্মদ ইদ্ৰিছ আৰু প্ৰয়াত অধ্যক্ষ মহঃ আব্দুল হাই। তিনিওজন ব্যক্তি সমসাময়িক আছিল আৰু তিনিওজনে আলীগড় বিশ্ব বিদ্যালয়ত প্ৰায় একেলগে ইতিহাস বিষয়ত সুখ্যাতিৰে  স্নতোকোত্তৰ ডিগ্ৰী আৰু আইনৰ স্নাতক ডিগ্ৰী লৈ অসমলৈ উভতি আহিছিল। আতাউৰ ৰহমান আৰু মহম্মদ ইদ্ৰিছে যেতিয়া ৰাজনীতিৰ জড়িয়তে সমাজ সেৱা কৰিবলৈ ওলাই গৈছিল তেতিয়া মহঃ আব্দুল হাই শিক্ষকতাকেই জীৱনৰ ব্ৰত হিচাপে বাচি লৈছিল। প্ৰথমে তেওঁ নগাওঁ কলেজৰ অধ্যাপনা কৰে আৰু পিছলৈ গৈ দেবকান্ত বৰুৱাৰ অনুৰুধ ক্ৰমে আনন্দৰাম ঢেকিয়াল ফুকন কলেজ স্থাপন কৰি প্ৰতিষ্ঠাপক অধ্যক্ষ হয়। জীৱনৰ শেষচোৱালৈকে তেওঁ সেইখন কলেজৰ অধ্যক্ষ হিচাপে অতিবাহিত কৰিছিল আৰু এজন বিশিষ্ট শিক্ষাবিদ হিচাপে সমগ্ৰ দেশতেই বন্দিত হৈছিল।  

উচ্চ শিক্ষা শেষ কৰি আহি আতাউৰ ৰহমানে জীৱনটো আৰম্ভ কৰিছিল কটন কলেজত অধ্যাপনাৰ মাজেৰে।  ইচ্ছা কৰিলে কটন কলেজত অধ্যাপনা কৰিয়েই তেওঁ সুখে শান্তিৰেই জীৱন যাপন কৰিব পাৰিলেহেঁতেন। কিন্তু দেশ সেৱাৰ কাৰণে, সমাজ সেৱাৰ কাৰণেই তেওঁ ৰাজনীতিৰ পথাৰলৈ গ’ল। কিন্তু তেওঁৰ জ্ঞান, প্ৰজ্ঞা আৰু বিশাল ব্যক্তিত্ব অনুসৰি ৰাজনীতিত তেওঁ সম্পূৰ্ণ সফল হৈছিল বুলি ক’ব নোৱাৰি। ৰাজনৈতিক জীৱনৰ প্ৰাথমিক পৰ্যায়ত তেওঁ মৌলানা আব্দুল হামিদ খান ভাছানীৰ সান্নিধ্যলৈ আহিছিল। ভাছানীৰ আহ্বানত ১৯৪৪ চনত বৰপেটাত মুছলিম লীগৰ যি অভিবৰ্তন হৈছিল তাৰ আহ্বায়ক সমিতিৰ সম্পাদকৰ দায়িত্ব দিয়া হৈছিল আতাউৰ ৰহমান চাহাবক। কিন্তু দূৰদৰ্শী ৰহমান চাহাবে স্বাধীন ভাৰত বৰ্ষত সাম্প্ৰদায়ক ৰাজনীতিৰ কোনো প্ৰাসংগিকতা নাথাকিব বুলি খুউব সোনকালেই বুজি পাইছিল আৰু লীগৰ ৰাজনীতি ত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছিল। ১৯৫২ চনত তেওঁ উত্তৰ কামৰূপ সমষ্টিৰ পৰা নিৰ্বাচনত পাহাৰ খানৰ লগত পৰাস্ত হৈছিল। ১৯৭৮ চনত বিধান সভা নিৰ্বাচনত জনীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলি তেওঁ পৰাজিত হৈছিল আব্দুছ ছোবাহানৰ হাতত। অৱ্শ্যে ইয়াৰ মাজত তেওঁ দুবাৰ বিধান সভালৈ নিৰ্বাচিত হৈছিল। তেওঁ অসম বিধান সভাৰ উপাধ্যক্ষ পদত অধিষ্ঠিত হৈছিল আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ মন্ত্ৰী সভাত কৃষি মন্ত্ৰী হিচাপে কাম কৰি যথেষ্ট কৰ্ম দক্ষতাৰ পৰিচয়ো দিছিল। জীৱনৰ শেষচোৱালৈকে তেওঁ নীতি, আদৰ্শ আৰু মূল্যবোধৰ ৰাজনীতিত বিশ্বাস কৰিছিল।  দুটামান ভোট পোৱাৰ আশাত কাকো সন্তুষ্ট কৰাৰ কাৰণে কোনো কথা তেওঁ কেতিয়াও কোৱা নাছিল। তেওঁ কাকো কেতিয়াও মিছা আশ্বাস দিয়া নাছিল আৰু প্ৰতিটো প্ৰতিকূল অৱস্থাতো সদায় সচাঁ আৰু উচিৎ কথাটোৱেই কৈছিল। যাৰ বাবে বহু মানুহে তেওঁক ভুল বুজিছিল, অহংকাৰী বুলি ভাবিছিল। এনেবোৰ কাৰণতেই কেৱল ৰাজনৈতিক ক্ষেত্ৰতেই নহয়, সামাজিক, শৈক্ষিক আৰু বৌদ্ধিক ক্ষেত্ৰতো জীৱিত থকালৈকে আতাউৰ ৰহমানৰ চিন্তা, চেতনা, বিশাল ব্যক্তিত্ব আৰু প্ৰাসংগিকতা সমাজৰ বহুতেই বুজি নাপালে। দৰাচলতে তেওঁ সময়ৰ বহুত আগতেই জন্ম লৈছিল। এতিয়া আমি দেখি আছো আৰু অনুভৱ কৰি আছো যে সময় পাৰ হৈ যোৱাৰ লগে লগে ৰহমান চাহাবৰ জনপ্ৰিয়তা  আৰু প্ৰাসংগিকতা বৃদ্ধি হৈ গৈ আছে। অসমৰ মুছলমান সকলে জননেতা আতাউৰ ৰহমানৰ আদৰ্শ অনুসৰণ কৰি চলিলে তেওঁলোকৰ বহুতো সমস্যাই নোহোৱা হ’ব বুলি ন দি ক’ব পাৰি।

কটন কলেজ, মাধব চৌধুৰী মহাবিদ্যালয়, বৰপেটা আইন মহাবিদ্যালয়, মন্দিয়া আঞ্চলিক কলেজ আদি শিক্ষাননুষ্ঠানবোৰত শিক্ষকতা কৰি তেওঁ এগৰাকী সফল শিক্ষকৰ চিনাকি দিছিল। সমষ্টিৰ ভিতৰে বাহিৰে শিক্ষিত যুবক যুৱতী সকলক তেওঁ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰাৰ কাৰণে উদগনি দিছিল, বহুতকে সহায় সাহায্য কৰিছিল। শিক্ষাৰ প্ৰতি ধাউতি থকাৰ কাৰণেই, জ্ঞান চৰ্চাৰ প্ৰতি আগ্ৰহ থকাৰ কাৰণেই আৰু সংবাদ মাধ্যমৰ ক্ষমতা আৰু গুৰুত্ব বুজি পোৱাৰ কাৰণেই সেই ষাঠিৰ দহকতেই আতাউৰ ৰহমানে আজান পত্ৰিকা স্থাপনৰ বাবে আগভাগ লৈছিল। সেই সময়ত কলেজীয়া ছাত্ৰ চেনীমাৰীৰ ইলিম উদ্দিন দেৱানে কিছুদিন আগৰ পৰাই এখন পত্ৰিকাৰ কথা চিন্তা কৰি আছিল। এই কথা জানিব পাৰি ৰহমান চাহাবে ইলিমুদ্দিন দেৱানক মাতি আনিলে আৰু তেওঁৰ চৰা ঘৰতেই আজান পত্ৰিকাৰ প্ৰথমখন সভা অনুষ্ঠিত হ’ল। ইলিম উদ্দিন দেৱানে লিখি থৈ যোৱা মতে সেই প্ৰথমখন সভাতেই ৰহমান চাহাবে আজান পত্ৰিকাৰ প্ৰাৰম্ভিক প্ৰস্তুতিৰ বাবে পঁচিছ টকা বৰঙণি আগবঢ়াইছিল। এনেদৰে আজান পত্ৰিকা যদি ইলিম উদ্দিন দেৱানৰ মানস পুত্ৰ আছিল তেনেহ’লে তাৰ অবিভাৱকৰ দায়িত্বত আছিল জননেতা আতাউৰ ৰহমান। জনা যায় যে আজান পত্ৰিকাৰ নামাকৰণো কৰিছিল আতাউৰ ৰহমান নিজেই। ‘আজান’ৰ অৰ্থ হৈছে আহ্বান। নকলেও হ’ব যে  এই ’আজান’ নামটো কেৱল পৰিচিত আৰু আকৰ্ষণীই নহয়, নামটোৱে অনেক তাৎপৰ্যও বহন কৰে। অজ্ঞান-অন্ধকাৰত নিমজ্জিত এখন সমাজক আলোকৰ সন্ধান দিবলৈ, সামাজিক আৰু ৰাজনৈতিক ভাবে অচেতন অবস্থাত থকা এখন সমাজৰ মাজত চেতনাৰ সঞ্চাৰ কৰি নিৰ্বিকাৰ সমাজখনক জগাই তোলাৰ বাবে আজান আছিল এক আহ্বান। ১৯৬৫ চনৰ পৰা ১৯৯২ চনলৈকে ধাৰাবাহিক ভাবে প্ৰকাশ পাইছিল এই আজান পত্ৰিকা। প্ৰথমে তিনিমহীয়া আৰু শেষলৈ গৈ মাহেকীয়া হিচাপে প্ৰকাশ পাইছিল আজান পত্ৰিকা। আমাৰ দেউতা মৰহুম আলহাজ হুছেইন আছিল সৰকাৰ আছিল আজান পত্ৰিকাৰ নিয়মীয়া গ্ৰাহক। প্ৰতিমাহে আমাৰ বাঘবৰৰ(সুতিৰপাৰ) ঘৰলৈ ডাক যোগে গৈ পাইছিল আজান। তেতিয়া আমি স্কুলীয়া ছাত্ৰ। লিখা মেলা একো বুজি নাপাওঁ। দেউতাৰ মুখত ৰহমান চাহাবৰ কথা শুনো আৰু আজান পত্ৰিকাৰ পাতত ছপা হোৱা ৰহমান চাহাবৰ ফটোবোৰ চাই থাকো। ডাঙৰ হৈ পিছলৈ কলেজত পঢ়িবলৈ আহিহে ৰহমান  চাহাবৰ বিশাল ব্যক্তিত্বৰ কিছু কিছু ভূ পাবলৈ আৰম্ভ কৰিছিলোঁ।

 আজানৰ প্ৰায় প্ৰতিটো সংখ্যাতেই ৰহমান চাহাবৰ লিখা প্ৰকাশ পাইছিল। সেই লিখাবোৰ আছিল ন-অসমীয়া মুছলমান জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু শিক্ষাৰ সমস্যাৰ ওপৰত; এতিয়া যিটো জনগোষ্ঠীক অসমীয়া মিঞা জনগোষ্ঠী বুলি জনা যায়। কেৱল আজান পত্ৰিকাতেই নহয়, আজানৰ উপৰিও তেওঁ নীলাচল, জাগৰণ আৰু দিল্লীৰ পৰা প্ৰকাশিত ৰেডিয়াঞ্চ পত্ৰিকাতো লিখা মেলা কৰিছিল। এম ইলিমুদ্দিন দেৱানৰ দ্বাৰা ৰচিত দুকুৰি গ্ৰন্থৰ পোন্ধৰখন গ্ৰন্থৰ ভূমিকাই লিখিছিল আতাউৰ ৰহমানে। এনেদৰে বিভিন্ন ঠাইত সিচঁৰিত হৈ আছে তেওঁৰ বহুতো মুল্যবান লিখনি–যিবিলাক লিখনি কেৱল এজন প্ৰকৃত বুদ্ধিজীৱিৰ কলমৰ পৰাহে ওলাব পাৰে। ৰাজনৈতিক জীৱনৰ সমান্তৰালকৈ তেওঁ আছিল এজন গ্ৰন্থকীট, সময় পালেই তেওঁ গ্ৰন্থ অধ্যয়ন কৰিছিল। সীমাহীন ব্যস্ততাৰ মাজতো তেওঁ কেবাখনো গ্ৰন্থ ৰচনা কৰিছিল। ‘ভাৰত ভ্ৰমিলো’ আৰু ‘মোৰ দৃষ্টিত অসম আন্দোলন’ তেওঁৰ দুখন উল্লেখযোগ্য আৰু বহু পঠিত গ্ৰন্থ। অসমৰ চৰ-চাপৰি সমাজত প্ৰচলিত আৰু ইতিমধ্যে হেৰাই যাবলৈ ধৰা সাধুকথা কিছুমান সংগ্ৰহ কৰি ‘ৰহিম-ৰূপভানুৰ সাধু’  নামৰ গ্ৰন্থ এখন অসম  সাহিত্য সভাই প্ৰকাশ কৰিছিল। সাধুকথাৰ এই পুথিখন যুগুত কৰি উলিয়াইছিল তিনিজন ব্যক্তিয়ে–আতাউৰ ৰহমান, ইলিম উদ্দিন দেৱান আৰু ৰহমান চাহাবৰ জোৱাই অসমৰ প্ৰাক্তন ৰাজ্যিক শিক্ষা মন্ত্ৰী ইব্ৰাহিম আলীয়ে।  সেই কাৰণেই সেই পুথিখনৰ লেখকৰ নাম দিয়া হৈছিল ৰহমান আলী দেৱান বুলি। এই কথাষাৰ  এই লেখক জানিব দিছিল সুসাহিত্যিক এম ইলিম উদ্দিন দেৱানে।

বুদ্ধিজীৱি হিচাপে আতাউৰ ৰহমানৰ ভূমিকা আছিল দিক নিৰ্ণয়কাৰী। তেওঁ ইতিহাসৰ এনে এটা সন্ধিক্ষণত অৱস্থান কৰিছিল যে য’ৰ পৰা অসমত বসবাস কৰি অহা বংগীয়মূলৰ মুছলমানখিনিৰ ভবিস্যত সম্পৰ্কে এটা সঠিক সিদ্ধান্ত লোৱাৰ প্ৰয়োজন হৈ পৰিছিল। সিদ্ধান্ত লব লগা হৈছিল যে দেশ বিভাজনৰ পিছতো যিখিনি মুছলমান  মানুহ পাকিস্থানলৈ নগৈ ভাৰত তথা অসমকেই মাতৃভূমি বুলি মাটি খামুচি পৰি থাকিল সেই মানুহখিনি অসমীয়া মুছলমান হ’ব নে বঙালী মুছলমান হৈ থাকিব? সিদ্ধান্ত লব লগা হৈছিল যে লোক পিয়লত এই মানুহখিনিয়ে মাতৃভাষা কি বুলি লিখিব? অসমীয়া ভাষী হ’ব নে বাংলা ভাষী হ’ব। আতাউৰ ৰহমানে এই মানুহখিনিয়ে অসমীয়াক মাতৃভাষা বুলি লিখি মনে প্ৰাণে অসমীয়া হৈ যোৱাটো বিচাৰিছিলে। হোমেন বৰগোহাঞি আৰু অন্যান্য সকলৰ লগত সহমত পোষণ কৰি যদিও তেওঁ এই লোকগোষ্ঠীক ন-অসমীয়া বুলি সম্বোধন কৰিছিল, তথাপি তেওঁ ভাবিছিল যে সময়ৰ সোঁতত ন শব্দটো নাইকিয়া হৈ যাব আৰু মানুহবোৰ হাৰে হিমজুৱে অসমীয়া হৈ যাব।  আতাউৰ ৰহমানে যি সিদ্ধান্ত লৈছিল সেই সিদ্ধান্ত এতিয়ালৈকে সঠিক বুলিয়েই প্ৰমাণিত হৈছে। 

দেশ বিভাজনৰ সময়ত অসমৰ চৰ-চাপৰিৰ জনগণে যি এটা বিৰাট ৰাজনৈতিক আৰু সামজিক ধুমুহাৰ সন্মুখীন হৈছিল, ১৯৭৯ চনৰ পৰা আৰম্ভ হোৱা অসমৰ বিদেশী বহিস্কাৰ আন্দোলনৰ সময়তো তেওঁলোকে ঠিক অনুৰূপ এটা ৰাজনৈতিক আৰু সামাজিক সমস্যাৰ সন্মুখীন হৈছিল। বস্তুত ১৯৪৮ আৰু ১৯৫০ চনৰ ধুমুহাতকৈ অসম আন্দোলনৰ ধুমুহা আছিল সংখ্যালঘু সকলৰ কাৰণে বহু বেচি ক্ষতিকৰ। কিন্তু  বিৰাট ৰাজনৈতিক আৰু সামাজিক ধুমুহাৰ মোকাবিলা কৰিবলৈ চৰ-চাপৰিৰ ৰাজনৈতিক নেতা আৰু নাগৰিক সমাজ মুঠেও সাজু নাছিল। আজিৰ পৰা দুকুৰি বছৰ আগৰ অসমীয়া মিঞা সমাজখন আছিল বহু পৰিমাণে স্থবিৰ, শিক্ষাৰ হাৰ কম আছিল। মানুহবোৰ ৰাজনৈতিক ভাবে সচেতন নাছিল। দৰাচলতে, অসমৰ চৰচাপৰিৰ সমাজখনত তেতিয়ালৈকে কোনো চিন্তাশীল নাগৰিক সমাজ অথবা বৌদ্ধিক সমাজ গঢ়ি উঠা নাছিল। অসম আন্দোলনৰ সময়ত তেওঁৰ জনগোষ্ঠীটোৰ ওপৰত হোৱা অন্যায় আৰু নিৰ্যাতনক লৈ, এই জনগোষ্ঠীটোৰ ভবিস্যত লৈ তেওঁ খুবেই চিন্তিত আছিল। বিশেষকৈ ১৯৭৮ বিধান সভাৰ নিৰ্বাচনত অধ্যাপক আব্দুছ ছোবাহানৰ হাতত পৰাস্ত হৈ তেওঁ বহুখিনি মানসিক ভাবে ভাঙি পৰিছিল।  জীৱনৰ শেষৰ বছৰ কেইটাত তেওঁ হৈ পৰিছিল খুবেই অকলশৰীয়া। যেন তেওঁৰ মনোভাৱ বুজি পাবলৈ কাষত কোনেও নাছিল। প্ৰতিদিন বহুখিনি সময় তেওঁ ঘৰৰ বাৰান্দাত হেলনীয়া চিয়াৰত বহি থাকি সময় কটাইছিল। সন্ধিয়া পৰত কেতিয়াবা সাহিত্যিক এম ইলিম উদ্দিন দেৱান আহিছিল। দেৱান চাহাবৰ লগত দেশৰ সমস্যাৰ কথা পাতিছিল, জনগোষ্ঠীয় অপায় অমংগলৰ কথা পাতিছিল। তেখেতৰ সেই দুৰ্দিনৰ সময়ত ইলিম উদ্দিন দেৱানৰ বাদে অন্য কোনো মানুহ খুউব এটা অহা পৰিলক্ষিত হোৱা নাছিল। ইলিমুদ্দিন দেৱান আছিল ৰহমান চাহাবৰ সেই কঠিন সময়ৰ সংগী, অকৃত্ৰিম ভক্ত। 

তেওঁৰ জনগোষ্ঠীয় মানুহবোৰে  যাতে মূলসুঁতিৰ মানুহবোৰৰ লগত সমন্বয়, শান্তি আৰু সম্প্ৰীতি বজাই  ৰাখি চিৰদিন চিৰকাল বসবাস কৰিব পাৰে সেইয়াই আছিল তেওঁৰ সমগ্ৰ কৰ্ম জীৱনৰ মূলমন্ত্ৰ। শান্তি, সম্প্ৰীতি বজাই ৰাখি এটা মিশ্ৰ্ৰ সমাজ গঢ়ি তোলাৰ বাবে তেওঁ আজীৱন চেষ্টা কৰিছিল। জীৱনৰ শেষ সময় চোৱাত হাতৰ মুঠিত আহি ধৰা দিয়া এটা সোণালী সুযোগো তেওঁ কেৱল সামাজিক সম্প্ৰীতিৰ বাবে উচৰ্গা কৰি গ’ল।  ছাত্ৰ সস্থা আৰু অসম গণ সংগ্ৰাম পৰিষদে ১৯৮০ চনৰ লোক সভাৰ নিৰ্বাচন বৰ্জন কৰিছিল। কোনো প্ৰাৰ্থীয়ে যাতে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰে তাৰ বাবে আন্দোলনকাৰী সকলে প্ৰাৰ্থী সকলৰ ঘৰবোৰ ঘেৰাও কৰি ৰাখিছিল। ইপিনে কংগ্ৰেছ এছ দলৰ পৰা আতাউৰ ৰহমান চাহাবক দলীয় প্ৰাৰ্থীত্ব দিয়া হৈছিল নিৰ্বাচন খেলাৰ বাবে। আন্দোলন কাৰী সকলৰ বাধা স্বত্ত্বেও কংগ্ৰেছ ই দলৰ প্ৰাৰ্থী বেগম আবিদা আহমেদে মনোনয়ন দাখিল কৰিবলৈ বৰপেটালৈ আহে আৰু এনেদৰে আহোতে আন্দোলনকাৰী সকলৰ লগত  সংঘৰ্ষ হৈ ভবানীপুৰত খৰ্গশ্বৰ তালুকদাৰ শ্বহীদ হয়। বেগম আবিদা আহমেদে মনোনয়ন  পত্ৰ দাখিল দিয়াৰ পিছত  আন্দোলন কাৰী সকলে ৰহমান চাহাবকো ঘৰৰ পৰা মাতি নি মনোনয়ন দিবলৈ দিয়ে। বেগম আবিদা আহমেদৰ  মনোনয়ন বাতিল হোৱাৰ পিছত আন্দোলনকাৰী সকলৰ অনুৰুধ আৰু আবেগলৈ লক্ষ ৰাখি তেখেতেও মনোনয়ন উঠাই লয়। মনোনয়ন পত্ৰ উঠাই নললে তেওঁ বিনা প্ৰতিদন্দিতাত সাংসদ হ’ব পাৰিলেহেতেন, হয়তো মন্ত্ৰীও হ’ব পাৰিলে হেতেন। কিন্তু কেৱল সমাজত শান্তি, সম্প্ৰীতি আৰু ভাতৃত্ববোধ বজাই ৰখাৰ স্বাৰ্থতেই তেওঁ নিৰ্বিকাৰ চিত্তে সেই সোণালী সুযোগ হাতৰ পৰা যাবলৈ দিয়ে। সাম্প্ৰতিক সময়ৰ ৰাজনীতিৰ পথাৰত এনে ত্যাগৰ নিদৰ্শন বিৰল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here